ETV Bharat / bharat

Nari Shakti Vandan Adhiniyam: নাৰী সংৰক্ষণ বিধেয়ক সংশোধনৰ দাবী কংগ্ৰেছৰ

author img

By ANI

Published : Sep 22, 2023, 1:21 PM IST

নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ লগে লগে চৰকাৰক বিভিন্ন পক্ষই অভিনন্দন জনাইছে । ইফালে বিৰোধী কংগ্ৰেছে আনন্দ প্ৰকাশ কৰাৰ লগতে এই বিধেয়কৰ খচৰা আইনৰ সংশোধনৰ দাবী জনাইছে ।

Nari Shakti Vandan Adhiniyam
নাৰী সংৰক্ষণ বিধেয়কৰ সংশোধনৰ দাবী কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ : সংসদত নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজনৈতিক নেতাসকলে প্ৰশংসা কৰা দেখা গৈছে । কিন্তু একাংশ কংগ্ৰেছ নেতাই এই বিধেয়কক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । কংগ্ৰেছৰ সাংসদসকলে বৃহস্পতিবাৰে খচৰা আইনৰ পৰা অ'বিচি উপ-কোটা বাদ দিয়াৰ বাবে আক্ৰমণ কৰে । কংগ্ৰেছৰ সাংসদ দীপেন্দৰ সিং হুডাই কেন্দ্ৰক অ'বিচি সম্প্ৰদায়ৰ দাবী উপেক্ষা কৰাৰ অভিযোগ কৰে । জ্যেষ্ঠ কংগ্ৰেছ নেতা কেচি বেণুগোপালেও পিছপৰা শ্ৰেণীৰ মহিলাসকলক সংৰক্ষণৰ পৰিসৰৰ পৰা আঁতৰাই ৰখাটো অলপ হতাশাজনক বুলি উল্লেখ কৰে ।

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যসভাত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হয় । লোকসভাৰ লগতে ৰাজ্যিক বিধান সভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণ সম্পৰ্কীয় এই বিধেয়কত ৰাজ্যসভাৰ ২১৪ জন সদস্যই সমৰ্থনত ভোট দিয়ে ।

খচৰা আইন সন্দৰ্ভত কংগ্ৰেছ সাংসদ হুডাই কয় যে, এই অধিবেশনত বিধেয়কখন অনাটো সফল তেতিয়াহে হ'লহেঁতেন যদি পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক কাৰ্যকৰী কৰাৰ প্ৰয়াস কৰা হ'লহেঁতেন । এই খচৰা আইনখন কেতিয়া কাৰ্যকৰী কৰা হ'ব কোনো ধাৰণা নাই । লোকপিয়ল বা সীমানিৰ্ধাৰণৰ পাছত ইয়াক আৰম্ভ কৰা হ'ব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । হুডাই আশা প্ৰকাশ কৰি কয় যে বিৰোধী নেতাসকলে এই আইনখন অতি সোনকালে কাৰ্যকৰী কৰাটো বিচাৰে ।

ইফালে কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয় যে বিধেয়কখন গৃহীত হোৱাত তেওঁ সুখী । কিন্তু কংগ্ৰেছে খচৰা আইনখনত কেইটামান সংশোধনৰ বাবে জোৰ দিছে । অ'বিচি উপ-কোটা আৰু আইনখন অতি সোনকালে কাৰ্যকৰী কৰাটো বিচাৰে কংগ্ৰেছে । অৱশ্যে, চৰকাৰে এই দুয়োটা দাবী প্ৰত্যাখ্যান কৰিছে বুলিও উদ্বেগ প্ৰকাশ কৰে বেণুগোপালে । ইফালে এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক একাংশ মহিলা সাংসদে প্ৰশংসা কৰাৰ লগতে ফুলৰ থোপা প্ৰদান কৰা দেখা গৈছে ।

লগতে পঢ়ক :Women's Reservation Bill 2023: মাতৃশক্তিৰ বৃদ্ধিয়ে দেশক এক নতুন দিশ দিব; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.