ETV Bharat / bharat

শেহতীয়াকৈ অনুমোদন লাভ কৰা নতুন ক'ভিড প্ৰতিষেধক আৰু টেবলেট সম্পৰ্কে কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে ?

author img

By

Published : Dec 28, 2021, 7:04 PM IST

Updated : Dec 28, 2021, 7:47 PM IST

ভাৰতত নতুন ক'ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত অনুমোদন (India approves new covid vaccine)। চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক'ভিড-১৯ প্ৰতিষেধক কভ'ভাক্স (Covovax), বায়'ল'জিকেল ইৰ কৰ্বেভেক্সকো (Corbevax) আৰু ক'ভিড প্ৰতিৰোধী টেবলেট ম'লনুপিৰাভিৰ অনুমোদন দিয়া হৈছে ।

Molnupiravir
ক'ভিড প্ৰতিষেধক

নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : ক'ভিড প্ৰতিষেধক টীকাৰ পাছত এইবাৰ ক'ভিড টেবলেটক অনুমোদন জনাইছে চিডিএছচিঅ'য়ে । ক'ভিড প্ৰতিৰোধী টেবলেটতো হৈছে ম'লনুপিৰাভিৰ (anti-Covid pill Molnupiravir)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মঙলবাৰে জনোৱা মতে জৰুৰী কালীন পৰিস্থিতিত সীমিত ব্যৱহাৰৰ বাবে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক'ভিড-১৯ প্ৰতিষেধক কভ'ভাক্স (Covovax), বায়'ল'জিকেল ইৰ কৰ্বেভেক্সকো (Corbevax) অনুমোদন দিয়া হৈছে (India approves new covid vaccine)। কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাৰ (CDSCO) ক'ভিড বিশেষজ্ঞ সমিতিয়ে চৰ্ত সাপেক্ষ্যে এই প্ৰতিষেধক প্ৰদানত অনুমতি প্ৰদান কৰিছে ।

মন্ত্ৰীগৰাকীয়ে টুইটযোগে এই কথা উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰি কয় যে, ক'ভিডৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে একেদিনাই চৰকাৰে প্ৰতিষেধক কভ'ভাক্স,কৰ্বেভেক্স আৰু ম'লনুপিৰাভিৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে । এই অনুমোদনৰ পাছত দেশত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰা ক'ভিড প্ৰতিষেধকৰ সংখ্যা আঠলৈ বৃদ্ধি হৈছে ।

ইয়াৰ পূৰ্বে অনুমোদন লাভ কৰা ৬ টা ক'ভিড-১৯ প্ৰতিষেধক হৈছে ক্ৰমে চিৰাম ইনষ্টিটিউটৰ ক'ভিশ্বিল্ড (Covishield), ভাৰত বায়োটেকৰ কোভাক্সিন (Covaxin), জাইডাছ কেডিলাৰ জাইকোভ-ডি (ZyCoV-D), ৰাছিয়াৰ স্পুটনিক ভি (Sputnik-V) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত মডাৰ্ণা (Moderna) আৰু জনছন এণ্ড জনছন ।

  • Molnupiravir, an antiviral drug, will now be manufactured in the country by 13 companies for restricted use under emergency situation for treatment of adult patients with COVID-19 and who have high risk of progression of the disease. (4/5)

    — Dr Mansukh Mandaviya (@mansukhmandviya) December 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কৰ্বেভেক্স প্ৰতিষেধক হৈছে হায়দৰাবাদস্থিত প্ৰতিষ্ঠান বায়োলজিকেল-ই-ৰ দ্বাৰা নিৰ্মিত ক'ভিডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম স্বদেশীভাৱে নিৰ্মিত আৰবিডি প্ৰ'টিন উপ-একক প্ৰতিষেধক । এইটো হৈছে ভাৰতত নিৰ্মিত তৃতীয় প্ৰতিষেধক । আনহাতে কভ'ভাক্স নামৰ নেনোপার্টিকেল প্ৰতিষেধকটো পুনেস্থিত প্ৰতিষ্ঠান চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই নিৰ্মাণ কৰিছে । ম'লনুপিৰাভিৰ নামৰ এণ্টিভাইৰেল ঔষধটো এতিয়া দেশত ১৩ টা কোম্পানীয়ে ক'ভিডত আক্ৰান্ত প্ৰাপ্তবয়স্ক ৰোগীসকলৰ চিকিৎসাৰ বাবে জৰুৰীকালীন পৰিস্থিতিৰ অধীনত সীমিত ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰিব ।

জানিব পৰা মতে কভ'ভাক্স প্ৰতিষেধক ২৮ দিনৰ ব্যৱধানত প্ৰতিটোত ০.৫ মি:লি:ৰ দুটাকৈ পালি প্ৰদান কৰা হ'ব । আনহাতে ইয়াক ২ ডিগ্ৰী চেলচিয়াছৰ পৰা ৮ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত সংৰক্ষণ কৰিব লাগিব । অনুমোদন লাভ কৰা ম'লনুপিৰাভিৰ ঔষধৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চৰ্ত থাকিব । ঔষধটো কেৱল চিকিৎসা বিশেষজ্ঞৰ প্ৰেছক্ৰিপশ্বনৰ আধাৰতহে খুচুৰা বিক্ৰী কৰিব পাৰিব ।

আনহাতে ১৮ বছৰতকৈ কম বয়সৰ ৰোগী বা তাৎক্ষণিক চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰত বাধা থাকিব । অৱশ্যে, যদি এইটো ক'ভিডৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগতে আৰম্ভ কৰা হয় তেনেহ'লে ইয়াক অব্যাহত ৰাখিব পাৰিব । একেৰাহে পাঁচ দিনতকৈ বেছি সময় ব্যৱহাৰ কৰিব পৰা নাযাব আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ক'ভিড প্ৰতিৰোধৰ বাবে প্ৰাক-সংস্পৰ্শ বা পোষ্ট এক্সপোজাৰ বা পোষ্ট এক্সপোজাৰ প্ৰফিলেক্সিছৰ বাবে ব্যৱহাৰ কৰিব পৰা নাযাব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে শেহতীয়াকৈ ৰোগৰ আশংকা থকা প্ৰাপ্তবয়স্কলোকৰ সাধাৰণ চিকিৎসাৰ বাবে মাৰ্কৰ ম'লনুপিৰাভিৰক কৰ্তৃত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক:Flight cancelled due to Covid 19 : বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা বৰ্তমানলৈকে ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল

Last Updated : Dec 28, 2021, 7:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.