ETV Bharat / bharat

Crocodiles hatch from eggs: কুঁৱৰীৰ কণীৰ পৰা ওলাই আহিল ৪০টাকৈ সৰু পোৱালি

author img

By

Published : Jul 14, 2022, 2:09 PM IST

Crocodiles hatch from eggs in Sarpaduli range of Corbett Park Ramnagar
Crocodiles hatch from eggs: কুঁৱৰীৰ কণীৰ পৰা ওলাই আহিল ৪০টাকৈ সৰু পোৱালি

কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ সৰ্পাদুলি ৰেঞ্জৰ বাবে সু-খবৰ । কুঁৱৰীৰ কণীৰ পৰা ৪০ টাকৈ সৰু পোৱালি ওলাই আহিছে (Crocodiles hatch from eggs) ।

নিউজ ডেস্ক, 14 জুলাই: কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ সৰ্পাদুলি ৰেঞ্জত কুঁৱৰীৰ কণীৰ পৰা বহু সৰু পোৱালি ওলাই আহিছে । প্ৰায় ৪০ টা কণমানি কুঁৱৰীয়ে পৃথিৱীত ভৰি দিছে । এয়া দেখি উন্মাদ হৈ পৰিছে কৰ্বেট কৰ্তৃপক্ষ । লগতে কৰ্বেট কৰ্তৃপক্ষই এই ঘৰিয়ালৰ পোৱালিবোৰ ভালদৰে নিৰীক্ষণ কৰি আছে ।

উল্লেখ্য যে, কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ (Corbett Tiger Reserve) পৰিৱেশ, বন্যপ্ৰাণীৰ বাবে অনুকূল বুলি গণ্য কৰা হয় । যাৰ ফলত কৰ্বেটত বৃদ্ধি পাইছে বাঘ, গুল্ডাৰ, বন্যহস্তীকে ধৰি অন্যান্য বন্যপ্ৰাণীৰ সংখ্যা । কৰ্বেটৰ পৰিৱেশ জলজ প্ৰাণীবোৰেও ভাল পায় । কৰ্বেটৰ মাজেৰে পাৰ হৈ যায় ৰামগংগা নদী । কৰ্বেট অঞ্চলৰ এই নদীত ঘৰিয়ালৰ আৰু এলিগেটৰেও বাস কৰে ।

Crocodiles hatch from eggs: কুঁৱৰীৰ কণীৰ পৰা ওলাই আহিল ৪০টাকৈ সৰু পোৱালি

দৰাচলতে, কৰ্বেট প্ৰশাসনৰ বিষয়াসকলে যোৱা মাহত ৰামগংগা নদীত কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ সৰ্পাদুলি ৰেঞ্জত ৪০ৰ পৰা ৫০টা কণী দেখিছিল (Crocodiles in Ramganga River)৷ ইয়াৰ পিছত কৰ্বেট কৰ্তৃপক্ষই কণীবোৰ তেওঁলোকৰ তত্বাৱধানত ৰাখি সুৰক্ষা প্ৰদান কৰিছিল । এতিয়া এই কণীবোৰৰ পৰা ৪০টা ঘৰিয়ালৰ পোৱালি ওলাই আহিছে । একে সময়তে এতিয়া কুঁৱৰী আৰু ঘৰিয়ালৰ সংখ্যাও বৃদ্ধি পোৱাৰ লক্ষণ দেখা গৈছে ।

কুঁৱৰী আৰু ঘৰিয়ালৰ মাজৰ পাৰ্থক্য কি?

কুঁৱৰী আৰু ঘৰিয়াল দুয়োটা ঠাণ্ডা ৰক্তযুক্ত প্ৰাণী আৰু দুয়োটাই মাংসভোজী । কিন্তু দুয়োটাৰ মাজত কিছু পাৰ্থক্য নথকা নহয় । ঘৰিয়াল ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ মিঠা পানীৰ প্ৰাণী যদিও সমগ্ৰ বিশ্বতে পোৱা মিঠা আৰু নিমখীয়া দুয়োটা পানীতে বাস কৰা এবিধ প্ৰাণী ৷ কিন্তু ঘৰিয়ালতকৈ কুঁৱৰী ওখ আৰু অধিক বিপদজনক ।

লগতে পঢ়ক: কলকাতাত কংকাল দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.