ETV Bharat / bharat

Cyber crime in Hyderabad : হায়দৰাবাদত যুৱতীৰ পৰা প্ৰৱঞ্চকে লুটিলে ১৮ লাখ টকা

author img

By

Published : Jan 4, 2023, 11:44 AM IST

হায়দৰাবাদৰ এটা আই টি কোম্পানীত ছফ্টৱেৰ অভিযন্তা হিচাপে কৰ্মৰত যুৱতীগৰাকী । শুল্ক বিষয়া আৰু চিবিআই বিষয়া বুলি পৰিচয় দি প্ৰৱঞ্চকে লুটিলে ১৮ লাখ টকা (Cybercriminals looted Rupees 18 lakhs)। চাইবাৰ ক্ৰাইম আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

Cyber crime in Hyderabad
হায়দৰাবাদত যুৱতীৰ পৰা প্ৰৱঞ্চকে লুটিলে ১৮ লাখ টকা

নেশ্যনেল ডেস্ক,৪ জানুৱাৰী : দেশত চাইবাৰ অপৰাধৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে (Cyber crime in India)। চাইবাৰ অপৰাধীৰ কৱলত পৰি লাখ লাখ লোকে নিজৰ সাঁচতীয়া ধন হেৰুৱাইছে । এইবাৰ হায়দৰাবাদত চাইবাৰ প্ৰৱঞ্চকৰ জালত পৰি ১৮ লাখ টকা হেৰুৱালে এগৰাকী যুৱতীয়ে (Cybercriminals looted Rupees 18 lakhs from a girl)। ঘটনা সন্দৰ্ভত ইতিমধ্যে চাইবাৰ ক্ৰাইম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে দেশত অনলাইন লেনদেনৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে (Online transactions increase in India)। ইয়াৰ সুযোগ লৈছে চাইবাৰ প্ৰৱঞ্চকসকলে । বিশেষকৈ মহিলা, জ্যেষ্ঠ নাগৰিক আদিক প্ৰায়ে লক্ষ্য কৰি লয় প্ৰৱঞ্চকে । এইবাৰ হায়দৰাবাদৰ এটা আই টি কোম্পানীৰ এগৰাকী ছফ্টৱেৰ অভিযন্তা যুৱতীক প্ৰৱঞ্চনাৰ জালত পেলালে প্ৰৱঞ্চকৰ দলে ।

জানিব পৰা মতে হায়দৰাবাদৰ এল.বি নগৰৰ যুৱতীগৰাকীয়ে যোৱা মাহত এটা ফোন কল পাইছিল । নিজকে শুল্ক বিষয়া বুলি পৰিচয় দি চাইবাৰ অপৰাধীয়ে যুৱতীগৰাকীলৈ ফোন কৰিছিল । যুৱতীগৰাকীক কৈছিল যে তেওঁৰ নামত অহা এটা পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে । যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলি লোকজনে ভাবুকি দিছিল । কিছু সময় পাছত লোকজনে পুনৰ যুৱতীগৰাকীলৈ ফোন কৰিছিল আৰু কৈছিল যে যদিহে গোচৰ ৰুজু কৰিব নালাগে তেনেহ'লে তেওঁ চিবিআইৰ বিষয়াৰ সৈতে কথা পাতিব লাগিব আৰু এক গোপন চুক্তি কৰিব লাগিব ।

ৰাচাকোণ্ডা চাইবাৰ ক্ৰাইম আৰক্ষীয়ে জনোৱা মতে কিছু সময় পাছত যুৱতীগৰাকীলৈ আন এগৰাকী ব্যক্তিয়ে ফোন কৰিছিল । বেলেগ এটা নম্বৰৰ পৰা ফোন কৰি আন এজন লোকে যুৱতীগৰাকীক কৈছিল যে তেওঁ এগৰাকী চিবিআই বিষয়া । যুৱতীগৰাকীৰ পাৰ্চেলটোত যিহেতু ড্ৰাগছ পোৱা গৈছে তেওঁৰ বিৰুদ্ধে গোচৰ দিয়া হ'ব, যদিহে গোচৰ দিব নালাগে তেনেহ'লে এক গোপন চুক্তি কৰিব লাগিব ।

চুক্তিৰ বাবে যুৱতীগৰাকীয়ে কিছু টকা পৰিশোধ কৰিব লাগিব । আনকি লোকজনে নিজকে চিবিআই বিষয়া হিচাপে চিনাকি দিবলৈ এখন আইডি কাৰ্ড আৰু এখন চুক্তিৰ দলিলো যুৱতীগৰাকীৰ হোৱাটছএপলৈ প্ৰেৰণ কৰিছিল ।

ইয়াৰ পাছতে যুৱতীগৰাকীয়ে ভয় খাই দুটা কিস্তিত প্ৰৱঞ্চকলৈ ৫ লাখ টকা প্ৰেৰণ কৰিছিল । কিন্তু বেংকৰ প্ৰতিনিধিসকলে যুৱতীগৰাকীৰ লেনদেন সন্দেহজনক হোৱাৰ বাবে অস্থায়ীভাৱে একাউণ্টটো ব্লক কৰি দিছিল । তেনে পৰিস্থিতিত টকা প্ৰেৰণ কৰাটো সম্ভৱ হোৱা নাছিল । এইবাৰ চাইবাৰ অপৰাধীয়ে যুৱতীগৰাকীৰ একাউণ্টটো আনব্লক কৰে আৰু ১৩ লাখ টকা লুণ্ঠন কৰি লৈ যায় (Cybercriminals looted software engineer) ।

চাইবাৰ অপৰাধীয়ে যুৱতীগৰাকীৰ পৰা ৬ ঘণ্টাৰ ভিতৰত মুঠ ১৮ লাখ টকা উলিয়াই লৈ যায় । ইয়াৰ পাছতো যুৱতীগৰাকীক আৰু অধিক ধন প্ৰেৰণ কৰিবলৈ ভাবুকি দিছিল প্ৰৱঞ্চকে । কিন্তু যুৱতীগৰাকীৰ সন্দেহ হোৱাত অৱশেষত তেওঁ ৰাচাকোণ্ডা চাইবাৰ ক্ৰাইম আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Husband suicide for wife conspiracy: পত্নীৰ যড়যন্ত্ৰৰ বলি হৈ স্বামীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.