ETV Bharat / bharat

কৃষক আৰু সংবাদ মাধ্যমৰ মাজত চৰকাৰে লক্ষ্মণ ৰেখা টানিছে: যোগেন্দ্ৰ যাদৱ

author img

By

Published : Jul 22, 2021, 10:46 PM IST

কৃষক নেতা যোগেন্দ্ৰ যাদৱে দাবী কৰিছে যে যন্তৰ মন্তৰত চলি থকা কৃষক আন্দোলনক কেন্দ্ৰীয় চৰকাৰে পিঞ্জৰাবদ্ধ কৰিছে । সংবাদ মাধ্যমক মঞ্চৰ কাষলৈ যাবলৈ অনুমতি নিদিয়াৰ লগতে বাতৰি সংগ্ৰহৰ বাবে 50 মিটাৰ দূৰত পৃথক স্থান দিয়াক লৈ ক্ষুণ্ণ প্ৰতিবাদকাৰী ৷

farmers-protest-imprisoned-in-a-cage-by-the-government-yogendra-yadav
চৰকাৰে কৃষক আৰু সংবাদ মাধ্যমৰ মাজত 'লক্ষ্মণ ৰেখা' আঁকিছিল: যোগেন্দ্ৰ যাদৱ

নেশ্যনেল ডেস্ক, ২২ জুলাই : বৰ্তমানো অব্যাহত আছে দেশ কঁপাই যোৱা কৃষক আন্দোলন ৷ তিনি কৃষি আইনৰ বিৰোধিতাৰে বৃহস্পতিবাৰৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত পুনৰ আৰম্ভ হৈছে এই প্ৰতিবাদ ৷ কৃষক নেতা যোগেন্দ্ৰ যাদৱে দাবী কৰিছে যে, যন্তৰ মন্তৰত চলি থকা 'কিষাণ সংসদ'ক চৰকাৰে এটা পিঞ্জৰাত বন্দী কৰি ৰাখিছে । সংবাদ মাধ্যমকো মঞ্চৰ চাৰিওফালে যাবলৈ অনুমতি নিদিয়াৰ লগতে বাতৰি সংগ্ৰহৰ বাবে পৃথক স্থান সৃষ্টি কৰাক লৈ ক্ষুণ্ণ প্ৰতিবাদকাৰী ৷

বাতৰি সংগ্ৰহৰ বাবে মুখ্য মঞ্চৰ পৰা প্ৰায় 50 মিটাৰ দূৰত সংবাদ মাধ্যমৰ বাবে পৃথকে স্থান ঠিক কৰাত সঠিকভাৱে নিজৰ বাৰ্তা প্ৰেৰণ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ প্ৰতিবাদকাৰীৰ । অৱশ্যে কৃষক নেতাসকলে এই ব্যৱস্থাত কিছু আপত্তি দৰ্শোৱাত দিল্লী আৰক্ষীয়ে কিছু শিথিলতা প্ৰদান কৰিছিল ৷

কৃষক নেতা যোগেন্দ্ৰ যাদৱে জনায় যে, যদি দিল্লী আৰক্ষীয়ে কৃষকৰ এই আন্দোলনৰ বাতৰি সংগ্ৰহ কৰিবলৈ সংবাদ মাধ্যমক বেৰিকেডৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়ে তেন্তে আমি ইয়াৰ বিৰুদ্ধে ধৰ্ণাত বহিম ৷ যোগেন্দ্ৰ যাদৱে লগতে এইবুলিও কয় যে, চৰকাৰে 200 জন কৃষকৰ বাবে হাজাৰ হাজাৰ আৰক্ষী কৰ্মী নিয়োজিত কৰিছে । তেওঁলোকে বুজা উচিত যে, আমি এই দেশৰ নাগৰিক আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰলৈ আহিছো ।

উল্লেখ্য যে, কৃষক আন্দোলনৰ প্ৰথম দিনা দুটা প্ৰস্তাৱ গৃহীত হৈছিল ৷ যাৰ ভিতৰত এটা আছিল কৃষক আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষক সকলক শ্ৰদ্ধাঞ্জলি জনোৱা । দ্বিতীয় প্ৰস্তাৱত সংবাদ মাধ্যমক প্ৰতিবাদস্থলীত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে আপত্তি উত্থাপন কৰা হৈছে । কৃষক নেতা যোগেন্দ্ৰ যাদৱে কয় যে, চৰকাৰে এই লোকসকল এই দেশৰ আইন পালনকাৰী নাগৰিক বুলি অনুভৱ নকৰাকৈ প্ৰতিবাদস্থলীত হাজাৰ হাজাৰ আৰক্ষী কৰ্মী মোতায়েন কৰিছে ।

লগতে পঢ়ক:মুম্বাইত প্ৰবল বৃষ্টিপাতৰ বাবে স্তব্ধ কেন্দ্ৰীয় ৰে'লৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.