ETV Bharat / bharat

AEPS fraud case: সাৱধান ! বায়’মেট্ৰিক ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে লুটিছে ধন

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:15 AM IST

কৰ্ণাটকত চাইবাৰ প্ৰৱঞ্চকে আঙুলিৰ চাপ ব্যৱহাৰ কৰি বেংকৰ পৰা লুটিলে ধন ৷ 20 হাজাৰ টকা লুটি নিলে এগৰাকী মহিলাৰ পৰা ৷ AEPS ৰ জৰিয়তে জালিয়তি সংঘটিত কৰিলে অপৰাধীয়ে ৷ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু ৷

AEPS fraud case
বায়’মেট্ৰিক ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে লুটিলে ধন

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ: দেশত চাইবাৰ অপৰাধৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে । চাইবাৰ অপৰাধীৰ কৱলত পৰি সাঁচতীয়া ধন হেৰুৱাইছে লাখ লাখ লোকে । এইবাৰ কৰ্ণাটকত সংঘটিত হ’ল এই প্ৰৱঞ্চনাৰ ঘটনা ৷ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে একাউণ্টৰ গৰাকীৰ অজ্ঞাতে গৰাকীৰ বেংক একাউণ্টৰ পৰা 20 হাজাৰ টকা লুটিলে প্ৰৱঞ্চকে । আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাজ্যত এইটোৱেই হৈছে আধাৰ সক্ষম পেমেণ্ট চিষ্টেম (AEPS) জালিয়াতিৰ প্ৰথমটো গোচৰ । হাইগ্ৰাউণ্ড আৰক্ষী থানাত এই সন্দৰ্ভত ৰুজু হৈছে এটা গোচৰ ।

লক্ষণীয় বিষয় যে, চাইবাৰ অপৰাধীয়ে নিত্য নতুন ধৰণে জনসাধাৰণক প্ৰতাৰণা কৰাৰ বাবে আয়ত্ত কৰিছে কৌশল । ৰাজ্যখনৰ বসন্তনগৰ নিবাসী সুনিতা ৰবিকুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আই টি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিছে । সুনীতা নামৰ ভুক্তভোগী গৃহকৰ্মীগৰাকী ভাড়াঘৰত থাকে ।

ইউনিয়ন বেংকত একাউণ্ট থকা সুনীতাই 6 ছেপ্টেম্বৰত 10 হাজাৰ আৰু 7 ছেপ্টেম্বৰত 10 হাজাৰ কৰ্তনৰ বিষয়ে দুটা মেছেজ পাইছিল । অৱশ্যে সাধাৰণতে অহাৰ দৰে কোনো OTP নাহিল সুনীতাৰ মোবাইললৈ ৷ এই কথাত সুনীতা আচৰিত হৈ পৰিল । ইয়াৰ পিচতে মহিলাগৰাকীয়ে বেংকলৈ যায় আৰু AEPS ৰ জালিয়াতি সন্দৰ্ভত সোধা-পোছা কৰে ।

সহজ ভাষাত ক’বলৈ গ’লে AEPS হৈছে এনে এক ব্যৱস্থা য’ত বেংক একাউণ্ট আধাৰ একাউণ্ট একত্ৰিত কৰি বায়’মেট্ৰিক ব্যৱহাৰ কৰি ধন স্থানান্তৰ বা উলিওৱা হয় । আধাৰ কাৰ্ডধাৰীয়ে আধাৰ কাৰ্ডৰ নম্বৰ আৰু বায়’মেট্ৰিক পৰীক্ষা কৰি ধনৰ লেনদেন কৰিব পাৰিব । আৰক্ষীৰ তদন্তৰ সময়ত চাইবাৰ চোৰে মহিলাগৰাকীৰ বায়’মেট্ৰিক ব্যৱহাৰ কৰি ধন প্ৰতাৰণা কৰা বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে জনায় যে মহিলাগৰাকীৰ অজ্ঞাতে তেওঁৰ আঙুলিৰ ছাপৰ আৰ্হি ব্যৱহাৰ কৰি চোৰে ধন উলিয়াই নিছে । এই সন্দৰ্ভত মহিলাগৰাকীক সোধাত তেওঁ কয় যে ডাভাংগেৰেত সম্পত্তি বিক্ৰীৰ সংশ্লিষ্ট ব্যক্তিসকলে বায়’মেট্ৰিক লাভ কৰিছে । আৰক্ষীয়ে তেওঁলোকক জাননী জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

জনসাধাৰণে কি কৰিব লাগে ?

AEPS ব্যৱস্থাৰ জৰিয়তে ধনৰ বিনিময় বা উলিওৱাৰ সময়ত বেংক একাউণ্টধাৰীয়ে কোনো কাৰণত আধাৰ কাৰ্ড নম্বৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ ভাগ-বতৰা কৰিব নালাগে । বায়’মেট্ৰিক্সৰ জৰিয়তে আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ কপি সংগ্ৰহ কৰা চাইবাৰ চোৰে চৰকাৰী ৱেবছাইটৰ জৰিয়তে আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰি শোষণ কৰিব । পিন নম্বৰ বা পাছৱৰ্ড শ্বেয়াৰ নকৰিব । অপ্ৰয়োজনীয় লিংকত ক্লিক নকৰিব আপোনাৰ মোবাইল বা কম্পিউটাৰৰ এন্টিভাইৰাছ চফটৱেৰ সময়ৰ লগে লগে আপডেট কৰক ।

লগতে পঢ়ক: Uniform Civil Code: ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা নাগালেণ্ড চৰকাৰৰ, প্ৰস্তাৱ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.