ETV Bharat / bharat

মুখ্যমন্ত্ৰীৰ লগতে পঞ্জাৱত দুজনকৈ উপ-মুখ্যমন্ত্ৰী নিযুক্তিৰ সম্ভাৱনা

author img

By

Published : Sep 19, 2021, 2:19 PM IST

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটি(Punjab Pradesh Congress Committee)ৰ মুৰব্বী নৱজ্যোৎ সিং সিদ্ধু(Navjot Singh Sidhu)ৰ সৈতে কেইবামাহ ধৰি হোৱা বাক-বিতণ্ডাৰ অন্তত পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কেপ্টেইন অমৰিন্দৰ সিঙৰ(Captain Amarinder Singh) ৷ সিঙৰ পদত্যাগৰ পাচতে পঞ্জাৱত মুখ্যমন্ত্ৰীৰ লগতে দুজনকৈ উপ-মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰ সম্ভাৱনা ৷

Cong likely to appoint two Deputy CMs along with CM in Punjab
পঞ্জাৱত দুজনকৈ উপ মুখ্যমন্ত্ৰী নিযুক্তিৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ : কেপ্টেইন অমৰিন্দৰ সিঙৰ(Captain Amarinder Singh) পদত্যাগৰ পাচতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্বভাৰ কাক অৰ্পণ কৰা হ'ব, সেই লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ অমৰিন্দৰ সিঙৰ উত্তৰসূৰী কোন হ'ব তাক লৈ চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ লগতে পঞ্জাৱত দুজনকৈ উপ-মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰ সম্ভাৱনা আছে বুলি সূত্ৰই এক ইংগিত দিছে ৷

সিঙৰ পদত্যাগৰ পাচত এতিয়া কংগ্ৰেছৰ বিধায়কসকলে ছোনিয়া গান্ধী(Sonia Gandhi)ক পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰিছে ৷ উল্লেখ্য যে, পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটি(Punjab Pradesh Congress Committee)ৰ মুৰব্বী নৱজ্যোৎ সিং সিদ্ধু(Navjot Singh Sidhu) আৰু তেওঁৰ মাজত কেইবামাহ ধৰি হোৱা বাক-বিতণ্ডাৰ পাচত শনিবাৰে কেপ্টেইন অমৰিন্দৰ সিঙে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ৷

সিদ্ধুৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে, মুখ্যমন্ত্ৰীত্বৰ বাবে যিজনৰে নাম উত্থাপিত নহওক কিয়, তেওঁৰ সৈতে দুজন উপ-মুখ্যমন্ত্ৰী নিযুক্তি দিয়াটো একপ্ৰকাৰ নিশ্চিত ৷ অৱশ্যে মুখ্যমন্ত্ৰীসকলৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিচাপে কাক নামাকৰণ কৰা হৈছে, তাৰ ওপৰত নিৰ্ভৰ কৰিব ৷

2022 চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচন(2022 Punjab Assembly elections)ৰ ঠিক আগমূহুৰ্তত পঞ্জাৱ কংগ্ৰেছত সংঘটিত হোৱা এনে ঘটনাই আগন্তুক নিৰ্বাচনত নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : দলৰ মজিয়াত অপমানিত হোৱাৰ বাবেই পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.