ETV Bharat / bharat

LPG Cylinder Price Hike : আকৌ মহঙা হ’ল ৰন্ধনগেছৰ চিলিণ্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:00 AM IST

বাণিজ্যিক ৰন্ধনগেছৰৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি
LPG Cylinder Price Hike

গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিমাহৰ প্ৰথমটো তাৰিখত নিৰ্ধাৰণ কৰা হয় । সেই অনুসৰি ১ নৱেম্বৰত কৰৱা চৌথ আৰু দীপাৱলী উৎসৱৰ পূৰ্বে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে । গুৱাহাটীত ১৯ কেজিৰ এই চিলিণ্ডাৰৰ মূল্য ২০৬ টকা বৃদ্ধি পাইছে ।

নিউজ ডেস্ক, ১ নৱেম্বৰ : পুনৰ বৃদ্ধি ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্য । পেট্ৰ'লিয়াম কোম্পানীবোৰে নৱেম্বৰৰ প্ৰথম দিনটোতে গ্ৰাহকক এই মোক্ষম আঘাত দিছে । তথ্য অনুসৰি, ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০০ টকাতকৈও অধিক বৃদ্ধি কৰা হৈছে । উল্লেখ্য যে প্ৰতিমাহৰ প্ৰথম তাৰিখত পেট্ৰ'লিয়াম কোম্পানীবোৰে গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে । সেই অনুসৰি ১ নৱেম্বৰত কৰৱা চৌথ আৰু দীপাৱলী উৎসৱৰ পূৰ্বে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে । অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই ।

পেট্ৰ'লিয়াম কোম্পানীবোৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ পিছত বুধবাৰৰ পৰা ৰাজধানী দিল্লীত এই চিলিণ্ডাৰৰ নতুন হাৰ কাৰ্যকৰী হৈছে । আইঅ'চিএলৰ ৱেবছাইট অনুসৰি, দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য ১,৮৩৩ টকালৈ বৃদ্ধি কৰা হৈছে । যাৰ মূল্য ইয়াৰ পূৰ্বে ১,৭৩১ টকা আছিল ।

আনহাতে, মায়ানাগৰী মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ নতুন মূল্য ১৭৮৫.৫০ টকালৈ বৃদ্ধি কৰা হৈছে । পূৰ্বতে এই চিলিণ্ডাৰ মুম্বাইত ১,৬৮৪ টকাত উপলব্ধ আছিল । ইফালে কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য হৈছে ১,৯৪৩ টকা, যাৰ মূল্য পূৰ্বতে ১৮৩৯.৫০ টকা আছিল । চেন্নাইতো ইয়াৰ মূল্য ১,৯৯৯ লৈ বৃদ্ধি হয় । এই মূল্য ৫০ টকা বৃদ্ধি হৈছে । ইয়াৰ পূৰ্বে চেন্নাইত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ১,৮৯৮ টকা ।আনহাতে, গুৱাহাটীত বাণিজ্যিক ৰন্ধনগেছৰ চিলিণ্ডাৰৰ নতুন মূল্য হৈছে ১৯৩২ । গুৱাহাটীত ১৯ কেজিৰ এই চিলিণ্ডাৰৰ মূল্য ২০৬ টকা বৃদ্ধি পাইছে ।

উল্লেখ্য যে বিগত মাহত মোদী চৰকাৰে উজ্জ্বলা আঁচনিৰ অধীনত উপলব্ধ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি গ্ৰাহকক সকাহ প্ৰদান কৰিছিল । কিন্তু তাৰ বিপৰীতে পেট্ৰ'লিয়াম কোম্পানীবোৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে । বিগত মাহৰ অক্টোবৰত ইয়াৰ মূল্য ২০০ টকাতকৈও অধিক বৃদ্ধি হৈছিল । ইয়াৰ পিছত বুধবাৰে পুনৰ এইবিধ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হয় ।

লগতে পঢ়ক :Assam CM Meets JP Nadda in Delhi : দিল্লীত নাড্ডা-শ্বাহৰে বৈঠক ড৹ শৰ্মা-কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.