ETV Bharat / bharat

CWC Meeting: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ খাৰ্গে; চৰকাৰে বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 5:56 PM IST

কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৷ মোদী চৰকাৰৰ বাবে মণিপুৰ, নুহৰ দৰে হিংসাত্মক ঘটনা হোৱা বুলি অভিযোগ কৰে খাৰ্গেয়ে ৷ কেইজনমান পুঁজিপতি বন্ধুৰ হাতত দেশৰ ৰাজহুৱা খণ্ড মোদী চৰকাৰে গতাই দিয়া বুলি মন্তব্য ৷

CWC Meeting
CWC Meeting

নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ: তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক ৷ এই বৈঠকত অংশ লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৷

শনিবাৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি খাৰ্গেই সংসদত বিৰোধীক দমন কৰিবলৈ আৰু সংসদত ৰাজহুৱা নিৰীক্ষণ হ্ৰাস কৰাৰ কেন্দ্ৰৰ প্ৰচেষ্টাক তীব্ৰ গৰিহণা দিয়ে ৷

  • Sharing opening remarks at the historic Congress Working Committee Meeting at Hyderabad.

    • I extend you all a very warm welcome to this First Meeting of the newly constituted CWC in this brimming city of Hyderabad.

    • Indian National Congress has been playing a pivotal role… pic.twitter.com/rSIJ7hQ2Ho

    — Mallikarjun Kharge (@kharge) September 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘‘আজি ভাৰতৰ 27 টা দলে গুৰুত্বপূৰ্ণ মৌলিক বিষয়ত একেলগে থিয় দিছে । তিনিখন সফল বৈঠকৰ পিছত, I.N.D.I.A মিত্ৰজোঁটে জনবিৰোধী আৰু গণতান্ত্ৰিক বিৰোধী বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িছে ৷ এই কাৰ্যত বিচলিত হৈ বিজেপি চৰকাৰে বিৰোধী দলসমূহৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে,’’ বৈঠকত ভাষণ প্ৰদান কৰি খাৰ্গেই কয় ৷

ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা খাৰ্গেই লগতে কয়, ‘‘কংগ্ৰেছে ভাৰতৰ সংবিধান, দেশৰ গণতন্ত্ৰ আৰু পিছপৰা সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভাৰতৰ মুখ্য বিৰোধী দল হোৱাৰ বাবে, জনসাধাৰণৰ কণ্ঠস্বৰ হোৱাটো আমাৰ দায়িত্ব । সংসদৰ আগন্তুক বিশেষ অধিৱেশনে শাসকীয় দলৰ উদ্দেশ্য সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে ।’’

প্ৰবীণ কংগ্ৰেছ নেতাজনে লগতে উল্লেখ কৰে যে তেওঁৰ দলে যোৱা চাৰে 9 বছৰ ধৰি কেন্দ্ৰত প্ৰধান বিৰোধী দল হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু সাধাৰণ লোকসকলৰ উদ্বেগ আৰু অভিযোগৰ নিষ্পত্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ সংকল্প লৈছে ৷

‘‘দেশখন আজি বহুতো আভ্যন্তৰীণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । নৰেন্দ্ৰ মোদী চৰকাৰ সকলো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে- মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা, নিবনুৱা নিয়ন্ত্ৰণ কৰা, মণিপুৰত তীব্ৰ হিংসা, বৈষম্য বৃদ্ধি আৰু কৃষক আৰু শ্ৰমিকৰ অৱনতি হৈছে,’’ তেওঁ লগতে কয় ৷

কৰ্ণাটকৰ কংগ্ৰেছ নেতাজনে লগতে অভিযোগ কৰে যে ‘আত্মনিৰ্ভৰ ভাৰত’, ‘পাঁচ ট্ৰিলিয়ন অৰ্থনীতি’, ‘নিউ ইণ্ডিয়া 2022’, ‘অমৃতকাল’ আৰু ‘তৃতীয় বৃহত্তম অৰ্থনীতি’ৰ দৰে শ্লোগানবোৰ কেৱল চৰকাৰৰ বিফলতাৰ পৰা ৰাষ্ট্ৰক বিচলিত কৰাৰ বাবে ব্যৱহাৰ কৰা ফোঁপোলা শব্দ ৷

খাৰ্গেৰ মতে, সমগ্ৰ দেশ মণিপুৰত সংঘটিত হোৱা শোকাৱহ ঘটনাৰ সাক্ষী হৈ আছে । ‘‘মোদী চৰকাৰে মণিপুৰৰ হিংসা, হাৰিয়ানাৰ নুহৰ হিংসা আদি সংঘটিত হ’বৈ প্ৰৰোচিত কৰিছিল,’’ তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয়, ‘‘এই ঘটনাবোৰে আধুনিক, প্ৰগতিশীল আৰু ধৰ্মনিৰপেক্ষ ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰে ।’’

কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে ভাৰতীয় অৰ্থনীতিৰ অৱস্থাৰ ওপৰতো আলোকপাত কৰি কয় যে ‘দেশ এতিয়া ভয়ংকৰ বিপদত’ আছে । ‘‘মুদ্ৰাস্ফীতি আৰু সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে দৰিদ্ৰ আৰু সাধাৰণ লোকসকলৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে । আমাৰ দৰে এখন দেশে অভিলেখ নিবনুৱাৰ গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । বৈষম্যৰ ব্যৱধান গভীৰ হৈ পৰিছে ৷ ইয়াৰ ওপৰিও, মোদী চৰকাৰে স্বাধীনতাৰ পিছৰে পৰা নিৰ্মাণ কৰা দেশৰ মূল্যৱান ৰাজহুৱাখণ্ড কেইজনমান ক্ৰনি পুঁজিবাদী বন্ধুক হস্তান্তৰ কৰিছে,’’ তেওঁ অভিযোগ উত্থাপন কৰি কয় ।

‘‘বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ অতি আৱশ্যকতা আছে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত, চীনৰ বেদখল সন্দৰ্ভত চৰকাৰৰ কথিত অৱহেলাই দেশখনৰ নিৰাপত্তাৰ বাবে এক গুৰুতৰ বিপদৰ সৃষ্টি কৰিছে । অৱশ্যে, এই সকলো মৌলিক বিষয়ক উপেক্ষা কৰি, মোদী চৰকাৰৰ এই প্ৰৱণতা আছে যে বাবে বাৰে বাৰে কেৱল শ্ল’গানেৰে প্ৰকৃত বিষয়বোৰৰ পৰা মনোযোগ আঁতৰোৱাৰ চেষ্টা কৰিছে,’’ তেওঁ লগতে কয় ৷

বৈঠকত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, এ কে এণ্টনী, অম্বিকা চোনি আৰু ৰাজীৱ শুক্লাকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকল উপস্থিত আছে ।

লগতে পঢ়ক: CWC meeting : হায়দৰাবাদত আৰম্ভ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.