ETV Bharat / bharat

Manipur CM summoned by Amit Shah: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক গৃহমন্ত্ৰী শ্বাহৰ তলব

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব ৷ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি আৰু সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ মুখ্যমন্ত্ৰীৰে মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৷ মণিপুৰৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতি (Coordinating Committee on Manipur Integrity)ৰ নেতৃত্বকো আজি সাক্ষাৎৰ বাবে মাতি নিয়ে গৃহমন্ত্ৰী শ্বাহে ৷

Manipur CM has been summoned by Home Ministe
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক গৃহমন্ত্ৰী শ্বাহৰ তলব

Published : August 24, 2023 at 8:11 PM IST

Choose ETV Bharat

তেজপুৰ, ২৪ আগষ্ট: মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অৰ্থাৎ বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক নতুন দিল্লীলৈ তলব কৰে । এক বিশেষ সূত্ৰত জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু তেওঁৰ মন্ত্ৰী পৰিষদক মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা আৰু সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ তলব কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু তেওঁৰ মন্ত্ৰী পৰিষদে আজি বিশেষ বিমানযোগে দিল্লী অভিমুখে ৰাওনা হয় ।

Manipur CM has been summoned by Home Ministe
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং

ইফালে মণিপুৰৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতি (Coordinating Committee on Manipur Integrity)ৰ নেতৃত্বকো গৃহমন্ত্ৰী শ্বাহে আজি সন্ধিয়া ৮ বজাত সাক্ষাৎ কৰাৰ বাবে নতুন দিল্লীলৈ মাতি নিয়ে বুলি জানিব পৰা গৈছে । গৃহমন্ত্ৰী শ্বাহে মণিপুৰৰ হিংসাত্মক ঘটনাৰ এমাহৰ পিচত জুন মাহত মণিপুৰ ভ্ৰমণ কৰিছিল আৰু সোনকালেই ৰাজ্যখনৰ শান্তিৰ পৰিবেশ ঘূৰি আহিব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু ইয়াৰ পিচতে কুকি-জো সম্প্ৰদায়ৰ হিংসাত মৃত্যু হোৱা লোকসকলৰ অন্ত্যেষ্টিক্রিয়াৰ সময়ত আন এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ।

ইফালে, মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে ২২ আগষ্টত চমন জাৰি কৰি ২৯ আগষ্টৰ পৰা বিধানসভাৰ অধিৱেশনৰ আহ্বান জনোৱা বাবে পৰামৰ্শ আগবঢ়ায় ৷ মণিপুৰ বিধানসভাৰ সম্পাদক কে মেঘজিৎ সিঙে ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি, ইম্ফলৰ বিধানসভা হলত পুৱা ১১.০০ বজাৰ পৰা বিধানসভাৰ বৈঠক অনুষ্ঠিত হ’ব বুলি জাননী জাৰি কৰাৰ পাচতেই শাসক পক্ষৰ মাজত ব্য়াপক কুচ কাৱাজ আৰম্ভ হয় । দ্বাদশ মণিপুৰ বিধানসভাৰ চতুৰ্থ অধিবেশনৰ দিন ঘোষণাৰ পাচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ লগতে মন্ত্ৰী মণ্ডল তথা মণিপুৰৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতি নতুন দিল্লীলৈ তলব কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

Manipur CM has been summoned by Home Ministe
মণিপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আনহাতে পূৰ্বতে ২১ আগষ্টত আহ্বান জনোৱা মণিপুৰ বিধানসভাৰ বিশেষ অধিবেশন উক্ত দিনা অনুষ্ঠিত নোহোৱাত শাসকীয় দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটি ৷ ৰাজ্য চৰকাৰখনে বিধানসভাৰ অধিৱেশন আহ্বান কৰিবলৈ অস্বীকাৰ কৰাটো গণতন্ত্ৰক উপহাস কৰাৰ লগতে মণিপুৰত সাংবিধানিক ৰক্ষাকৱচ পতনৰ আন এক প্ৰমাণ বুলি দলটোক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছে।

লগতে পঢ়ক: Manipur assembly session : মণিপুৰ কেবিনেটৰ আহ্বানৰ পাছতো অনুষ্ঠিত নহ'ল বিধানসভাৰ অধিবেশন