Freeze credit card : নতুন ঋণ লোৱাৰ সময়ত ল'বলগীয়া সাৱধানতা...

author img

By

Published : Nov 19, 2022, 11:57 AM IST

DEBT

আপোনাৰ ঋণ যদি আছেই তেনেহ'লে নতুনকৈ ঋণ লোৱাৰ সময়ত সাৱধান হ'ব (Be careful while taking a loan)। কাৰণ আজিকালি বিভিন্ন মাধ্যমত ঋণ লোৱাটো সহজ হৈ পৰিছে । সহজ হ'ল বুলিয়ে যদি আপুনি ভৱিষ্যতৰ কথা চিন্তা নকৰি ঋণ লয় তেতিয়া বহু সমস্যাত পৰিব পাৰে । সেয়েহে ঋণ লোৱাৰ পূৰ্বে কিছুমান কথা মনত ৰখা অতি প্ৰয়োজনীয় ।

নিউজ ডেস্ক,১৯ নৱেম্বৰ : যদি আপোনাৰ ঋণ আছে, তেনেহ'লে কিছুমান কঠোৰ সিদ্ধান্ত ল'ব লাগিব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ঋণ থকা সেই ক্ৰেডিট কাৰ্ডখন ফ্ৰীজ কৰক (freeze your credit card)। পুৰণি ঋণ পৰিশোধ নোহোৱালৈকে নতুন ঋণ নল'ব । অতীতত ঋণ পোৱাটো বহুত কঠিন আছিল ।

সময় এতিয়া নাটকীয়ভাৱে সলনি হৈছে গতিকে ঋণ তৎক্ষণাৎ পোৱা যায় আৰু ছেকেণ্ডৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰা হয় । আমি এই ক্ষেত্ৰত সম্পূৰ্ণ নিয়ন্ত্ৰিত হৈ থাকিব লাগিব (Need to exercise utmost control)।

আজিকালি কোনো এটা সামগ্ৰী ক্ৰয় কৰাৰ সময়তো নগদ ধন লগত ৰখাৰ প্ৰয়োজন নাই আৰু সকলোৱে ইএমআই (EMI) সুবিধা আগবঢ়ায় । বহু লোকে উৎসৱৰ বতৰত বিত্তীয় অফাৰসমূহ লাভ কৰে । যদি এই ক্ষেত্ৰত সাৱধান নহয়, এনে ঋণৰ ফলত সৃষ্টি হোৱা বিত্তীয় সমস্যাই আপোনাৰ সুখৰ মুহূৰ্তবোৰ নষ্ট কৰিব পাৰে । সেয়েহে, ভৱিষ্যতৰ বিত্তীয় সমস্যা প্ৰতিহত কৰিবলৈ এনে ঋণ যিমান সম্ভৱ সোনকালে শেষ কৰিব লাগে ।

প্ৰথমে, উৎসৱৰ সময়ত কিমান টকা খৰচ কৰা হ'ল তাৰ স্পষ্ট হিচাপ উলিয়াওক । লোৱা ঋণৰ মুঠ পৰিমাণ আৰু তেওঁলোকৰ নিজ নিজ চৰ্তাৱলী কেনেকুৱা ? প্ৰতিটো ঋণৰ ওপৰত আপুনি কিমান সূত পৰিশোধ কৰিছে পৰীক্ষা কৰক । Personal আৰু 'buy now pay later' (BNPL) ঋণসমূহ তালিকাভুক্ত কৰক । স্পষ্টভাৱে পুৰণি আৰু নতুন ঋণৰ তালিকাখন লিখক । তাৰ পাছত আপোনাৰ উপাৰ্জনৰ পৰা অতিৰিক্ত কিমান ধন এই ঋণবোৰ পৰিশোধ কৰিবলৈ লাগিব সেয়া পৰিকল্পনা কৰক ।

প্ৰথমে কোনবোৰ ঋণ শেষ কৰিব পাৰি সেইটো বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ । যিমান সম্ভৱ সোনকালে বেছি সুতৰ ঋণৰ পৰা পৰিত্ৰাণ পাওক (Get rid of high interest loans)। অন্যথা, সেইবোৰে আপোনাৰ সঞ্চয়ৰ বেছিভাগ অংশ শেষ কৰিব । সৰু ঋণ সোনকালে পৰিশোধ কৰিবলৈ চেষ্টা কৰক কিয়নো সেইবোৰে অধিক ঋণৰ মানসিক চাপ সৃষ্টি কৰিব । লগতে, এনে ঋণ বন্ধ কৰাৰ ফলত জৰিমনাবোৰৰ বোজা কি হ'ব জানি লওঁক ।

কম উপাৰ্জনৰ কোনো আঁচনিত বিনিয়োগ কৰাটো লাভজনক নহয় । ১৬ শতাংশ সূতত ঋণ লোৱাৰ সময়ত মাত্ৰ ৮ শতাংশ উপাৰ্জন লাভ কৰা আঁচনিত সঞ্চয় কৰাটো বুধিয়ক লোকৰ কাম নহয় । যদি সম্ভৱ হয়, ফিক্সড ডিপজিট (Fixed deposit) আৰু জীৱন বীমা পলিচিৰ ওপৰত ঋণ লওক, যিবোৰৰ সুত কম হয় । কম সুতত গ'ল্ড ঋণো ল'ব পাৰি ।

আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আন আন পথবোৰ অন্বেষণ কৰক (Explore available avenues to enhance your income)। যিয়ে আপোনাৰ ঋণ সোনকালে পৰিশোধ কৰাত সহায় কৰিব । উপাৰ্জনতকৈ ঋণৰ অনুপাত হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টাৰ বিষয়ে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰক ।

লগতে গৃহ ঋণৰ ওপৰত ইএমআই হ্ৰাস কৰাৰ সম্ভাৱনা আছে নেকি জানিবলৈ আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰক । উৎসৱৰ আনন্দ তেতিয়াহে দুগুণ হ'ব যেতিয়া এনে সময়ত লোৱা ঋণ অতি সোনকালে পৰিশোধ কৰা হয় । নিজকে ঋণৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা কৰক ।

একে সময়তে, ঋণ পৰিশোধ নোহোৱালৈকে আপোনাৰ ব্যয় হ্ৰাস কৰক । অন্যথা, আৰ্থিক সমস্যাই দেখা দিব পাৰে । অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰিব লাগে । কিছু সময়ৰ বাবে, মিতব্যয়ী হৈ থাকক । কোনো পৰিস্থিতিতে কোনো নতুন ঋণ ল'ব নালাগে । ক্ৰেডিট কাৰ্ড লোৱাৰ পৰা আঁতৰি থাকিব লাগে । যদি প্ৰয়োজন হয়, আপোনাৰ ক্ৰেডিট কাৰ্ড কিছু দিনৰ বাবে ফ্ৰীজ কৰক ।

লগতে পঢ়ক :Precautions to be taken before opening FD : বেছি সূতৰ আশাত নতুন FD খোলাৰ পূৰ্বে ল'বলগীয়া সাৱধানতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.