ETV Bharat / bharat

তেলেংগানাত হৰ্ছ ট্ৰেডিঙৰ ভূতে খেদিছে কংগ্ৰেছক; বিজয়ী প্ৰাৰ্থীক কৰ্ণাটকলৈ স্থানান্তৰৰ যো-জা

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 3:57 PM IST

Congress arranges flights, buses to curb poaching of candidates in Telangana
তেলেংগানাৰ বিজয়ী কংগ্ৰেছী প্ৰাৰ্থীৰ এপৰত বিৰোধীপক্ষৰ শেনচকু ! বিশেষ পদক্ষেপ কংগ্ৰেছৰ

কিছু সময়ৰ পাচতে চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিব নিৰ্বাচন আয়োগে ৷ বৰ্তমান চলি থকা ভোট গণনাত আসনৰ অগ্ৰগতি দিশলৈ চাই তেলেংগানা বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ৷

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ : আজি দেশৰ চাৰি ৰাজ্যত অব্যহাত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ ইয়াৰে ভিতৰত তেলেংগানা বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰ দিশে গতি কৰিছে কংগ্ৰেছে ৷ ৰাজ্যখনৰ বিজয়ী প্ৰাৰ্থীসকলক বিৰোধী দলে ক্ৰয় কৰিব নোৱাৰাকৈ সুৰক্ষিতভাৱে কৰ্ণাটকলৈ স্থানান্তৰ কৰিবলৈ দুখন বিশেষ বিমান, চাৰিখন হেলিকপ্টাৰ আৰু দুখন বাছৰ ব্যৱস্থা কৰিছে কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই ৷

ইতিমধ্যে, প্ৰতিদ্বন্দী দলে ৰাজ্যখনত জয় লাভ কৰা প্ৰাৰ্থীসকলক কঠোৰ নিৰীক্ষণত ৰখাৰ বাবে এজনকৈ বিশেষ পৰ্যবেক্ষক নিয়োগ কৰিছে । শনিবাৰে, এক গোপন সূত্ৰই জনোৱা অনুসৰি দলটোৱে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক হৰ্ছ ট্ৰেডিঙৰ পৰা সুৰক্ষিত কৰাৰ অৰ্থে এখন পঞ্চতাৰকা হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰোপৰি প্ৰাৰ্থীসকলক চোৱা-চিতাৰ বাবে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক শিবিৰটোৰ মুৰব্বী হিচাপে নিয়োগ কৰে ৷

লক্ষণীয় যে, কৰ্ণাটকৰ নিৰ্বাচনৰ সময়ত তেলেংগানাৰ সদস্যসকলে তেওঁক সহায় কৰাৰ বাবে উপ মুখ্যমন্ত্ৰী শিৱকুমাৰেও তেলেংগানাৰ দলীয় কৰ্মকৰ্তাসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ ইতিমধ্যে উপ মুখ্যমন্ত্ৰী শিৱকুমাৰে তেলেংগানা কংগ্ৰেছৰ বিধায়কসকলক কৰ্ণাটকৰ এক সুৰক্ষিত স্থানত শিবিৰ পতাৰ কথাত সমৰ্থন জনাই তেওঁলোকক কোনো অসুবিধা নোহোৱাকৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াৱোৰ আশ্বাস দিয়ে ৷

উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত বেছিসংখ্যক এক্সিট প’লে ভৱিষ্যতবাণী কৰিছিল যে তেলেংগানাত কংগ্ৰেছে 119 খনৰ আসনৰ ভিতৰত 60 খন আসন লাভ কৰি ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) ন বছৰীয়া শাসনৰ পৰিসমাপ্তি ঘটাব ৷

ইফালে বিআৰএছৰ সাংসদ কে কেশৱ ৰাৱে হৰ্ছ ট্ৰেডিঙৰ এই অভিযোগক নস্যাৎ কৰি কয় যে, তেওঁলোকৰ দলে কংগ্ৰেছৰ বিধায়কসকলক ক্ৰয় কৰাৰ কোনো প্ৰয়োজন নাই ৷ কিয়নো BRS এ এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাটো নিশ্চিত ।

লগতে এক্সিট প'লৰ জৰীপক অস্বীকাৰ কৰি সাংসদগৰাকীয়ে কৈছিল যে, BRS দলে এইবাৰো তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব ।

লগতে পঢ়ক: ৰাজস্থানত চৰকাৰ গঠনৰ দিশে বিজেপি ! বৃহৎ ভোটত জয়ী বসুন্ধৰা ৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.