ETV Bharat / bharat

Bengaluru fraud case : প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ মন্ত্ৰী পিতা-পুত্ৰ

author img

By

Published : Sep 11, 2022, 3:56 PM IST

Bengaluru fraud case
প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ পিতা পুত্ৰ

ফ্লেট দিয়াৰ নামত প্ৰৱঞ্চনা কৰি অট্টালিকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু তেওঁৰ পুত্ৰ গ্ৰেপ্তাৰ । মন্ত্ৰী ডেভলপাৰ্ছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ সুশীল পি মন্ত্ৰী আৰু তেওঁৰ পুত্ৰ প্ৰতীক মন্ত্ৰীক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে (CID arrests Sushil Mantri and son)। অভিযুক্ত দুজনক সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব ।

নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : দেশৰ ভিন্ন প্ৰান্তত ফ্লেট দিয়াৰ নামত প্ৰৱঞ্চনা কৰাৰ ঘটনা সংঘটিত হৈ আহিছে (Cheating in the name of giving flats)। এইবাৰ বেংগালুৰু চহৰত এই প্ৰৱঞ্চনাৰ জাল পাতি বিপদত এটা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু তেওঁৰ পুত্ৰ । চিআইডিয়ে গ্ৰেপ্তাৰ কৰে দুয়োগৰাকী প্ৰৱঞ্চকক ।

জানিব পৰা মতে বেংগালুৰুৰ চৰ্চিত মন্ত্ৰী ডেভলপাৰ্ছ প্ৰাইভেট লিমিটেড (Mantri developers Pvt Ltd) নামৰ অট্টালিকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে বহু লোকক প্ৰৱঞ্চনা কৰি আহিছিল (Mantri developers chairman arrested)। বৃহৎ পৰিমাণৰ ধন লোৱাৰ লগতে বিনিয়োগকাৰীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে । ভুক্তভোগীসকলে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কুবন পাৰ্ক আৰু সুব্ৰমন্যপুৰা আৰক্ষী থানাত প্ৰৱঞ্চনাৰ গোচৰো ৰুজু কৰিছিল । ইয়াৰ পাছতে আৰক্ষীয়ে চিআইডিক গোচৰটো হস্তান্তৰ কৰে ।

অৱশেষত চিআইডিয়ে অভিযান চলাই প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক সুশীল পি মন্ত্ৰী আৰু তেওঁৰ পুত্ৰ প্ৰতীক মন্ত্ৰীক গ্ৰেপ্তাৰ কৰে (CID arrests Sushil Mantri and son)। সূত্ৰৰ মতে, প্ৰৱঞ্চক পিতা-পুত্ৰক শুকুৰবাৰে নিশা চিআইডিয়ে গ্ৰেপ্তাৰ কৰে (Sushil Mantri and son arrested in fraud case)। পৰৱৰ্তী সময়ত দুয়োগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ১২ ছেপ্টেম্বৰলৈকে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

অভিযুক্ত দুজনক সোমবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব । চিআইডিয়ে পুনৰ তেওঁলোকৰ জিম্মাত বিচাৰিব পাৰে । জানিব পৰা মতে অভিযুক্ত সুশীল মন্ত্ৰীক অলপতে ED য়ে এক ধন আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত অভিযুক্তই জামিনত মুক্তি লাভ কৰে ।

লগতে পঢ়ক :হাবিলদাৰৰ ৰূপ লৈ চিকিৎসকৰ পৰা লুটিলে 93 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.