ETV Bharat / bharat

Suicide case in Kanpur : কানপুৰত ২৫ বছৰে শয্যাশায়ী মহিলাৰ আত্মহত্যা

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 7:25 PM IST

বহু বছৰ পূৰ্বে দুৰ্ঘটনাত পতিত হোৱা মহিলাগৰাকী শয্যাশায়ী হৈ আছিল । তেওঁৰ একমাত্ৰ সন্তানো বিশেষভাৱে সক্ষম । পৰিয়ালটোৰ আৰ্থিক পৰিস্থিতিক লৈ বিচলিত আছিল মহিলাগৰাকী ।

Suicide case in Kanpur
কানপুৰত ২৫ বছৰে শয্যাশায়ী মহিলাৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,১০ অক্টোবৰ : উত্তৰ প্ৰদেশৰ কানপুৰত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । প্ৰায় ২৫ বছৰ ধৰি শয্য়াশায়ী হৈ থকা এগৰাকী মহিলাই আত্মহত্যাৰ পথ বাচি লয় । ঘটনাক লৈ অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি হৈছে । ইফালে জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল । নিৰ্বাচনৰ প্ৰাকক্ষণত দুৰ্ভগীয়া পৰিয়ালটোক সকলো ফালৰ পৰা সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো এতিয়ালৈ কোনো সুবিধা নোপোৱাৰ অভিযোগ উঠিছে ।

তথ্য অনুসৰি সোমবাৰে নিশা চহৰখনৰ পাংকি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত মহিলাগৰাকীয়ে আত্মহত্যা কৰে । মহিলাগৰাকী প্ৰায় ২৫ বছৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈছিল । তাৰ পাছতে মহিলাগৰাকীৰ ভৰি কাটি পেলাবলগীয়া হৈছিল । তেতিয়াৰে পৰা তেওঁ শয্য়াশায়ী হৈ আছিল । তাৰ পাছত তেওঁ কেতিয়াও খোজ কাঢ়িব নোৱাৰিলে । মহিলাগৰাকীয়ে আনকি দৃষ্টিশক্তিও হেৰুৱাইছে ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত মহিলাগৰাকীৰ কেৱল এগৰাকী বিশেষভাৱে সক্ষম সন্তান আছিল । তেওঁৰ সন্তানেও সঠিকভাৱে কথা ক'ব নোৱাৰে । সেয়েহে মাতৃৰ আত্মহত্যা সম্পৰ্কে তেওঁ কাকো একো ক'ব নোৱাৰিলে । ঘটনাটোৰ খবৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী উপস্থিত হোৱাৰ সময়তো মহিলাগৰাকীৰ দেহত জুই লাগি আছিল । মহিলাগৰাকীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । স্থানীয় লোকসকলে কোৱা মতে মহিলাগৰাকীৰ স্বামী এগৰাকী শ্ৰমিক আছিল ।

স্থানীয় লোকসকলে কোৱা মতে দীৰ্ঘদিন ধৰি মহিলাগৰাকী মানসিকভাৱে বিচলিত আছিল । যাৰ বাবে তেওঁ এনে এক সিদ্ধান্ত গ্ৰহণ কৰে বুলি সন্দেহ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে ঘটনাটোৰ সময়ত স্বামী ঘৰত নাছিল ।

লগতে পঢ়ক :Indo Myanmar Border: ভাৰত ম্যানমাৰ সীমান্তত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফেন্সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.