ETV Bharat / bharat

Insurance Money Robbing : চাইবাৰ কলাৰৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখক আপোনাৰ বীমাৰ ধন

author img

By

Published : Nov 21, 2022, 7:44 PM IST

আজিকালি চাইবাৰ অপৰাধীসকলে নিৰন্তৰ ফোন কৰি বীমা পলিচী হ'ল্ডাৰসকলৰ কঠোৰ পৰিশ্ৰমেৰে ঘটা ধন লুটি লৈ যায় (cyber criminals robbing insurance policy holders) । এই ক্ষেত্ৰত সজাগতাৰ অভাৱ ডিজিটেল প্ৰৱঞ্চকসকলৰ বাবে আশীৰ্বাদ হৈ পৰিছে । কেতিয়াও সন্দেহজনক ই-মেইল লিংক নুখুলিব আৰু যিকোনো লেনদেন সম্পৰ্কীয় কল লাভ কৰাৰ পিছত সদায়ে গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰামৰ্শ ল'ব । আমাৰ বীমাৰ ধন সুৰক্ষিত ৰখাৰ বাবে ইয়াত কিছু পৰামৰ্শ আগবঢ়োৱা হৈছে ।

Insurance fraud
Insurance fraud

নিউজ ডেস্ক, ২১ নৱেম্বৰ : সমগ্ৰ দেশতে চাইবাৰ অপৰাধ (Cyber crimes) উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । বহুতো ভুক্তভোগীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জীৱনজোৰা সঞ্চয় হেৰুৱাইছে । পৰ্যাপ্ত সজাগতাৰ অভাৱ প্ৰৱঞ্চকসকলৰ বাবে আশীৰ্বাদ হৈ পৰিছে । সংবেদনশীল বেংকিং লেনদেন কৰাৰ ক্ষেত্ৰত পৰম সতৰ্কতাৰ প্ৰয়োজন । প্ৰতিবেদন অনুসৰি, সাম্প্ৰতিক সময়ত বীমা প্ৰৱঞ্চনা (Insurance frauds) বৃদ্ধি পাইছে । সেয়ে সকলো প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা অনুসৰণ কৰক ।

বীমা আঁচনিয়ে (Insurance policies) পৰিয়ালবোৰক অপ্ৰত্যাশিত অসুবিধাৰ সময়ত বিত্তীয় সংকটৰ পৰা উদ্ধাৰ কৰে । আমাৰ সকলোৰে জীৱন বীমা পলিচী বা স্বাস্থ্য বা বাহনৰ পলিচা আছে । চাইবাৰ চোৰে ইয়াক এটা সুবিধা হিচাপে লৈছে আৰু নিঃশব্দে তেওঁলোকৰ অপৰাধবোৰ সংঘটিত কৰিছে । তেওঁলোকৰ কাৰ্যপ্ৰণালী হ'ল পলিচী হ'ল্ডাৰসকলক ফোন কৰা আৰু তেওঁলোকৰ পলিচী বাতিল হোৱাৰ বিপদত থকা বুলি কোৱা । তেওঁলোকে এইটোও কয় যে এই পলিচী ক্লেইম (claim) কৰাৰ বাবে মাচুল পৰিশোধ কৰিব লাগিব ।

মানুহে এনে বহুতো ই-মেইল আৰু এছএমএছ বাৰ্তা লাভ কৰে, এনে লাগে যেন সেইবোৰ বীমা কোম্পানীৰ দ্বাৰা প্ৰেৰণ কৰা হয় । উদাহৰণ স্বৰূপে, তেওঁলোকে লিংক এটা প্ৰেৰণ কৰিব পাৰে আৰু পলিচা হ'ল্ডাৰক তেওঁলোকৰ আঁচনি সক্ৰিয় ৰাখিবলৈ তৎক্ষণাৎ প্ৰিমিয়াম পৰিশোধ কৰিবলৈ ক'ব পাৰে । এনে বাৰ্তাবোৰ আঁচনি এখনৰ ম্যাদ উকলি যোৱাৰ এক বা দুই মাহ আগতে আহিব । আমি মন কৰিব লাগিব যে বীমা কোম্পানী এটাই কেতিয়াও পৰিশোধৰ বাবে এনে লিংক প্ৰেৰণ নকৰে । যেতিয়া এনে বাৰ্তা লাভ কৰা হয়, আমি লগে লগে গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰামৰ্শ লোৱা উচিত ।

আজিকালি বহু লোকে অনলাইনত পলিচী গ্ৰহণ কৰি আছে । সকলো আঁচনি বেছিভাগ ডিজিটেল ফৰ্মেটত থাকে, সেয়া বীমা উপদেষ্টাৰ পৰা লোৱাই হওক বা সংশ্লিষ্ট কোম্পানীৰ পৰা পোনপটীয়াকৈ লোৱাই নহওক কিয় । সেয়েহে, ইউজাৰ আইডি আৰু 'ডিমেট একাউণ্ট'ৰ (demat accounts) পাছৱৰ্ড সম্পৰ্কে সৰ্বাধিক সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন । সন্দেহজনক ই-মেইল লিংক (Suspicious email links), মালৱেৰ (malware), কীলগিং ছফ্টৱেৰ (keylogging software) আৰু স্পাইৱেৰে (spyware) প্ৰৱঞ্চকসকলক আপোনাৰ লগইন বিৱৰণ ট্ৰেক কৰাত আৰু আপোনাৰ বীমা আঁচনিৰ বিষয়ে সকলো বিৱৰণ লাভ কৰাত সহায় কৰে ।

'বিনামূলীয়া ৱাইফাই' ব্যৱহাৰ কৰোঁতে সাৱধানতাৰ প্ৰয়োজন । শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে আৰু সেইবোৰ কাৰো সৈতে ভাগ-বতৰা কৰিব নালাগে । পাছৱৰ্ডবোৰ সঘনাই সলনি কৰিব লাগে । বিনামূলীয়া ৱাইফাই ব্যৱহাৰ কৰি বেংক, বিনিয়োগ, বীমা আৰু এনে অনলাইন লেনদেন পৰিহাৰ কৰিব ।

প্ৰৱঞ্চকসকলে পলিচী হ'ল্ডাৰসকলৰ আত্মীয়সকলক তেওঁলোক মনোনীত ব্যক্তি আৰু লাভালাভৰ বাবে যোগ্য বুলি কৈ প্ৰতাৰণা কৰি আহিছে । তেওঁলোকে ব্যক্তিগত আৰু বিত্তীয় তথ্য বিচাৰে, যাতে মুঠ ক্লেইমৰ পৰিমাণ নগদ কৰিব পাৰি । চাইবাৰ চোৰে বেছিভাগ ক্লেইমৰ পৰিমাণ লাভ কৰাৰ বাবে প্ৰাৰম্ভিক আংশিক পৰিশোধ বিচাৰে । বীমা কোম্পানী এটাই কেতিয়াও মনোনীত ব্যক্তিৰ পৰা এনে মাচুল বিচৰা নাই । এনে উদাহৰণ লাভ কৰিলে আমি সংশ্লিষ্ট কোম্পানীৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিব লাগিব ।

কলাৰসকলে "তিনি বছৰৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰিলেই পৰ্যাপ্ত হ'ব, আপোনাৰ ধন দুগুণ হ'ব"ৰ দৰে আকৰ্ষণীয় অফাৰ আগবঢ়াই আহিছে । এনে যিকোনো অফাৰৰ বাবে, পোনপটীয়াকৈ বীমা কোম্পানীৰ অনুমোদিত এজেণ্ট, বিভাগ বা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰামৰ্শ লওক । আমি পলিচী এটা লোৱাৰ আগতে কেনে ধৰণৰ আঁচনি, ইয়াৰ ম্যাদ আৰু প্ৰিমিয়ামৰ বিৱৰণ বিচাৰি উলিয়াব লাগিব । এইটোৱে আমাক চাইবাৰ প্ৰৱঞ্চকসকলক দূৰত ৰখাত সহায় কৰিব । এনে ধৰণৰ কোনো প্ৰৱঞ্চনাৰ ক্ষেত্ৰত লগে লগে আৰক্ষীক তথ্য প্ৰেৰণ কৰক আৰু সংশ্লিষ্ট কোম্পানীলৈ লিখিতভাৱে প্ৰেৰণ কৰক ।

লগতে পঢ়ক :Freeze credit card : নতুন ঋণ লোৱাৰ সময়ত ল'বলগীয়া সাৱধানতা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.