ETV Bharat / bharat

ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 26, 2021, 1:36 PM IST

Covid
দেশৰ শেহতীয়া তথ্য

দেশত ক্ৰমান্বয়ে নিম্নগামী হৈছে কৰ’ণাত আক্ৰান্তৰ হাৰ । যোৱা ২৪ ঘণ্টাত ভাৰতত ২৮,৩২৬ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২৬০ গৰাকীৰ ।

নেশ্যনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ : দেশত অব্যাহত আছে কৰ’ণাৰ (Corona) সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Health ministry) দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২৮,৩২৬ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে । এই সময়চোৱাত কৰ'ণাৰ ফলত দেশত মৃত্যু হৈছে ২৬০ গৰাকী লোকৰ ৷

একেটা দিনতে এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে ২৬,০৩২ গৰাকী লোকে ৷ ইয়াৰ লগে লগে দেশত সৰ্বমুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে ৩,২৯,০২,৩৫১ গৰাকীলৈ ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতত এতিয়ালৈ সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪,৪৬,৯১৮ গৰাকীলৈ । অৱশ্যে দেশত এতিয়াও সক্ৰিয় ঘটনা আছে ৩,০৩,৪৭৬ টা । স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ১৬,৬৭১ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু কেৱল ৰাজ্যখনতে ১২০ গৰাকী লোকৰ মৃত্যু হৈছে ।

সমান্তৰালকৈ দেশত ক'ভিড প্ৰতিষেধক (Covid Vaccine) প্ৰদানৰ অভিযান অব্যাহত আছে । বৰ্তমানলৈ দেশত ৮৫.৬০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ৷ ইয়াৰে যোৱা ২৪ ঘণ্টাত দেশৰ ভিন্ন প্ৰান্তৰ লোকে ৬৮,৪২,৭৮৬ পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : আহি আছে গুলাব...হাই এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.