ETV Bharat / bharat

পেগাচাছ আৰু কৃষি আইনক লৈ প্ৰতিবাদত বহিব কংগ্ৰেছ নেতৃত্ব

author img

By

Published : Jul 23, 2021, 4:34 PM IST

কংগ্ৰেছৰ সাংসদসকলে শুকুৰবাৰে কৃষক আন্দোলনৰ (Farmer Protest) সমৰ্থনত আৰু পেগাচাছ প্ৰজেক্ট (Pegasus Project) সন্দৰ্ভত সংসদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব ।

Congress to protest in front of Gandhi statue
পেগাচাছ আৰু কৃষি আইনকলৈ প্ৰতিবাদত বহিব কংগ্ৰেছ নেতৃত্ব

নেশ্যনেল ডেস্ক, ২৩ জুলাই : দ্য ৱায়াৰত(The wire) প্ৰকাশিত পেগাচাছ প্ৰজেক্ট (Pegasus project) বিষয়টোৱে সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে । পেগাচাছ ছফ্টৱেৰৰ জৰিয়তে দেশৰ নেতা, সাংবাদিক, ব্যৱসায়ী আদিৰ ফোন নম্বৰ হেক কৰি তেওঁলোকৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি থকাৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে দেশজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) তথা বিজেপি চৰকাৰক এই ক্ষেত্ৰত সম্পূৰ্ণ দোষাৰোপ কৰি ইতিমধ্যে বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে । চলিত বৰ্ষাকালীন অধিৱেশনো (Monsoon Session) এই বিষয়কলৈ উত্তাল হৈ আছে ।

জানিব পৰা মতে কংগ্ৰেছৰ সাংসদসকলে (Congress MP) শুকুৰবাৰে কৃষক আন্দোলনৰ (Farmers Protest) সমৰ্থনত আৰু পেগাচাছ প্ৰজেক্ট (Pegasus project) সন্দৰ্ভত সংসদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব । প্ৰতিবাদৰ পূৰ্বে কংগ্ৰেছৰ সাংসদসকলে সংসদীয় দলৰ (CPP) কাৰ্যালয়ত এক সভাত অংশগ্ৰহণ কৰিব । ইফালে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীকে (Rahul Gandi) ধৰি কেইবাজনো কংগ্ৰেছ নেতাই বৃহস্পতিবাৰে সংসদৰ চৌহদত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেন্দ্ৰৰ কৃষি আইনৰ (Farm Law) বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । প্ৰতিবাদকাৰী কংগ্ৰেছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰো (Amit Shah) পদত্যাগৰ দাবী কৰিছে ।

উল্লেখ্য যে, পেগাচাছ স্পাইৱেৰ (Pegasus Spyware) বিষয়কলৈ দেশৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ । এই স্পৰ্শকাতৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তদন্ত কৰাৰো দাবী জনাইছে বিভিন্ন দল সংগঠনে ।

শেহতীয়াকৈ কেইবাগৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতাই পেগাচাছ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিছে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamata Banerjee) শেহতীয়াকৈ পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে । ইফালে এই সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে বিজেপি চৰকাৰে । কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Ashwini Vaishnaw) এই অভিযোগ নস্যাৎ কৰি এয়া ভাৰতীয় গণতন্ত্ৰক বদনাম কৰাৰ এক প্ৰয়াস বুলি অভিযোগ কৰে ।

উল্লেখ্য যে, অশ্বিনী বৈষ্ণৱে পেগাছাছ বিতৰ্কৰ ওপৰত স্বতঃস্ফূৰ্তভাৱে মন্তব্য কৰি থকাৰ সময়তে বৃহস্পতিবাৰে সংসদত তৃণমূল কংগ্ৰেছৰ সাংসদে মন্ত্ৰীগৰাকীৰ হাতৰ পৰা কাগজ কাঢ়ি আনি ছিঙি পেলাইছিল । আনকি কাগজৰ টুকুৰাবোৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ ফালে দলিয়াই দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । সাংসদৰ এনে আচৰণকলৈ তীব্ৰ সমালোচনাও চলিছিল বিভিন্ন মহলত ।

লগতে পঢ়ক :কৃষক আৰু সংবাদ মাধ্যমৰ মাজত চৰকাৰে লক্ষ্মণ ৰেখা টানিছে: যোগেন্দ্ৰ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.