দলৰ মজিয়াত অপমানিত হোৱাৰ বাবেই পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে

author img

By

Published : Sep 18, 2021, 4:58 PM IST

Punjab CM Captain Amarinder Singh likely to step down today: Sources

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পদত্যাগ ৷ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ সৈতে কথা পাতি শনিবাৰে পুৱাই এই সিদ্ধান্ত অৱগত কৰিছিল তেওঁ ৷

নেশ্বনেল ডেস্ক, 18 ছেপ্টেম্বৰ : শনিবাৰে, আবেলি পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৷ জানিব পৰা মতে, সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া পঞ্জাৱ কংগ্ৰেছ লেজিচলেটিভ পাৰ্টিৰ (চিএলপি) বৈঠকৰ আগতেই দলটোৰ হাইকমাণ্ডে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক এজন নতুন নেতা নিৰ্বাচনৰ বাবে কাগজপত্ৰ তৈয়াৰ কৰিবলৈ কোৱা হৈছিল । শনিবাৰে পুৱা কেপ্টেইন অমৰিন্দৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ সৈতে কথা পাতি জনাইছিল যে, দলৰ মজিয়াত তেওঁক অপমানিত কৰা হৈছে আৰু তাৰ বাবেই তেওঁ পদত্যাগ কৰিব ।

বৰ্তমান মুখ্যমন্ত্ৰী পদৰ বাবে সম্ভাৱনীয়তা থকা নামবোৰৰ ভিতৰত আছে প্ৰাক্তন পিচিচি সভাপতি সুনীল জাখৰ, মন্ত্ৰী সুখজিন্দৰ ৰন্ধাৱা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ কৌৰ ভট্টাল ৷ শনিবাৰে পুৱা কেপ্টেইন অমৰিন্দৰৰ সৈতে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ বাৰ্তালাপৰ পিছত সমৰ্থক বিধায়কসকলৰ সৈতে পদত্যাগৰ ইচ্ছাৰ বিষয়ে চৰ্চা কৰে ৷

লগতে পঢ়ক : দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.