ETV Bharat / bharat

Congress to choose Karnataka CM : আজি ঘোষণা হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম

author img

By

Published : May 16, 2023, 10:57 AM IST

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ চলি থকা জল্পনা-কল্পনাৰ আজি সামৰণি পৰিব (Karnataka new CM)। অতি শীঘ্ৰে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰীৰ দাবীদাৰ দুই নেতা সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰৰ সৈতে বৈঠকৰ পাছতে এই সিদ্ধান্ত লোৱা হ'ব ।

Congress to choose Karnataka CM
আজি ঘোষণা হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম

নেশ্যনেল ডেস্ক,১৬ মে' : কোন হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ? ইয়াক লৈ জল্পনা-কল্পনা চলি আছে । এই ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বইও সিদ্ধান্ত ল'ব পৰা নাই । অৱশ্যে মঙলবাৰে দলে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব (Congress to choose Karnataka CM)! কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ সিদ্দাৰামাইয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ বৈঠকত মিলিত হ'ব । দিল্লীত এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ পাছতে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰা হ'ব ।

কেপিচিচিৰ কাৰ্যকৰী সভাপতি ইশ্বৰ খান্দ্ৰেয়ে সংবাদমাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী কোন হ'ব সেয়া সিদ্ধান্ত লোৱাৰ বাবে বৈঠকখন অনুষ্ঠিত হ'ব । জ্যেষ্ঠ নেতাসকলো দিল্লীত উপস্থিত হ'ব (Meeting on Karnataka CM selection)।

সোমবাৰে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ কথা আছিল যদিও শিৱকুমাৰে দিল্লী ভ্ৰমণ বাতলি কৰাৰ পাছতে ই ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছিল (DK Shivakumar cancel Delhi tour)। একপ্ৰকাৰ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাছনি কৰাক লৈ অচলাৱস্থা বৃদ্ধি পাইছিল । সিদ্দাৰামাইয়াৰ লগতে দলীয় শীৰ্ষ নেতৃত্বৰে বৈঠকৰ বাবে ডি কে শিৱকুমাৰক দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও অসুস্থতাৰ দিল্লী ভ্ৰমণ বাতিল কৰিছিল শিৱকুমাৰে ।

ইফালে কৰ্ণাটকৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সুৰজেৱালা আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ সৈতে কংগ্ৰেছৰ তিনিজন পৰ্যবেক্ষকে খাৰ্গেক সাক্ষাৎ কৰে আৰু বিধায়কসকলে প্ৰকাশ কৰা মতামতৰ ওপৰত আলোচনা কৰে ।

কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত উপস্থিত থকা কেন্দ্ৰীয় পৰ্যবেক্ষকসকলে খাৰ্গেক বিষয়টো অৱগত কৰে আৰু কৰ্ণাটকত নিৰ্বাচিত বিধায়কসকলে শীৰ্ষ পদৰ বাবে কাক বিচাৰে সেই সন্দৰ্ভত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে । খাৰ্গেক সাক্ষাতৰ পাছত বাহিৰলৈ ওলাই আহি সুৰজেৱালাই কয় যে দলটোৱে মুখ্যমন্ত্ৰী বাছনিৰ ক্ষেত্ৰত খৰধৰ কৰা নাই আৰু ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনাৰ পাছত হে সিদ্ধান্ত ল'ব । সুৰজেৱালাই লগতে কয় যে পৰ্যবেক্ষকসকলে প্ৰতিবেদনখন কংগ্ৰেছ সভাপতিৰ ওচৰত দাখিল কৰিছে ।

লক্ষণীয়ভাৱে দিল্লীত উপস্থিত হোৱা সিদ্দাৰামাইয়াই সোমবাৰে আন নেতাসকলক সাক্ষাৎ কৰিছিল যদিও খাৰ্গেক সাক্ষাৎ কৰা নাছিল । তেওঁ খাৰ্গেক সাক্ষাৎ কৰাৰ কথা আছে আৰু শিৱকুমাৰেও সেই বৈঠকত অংশগ্ৰহণ কৰিব । অৱশ্যে দুয়োগৰাকী নেতাই একেলগে দলৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰি শিৱকুমাৰে দিল্লী ভ্ৰমণ বাতিল কৰিছিল । অৱশ্যে সোমবাৰে নিশা শিৱকুমাৰৰ ভাতৃ তথা কংগ্ৰেছ সাংসদ ডি কে সুৰেশে দিল্লীত দলৰ সভাপতি খাৰ্গেক সাক্ষাৎ কৰে । তেওঁ কয় যে শিৱকুমাৰ আলোচনাৰ বাবে মঙলবাৰে দিল্লীত উপস্থিত হ'ব ।

লগতে পঢ়ক :Karnataka new CM: সিদ্ধান্ত ল’বলৈ বেছি সময় নালাগিব খাৰ্গেক; কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.