ETV Bharat / bharat

ক'ভিড ৱাৰ্ডত মহিলাক ধৰ্ষণ

author img

By

Published : May 20, 2021, 12:13 PM IST

corona infected woman reportedly gang raped in patna hospital
ক'ভিড ৱাৰ্ডত মহিলাক ধৰ্ষণ

কৰ'ণাত আক্ৰান্ত এগৰাকী মহিলাক ক'ভিড ৱাৰ্ডত গণ ধৰ্ষণৰ অভিযোগ ৷ পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ তিনিগৰাকীকৈ কৰ্মচাৰীয়ে মিলি কৰ'ণাত আক্ৰান্ত মহিলা গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ মহিলা গৰাকীৰ জীয়ৰীৰ ৷

নেচনেল ডেস্ক, 20 মে': কৰ'ণাত আক্ৰান্ত এগৰাকী 45 বৰ্ষীয় মহিলাক পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসালয়খনৰ তিনিগৰাকীকৈ কৰ্মচাৰীয়ে মিলি ক'ভিড ৱাৰ্ডতে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পাচতে বুধবাৰে মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে ৷

ভুক্তভোগী মহিলাগৰাকীৰ জীয়ৰীয়ে জানিবলৈ দিয়া মতে, এখন ব্যক্তিগত চিকিৎসালয়ত 17 মে'ত মাকক ভৰ্তি কৰোৱা হৈছিল ৷ তেওঁ কয় যে, "তেওঁৰ শৰীৰত কৰ'ণাৰ লক্ষণ ধৰা পৰিছিল ৷ সেয়েহে তেওঁক আমি ব্যক্তিগত চিকিৎসালয় এখনত ভৰ্তি কৰাইছিলো ৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থাও প্ৰায় ভালে আছিল"৷ তেওঁৰ মাক যৌন আতিশয্যৰ বলি হোৱা বুলি অভিযোগ কৰি মহিলাগৰাকীৰ জীয়ৰীয়ে লগতে অভিযোগ কৰি কয় যে, "তেওঁক হাস্পতালত ভৰ্তি কৰোৱাৰ দিনটোতে হাস্পতালৰ ভিতৰতে তেওঁক তিনিগৰাকী লোকে যৌন উৎপীড়ন চলাইছিল ৷ মোৰ মায়ে এই বিষয়ে মোক অৱগত কৰিছিল ৷ ইয়াৰ পাচতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ৷ মই আত্মীয়সকলৰ লগতে জন অধিকাৰ পাৰ্টীৰ মহিলা শাখাকো এই বিষয়ে অৱগত কৰিছিলো"৷

তেওঁৰ মাতৃয়ে যাতে আৰক্ষীক কোনো ধৰণৰ বিবৃতি দিব নোৱাৰে, তাৰ বাবে চিকিৎসালয়খনে মহিলাগৰাকীৰ ডিঙি ইনটিউব কৰা বুলিও ভুক্তভোগী মহিলাগৰাকীৰ জীয়ৰীয়ে অভিযোগ উত্থাপন কৰিছে ৷

মৃত মহিলাগৰাকীৰ জীয়ৰীয়ে হাস্পতালখনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা বুলি জানিবলৈ দি পাটনাৰ এগৰাকী দণ্ডাধীশ এম এল খানে কয় যে, অভিযুক্ত লোক কেইগৰাকীৰ নাম গোচৰটোত উল্লেখ কৰা নাই ৷ যৌন নিৰ্যাতনৰ ঘটনা সুনিশ্চিত কৰাৰ বাবে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিবলৈ দি তেওঁ লগতে কয় যে, হাস্পতাল কৰ্তৃপক্ষই কৰ'ণাত আক্ৰান্ত হৈ মহিলাগৰাকী মৃত্যু হোৱা বুলি দাবী কৰিছে যদিও তদন্ত অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক: চামগুৰিত চোকা অস্ত্ৰৰে হানি-খুচি হত্যা এগৰাকী মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.