ETV Bharat / bharat

Hemant Soren filed petition in SC : ইডিৰ চমনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত চোৰেন

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:29 PM IST

ভূমি কেলেংকাৰীৰ গোচৰত ইডিৰ চমনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন ৷ ৭ আগষ্টত ইডিয়ে সম্পত্তি সম্পৰ্কীয় বিৱৰণ বিচাৰি তেওঁক প্ৰথম চমন জাৰি কৰিছিল আৰু ১৪ আগষ্টত তেওঁক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল ৷

Hemant Soren filed petition in Supreme Court
উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত চোৰেন

নিউজ ডেস্ক, 24 আগষ্ট : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ভূমি কেলেংকাৰীৰ গোচৰত ইডিৰ চমনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৷ তেওঁ উচ্চতম ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছে ৷ এই কথা উল্লেখ কৰি, তথ্যবোৰ মেচেঞ্জাৰৰ জৰিয়তে ইডিৰ আঞ্চলিক কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম চমনৰ প্ৰতি যিধৰণে সঁহাৰি দিছিল সেইটোৱে স্পষ্ট কৰি দিছিল যে তেওঁ ইডি কাৰ্যালয়লৈ যোৱা নাছিল ৷ অৱশ্যে বৃহস্পতিবাৰে ইডি কাৰ্যালয়ৰ বাহিৰত সংবাদ মাধ্যমৰ এক সমাৱেশ হৈছিল ৷ অতিৰিক্ত বাহিনীও মোতায়েন কৰা হৈছিল ৷ সময়ৰ লগে লগে উৎকণ্ঠাও বাঢ়ি গৈছিল ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ হৈ উচ্চতম ন্যায়ালয়ত এছএলপি দাখিল কৰা হৈছে বুলি বাতৰি আহিছিল ৷ এই বিষয়টোত মুখ্যমন্ত্ৰীৰ সঁহাৰি পাবলৈ প্ৰকল্প ভৱনত সংবাদ মাধ্যমৰ সমাৱেশো হৈছিল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে দুপৰীয়া প্ৰায় ২ বজাত প্ৰকল্প ভৱনত উপস্থিত হয় কিন্তু সংবাদ মাধ্যমৰ সৈতে কোন মত বিনিময় কৰাৰ পৰা বিৰত থাকে ৷

বিগত ৭ আগষ্টত ইডিয়ে সম্পত্তি সম্পৰ্কীয় বিৱৰণ বিচাৰি তেওঁক প্ৰথম চমন জাৰি কৰিছিল আৰু ১৪ আগষ্টত তেওঁক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল ৷ এই সন্দৰ্ভত, মুখ্যমন্ত্ৰীৰ হৈ তীক্ষ্ণ ভাৱে ইডিৰ সহকাৰী সঞ্চালক দেৱব্ৰত ঝালৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে স্বাধীনতা দিৱসৰ ঠিক এদিন আগতে ১৪ আগষ্টত তেওঁক কেনেদৰে সোধা-পোছাৰ বাবে মাতিছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৷

প্ত্ৰত লিখা হৈছে যে, আপুনি আৰু আপোনাৰ ৰাজনৈতিক প্ৰভুসকলে ভালদৰে জানে যে মুখ্যমন্ত্ৰীয়ে ১৫ আগষ্টত পতাকা উত্তোলন কৰিব লাগিব। ইয়াৰ প্ৰস্তুতি এসপ্তাহ আগতে আৰম্ভ হয়। এই কথা জনা স্বত্বেও, তেওঁক ১৪ আগষ্টত মাতি অনা হৈছিল ৷ ইয়াৰ পৰা এইটো স্পষ্ট যে কেৱল তেওঁৰ নহয়, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ আৰু ঝাৰখণ্ডৰ জনসাধাৰণৰ সুনাম কলুষিত কৰাৰ ইচ্ছাকৃত প্ৰয়াস কৰা হৈছে ৷ তেওঁ অভিযোগ কৰিছিল যে যোৱা এবছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আহিছে ৷ ইয়াত কেন্দ্ৰীয় সংস্থাবোৰক ব্যৱহাৰ কৰা হৈছে ৷

একেখন পত্ৰৰ জৰিয়তে, মুখ্যমন্ত্ৰীয়ে ইডিক কৈছিল যে খনিৰ গোচৰটোৰ সন্দৰ্ভত যোৱা বছৰৰ ১৭ নৱেম্বৰত সোধা-পোছাৰ বাবে মতা হৈছিল ৷ সেই সময়ত তেওঁ তেওঁৰ পৰিয়ালৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ সকলো বিৱৰণ দিছিল ৷ 30 নৱেম্বৰ, 2022 তাৰিখে স্থাৱৰ সম্পত্তিৰ দলিলৰ এক প্ৰমাণিত প্ৰতিলিপি প্ৰদান কৰা হৈছিল ৷ বেংকৰ বিৱৰণো প্ৰদান কৰা হৈছিল ৷ তেওঁ লিখিছিল যে ২০২০ চনত বিজেপি সাংসদ নিশিকান্ত ডুবেৰ অভিযোগৰ ভিত্তিত লোকপালে তেওঁৰ পিতৃ শিবু চোৰেনৰ সম্পত্তিৰ তদন্তৰ দায়িত্ব চিবিআইক দিছিল ৷ তদন্তৰ সময়ত চিবিআইয়ে তেওঁৰ স্থাৱৰ সম্পত্তিত অবৈধভাৱে তালাচী চলাইছিল ৷ মুখ্যমন্ত্ৰীয়ে লিখিছিল যে ইডিয়ে যদি বিচাৰে তেন্তে চিবিআইৰ পৰা প্ৰতিবেদন ল'ব পাৰে ৷

এই সকলোবোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে ইডিয়ে চমন প্ৰত্যাহাৰ কৰিব লাগে নহ'লে তেওঁ আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ব ৷ ইয়াৰ পিছত ইডিয়ে 24 আগষ্টত মুখ্যমন্ত্ৰীলৈ দ্বিতীয় চমন প্ৰেৰণ কৰে ৷ সূত্ৰ অনুসৰি ইডিয়ে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰো দিছে ৷

লগতে পঢ়ক : Manipur CM summoned by Amit Shah: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক গৃহমন্ত্ৰী শ্বাহৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.