ETV Bharat / bharat

ক’ভিডৰ সময়ত 80 শতাংশ এমএছএমইয়ে পুনৰ ঋণ পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাছিল

author img

By

Published : Dec 30, 2020, 9:04 AM IST

Updated : Dec 30, 2020, 10:16 AM IST

চলিত বৰ্ষৰ আগষ্টৰ শেষৰ ফালে 45 শতাংশ বেংকৰ গ্ৰাহক,যাৰ ভিতৰত আছে চাৰিটা শ্ৰেণীৰ ঋণ লওঁতা- কৰ্প’ৰেট, এমএছএমই,ব্যক্তি আৰু অন্যান্য শ্ৰেণী ৷ ইটিভি ভাৰতৰ উপ সম্পাদক কৃষ্ণানন্দ ত্ৰিপাঠীয়ে এই তথ্য প্ৰকাশ কৰিছে ।

MSMEs were not able to repay loans
পুনৰ ঋণ পৰিশোধ ব্যৰ্থ এমএছএমই

হায়দৰাবাদ,30 ডিচেম্বৰ : ক’ভিড-19 মহামাৰীয়ে দেশৰ অৰ্থনীতিৰ প্ৰতিটো খণ্ডক প্ৰভাৱিত কৰিছে ৷ কিন্তু ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানী (MSME) বোৰে চলিত বৰ্ষৰ আগষ্ট মাহৰ শেষৰ ফালে ঋণ অধিগ্ৰহণ কৰে, যাৰ ফলস্বৰূপে কোম্পানীৰ অধিক লোকচান হয় ৷ মঙলবাৰে ৰিজাৰ্ভ বেংকে মুকলি কৰা শেহতীয়া তথ্যত এই কথা প্ৰকাশ পায় ৷

প্ৰতিবেদনযোগে ভাৰতত বেংকিঙৰ ট্ৰেণ্ড এণ্ড প্ৰগ্ৰেছ 2019-20ত ৰিজাৰ্ভ বেংকে কয় যে,আগষ্টৰ শেষৰ ফালে ঋণ অধিগ্ৰহণ কৰা ঋণ লওঁতাৰ সংখ্যা এপ্ৰিল মাহৰ পৰাই হ্ৰাস পাইছিল ৷

আনহাতে শেহতীয়া তথ্য অনুসৰি,আগষ্টৰ শেষত 45 শতাংশ বেংকৰ গ্ৰাহক কৰ্প’ৰেট,এমএছএমই,ব্যক্তিগত আৰু অন্যান্য শ্ৰেণী অন্তৰ্ভুক্ত হৈ আছে ৷

অৱশ্যে এমএছএমইৰ ক্ষেত্ৰত ঋণ পৰিশোধ কৰাৰ বাবে বাছনি কৰা এমএছএমই ঋণ লওঁতাৰ সংখ্যা 78 শতাংশতকৈও অধিক আছিল ৷ ইয়াৰ অৰ্থ হৈছে মুঠ 5 টা এমএছএমইৰ প্ৰায় 4 জন তেওঁলোকৰ ঋণ সেৱা পৰিশোধ কৰিব পৰা স্থিতিত নাছিল ৷

বিগত মাৰ্চ মাহত ৰিজাৰ্ভ বেংকে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক ক’ভিড-19 মহামাৰীৰ বাবে হোৱা সমস্যাৰ ফলস্বৰূপে তেওঁলোকৰ ঋণ লওঁতাক তিনিমাহৰ ঋণ লোৱাৰ বাবে অনুমতি প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত পুনৰ তিনিমাহলৈ বৃদ্ধি কৰা এই ঋণৰ সময়সীমা আগষ্টৰ শেষফালে অন্ত পৰে ৷

ৰাজহুৱা খণ্ডৰ বেংকৰ পৰিস্থিতি অধিক ভাল নাছিল ৷ কিয়নো তেওঁলোকৰ এছএমই ঋণ লওঁতাৰ প্ৰায় তিনি-চতুৰ্থাংশ ঋণ পৰিশোধৰ বাবে বাছনি কৰা মুঠ এছএমই ঋণৰ তিনি-চতুৰ্থাংশতকৈ অধিক আছিল ।

একেদৰে, ক্ষুদ্ৰ বিত্ত বেংকবোৰেও এছএমই খণ্ডই লাভ কৰা ঋণৰ প্ৰভাৱিত হৈছিল ৷ কিয়নো তেওঁলোকৰ এছএমই ঋণৰ 80 শতাংশৰো অধিক ঋণ লওঁতাসকলে ঋণ পৰিশোধৰ বাবে বাছনি কৰা প্ৰায় 70 শতাংশ এছএমই ঋণ ৰখা হৈছে ।

ব্যক্তিগত বেংকৰ ক্ষেত্ৰত দেশৰ 21 টা ব্যক্তিগত বেংকৰ 83 শতাংৰো অধিক এছএমই গ্ৰাহকে এই বছৰৰ আগষ্টৰ শেষৰ ফালে ঋণ ৰখাৰ সুবিধা লাভ কৰিছিল । এই ঋণ লওঁতাসকল ব্যক্তিগত বেংকৰ এছএমই ঋণৰ প্ৰায় দুই-তৃতীয়াংশ ঋণৰ বাবে দায়বদ্ধ ।

লগতে পঢ়ক : নতুন লক্ষণৰ সৈতে মোকাবিলা কৰিবলৈ চিকুৱেন্সিং মেচিন ক্ৰয় ত্ৰিপুৰা চৰকাৰৰ

Last Updated : Dec 30, 2020, 10:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.