ETV Bharat / bharat

COVID-19: ভাৰতত নতুনকৈ ৪০,১৩৪ জন আক্ৰান্ত

author img

By

Published : Aug 2, 2021, 11:13 AM IST

ক'ভিড-১৯(COVID-19) মহামাৰীৰ সংক্ৰমণ ভাৰতত সামগ্ৰিকভাৱে হ্ৰাস পালেও কোনো কোনো ৰাজ্যত এতিয়াও দ্বিতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধি হৈয়ে আছে । বিগত ২৪ ঘণ্টাত ভাৰতত ৪০,১৩৪ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । আনহাতে, যোৱা ২৪ ঘণ্টাত ৪২২ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

COVID 19 Latest report
ভাৰতত নতুনকৈ ৪০,১৩৪ জন ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২ আগষ্ট : এতিয়াও ক'ভিড-১৯(COVID-19) মহামাৰীৰ ভয়াৱহতা অব্যাহত আছে ভাৰতত । সোমবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, দেশত বিগত ২৪ ঘণ্টাত নতুনকৈ ৪০,১৩৪ জন লোক ক'ভিড-১৯ৰ কবলত পৰিছে । এতিয়ালৈকে দেশত ৩,১৬,৯৫,৯৫৮ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । আনহাতে, যোৱা ২৪ ঘণ্টাত ৪২২ জন ৰোগীৰ মৃত্যু হৈছে ।

বৰ্তমানলৈকে ভাৰতত ক'ভিডৰে যুঁজি ৪,২৪,৭৭৩ জনে প্ৰাণ হেৰুৱাইছে । বৰ্তমান দেশত ৪,১৩,৭১৮ জন সক্ৰিয় ৰোগী আছে আৰু এতিয়ালৈকে ৩,০৮,৫৭,৪৬৭ জন লোক আৰোগ্য হৈ উঠিছে । আনহাতে, মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, ভাৰতত ৪৭,২২,২৩,৬৩৯ জন লোকৰ টীকাকৰণ সম্পন্ন হৈছে । যোৱা ২৪ ঘণ্টাত ১৭,০৬,৫৯৮ জনক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ( Indian Council of Medical Research)ৰ মতে, ১ আগষ্ট পৰ্যন্ত ৪৬,৯৬,৪৫,৪৯৪টা নমুনা পৰীক্ষা কৰা হৈছে । দেওবাৰে ১৪,২৮,৯৮৪ জন লোকৰ নমনা পৰীক্ষা কৰা হয় । দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো অব্যাহত আছে মহমাৰীৰ সংহাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

এতিয়ালৈকে অসমত প্ৰায় ৫ লাখ ৬৬ হাজাৰ লোক মহমাৰীৰ কবলত পৰিছে । ইফালে, ৫,২৬০ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । আনহাতে, ৫ লাখ ৪৮ হাজাৰ লোক আৰোগ্য হৈ উঠিছে । দেওবাৰৰ দিনটোত ৭৮৪ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

মুঠ ৯১,১২৩টা নমুনা পৰীক্ষণ কৰা হৈছিল । দেওবাৰে কামৰূপ মহানগৰ জিলাত ১০৭ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । উল্লেখ্য যে, দেশৰ আন কেতবোৰ ৰাজ্যৰ দৰে অসমতো নিৰ্ধাৰিত সময়ৰ বাবে সান্ধ্য আইন বলৱৎ হৈ আছে আৰু দুখন জিলাত ২৪ ঘণ্টাৰ বাবে সান্ধ্য আইন বাহাল ৰখা হৈছে । মহামাৰীৰ সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে চৰকাৰে ।

লগতে পঢ়ক:আকৌ তিনি তালাকৰ বিৰুদ্ধে দেশৰ বুদ্ধিজীৱি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.