ETV Bharat / bharat

সাংবাদিক সৌম্যা বিশ্বনাথন হত্যাকাণ্ড, ৪ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 7:26 PM IST

সাংবাদিক সৌম্যা বিশ্বনাথন হত্যাকাণ্ডৰ গোচৰত ৪ দোষীক দিল্লীৰ চাকেট আদালতে যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে । গোচৰটোৰ অন্যতম অভিযুক্ত অজয় চেঠীক ৩ বছৰৰ কাৰাদণ্ড । ২০০৮ চনত সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰা হৈছিল ।

Soumya Viswanathan Murder case
সাংবাদিক সৌম্যা বিশ্বনাথনৰ ৪ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : সাংবাদিক সৌম্যা বিশ্বনাথন হত্যাকাণ্ড গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান দিল্লীৰ সাকেত আদালতৰ । গোচৰৰ ৪ দোষীক আদালতে যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে । আদালতে তেওঁলোকৰ ওপৰত ৫ লাখ টকাৰ জৰিমনাও বিহিছে । আনহাতে ঘটনাৰ অভিযুক্ত অজয় চেঠীক ৩ বছৰৰ কাৰাদণ্ড দিয়া হৈছে ।

যোৱা ১৮ অক্টোবৰত আদালতে সৌম্যা বিশ্বনাথনৰ হত্যা গোচৰত ৪ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল । আনহাতে আদালতে এজন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল । অভিযুক্তসকল হৈছে ৰবি কাপুৰ, অজয় কুমাৰ, অমিত শুক্লা আৰু বলজিৎ মালিক । আদালতে মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইনৰ (এমচিওচিএ) ধাৰা ৩(১)(আই)ৰ অধীনত ৪ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল । গোচৰটোৰ চতুৰ্থ অভিযুক্ত অজয় চেঠীক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪১১ আৰু এমচিঅ'চিএৰ ধাৰা ৩(২) আৰু ৩(৫)ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে ।

সাংবাদিক সৌম্যা বিশ্বনাথনক ২০০৮ চনৰ ৩০ ছেপ্টেম্বৰত গুলীয়াই হত্যা কৰা হৈছিল । ঘৰলৈ উভতি অহাৰ সময়তে পুৱা প্ৰায় ৩:৩০ মান বজাত সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰা হৈছিল । আৰক্ষীয়ে দাবী কৰিছিল যে ডকাইতি উদ্দেশ্যেৰে বিশ্বনাথনক হত্যা কৰা হৈছিল । অৱশ্যে, আৰক্ষীয়ে ৫ অভিযুক্তক তেওঁৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।

অভিযুক্ত বলজিৎ মালিকৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইনৰ (এমচিওচিএ) অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । যাৰ বাবে তেওঁ নিয়মীয়া জামিন লাভ কৰা নাই । বলজিতৰ উপৰিও, ৰবি কাপুৰ আৰু অমিত শুক্লাকো এই গোচৰত অভিযুক্ত কৰা হৈছে । ইয়াৰ উপৰিও, ৰবি কাপুৰ আৰু অমিত শুক্লাক ২০০৯ চনত আইটি কাৰ্যবাহী জিগিশা ঘোষৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল ।

লগতে পঢ়ক :4 ধৰ্ষণকাৰীক চূড়ান্ত শাস্তি প্ৰদানৰ লগতে নগদ ধনৰ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.