ETV Bharat / bharat

Communist এ শোষণ চলাইছিল ত্ৰিপুৰাৰ কৃষকক : বিপ্লৱ কুমাৰ দেব

author img

By

Published : Nov 18, 2021, 12:24 PM IST

Chief Minister Biplab Kumar Deb criticises Communist
বাওঁপন্থী দলক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য় মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

বাওঁ দলক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য় ত্ৰিপুৰা(Tripura)ৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেব(CM Biplab Kumar Deb)ৰ । তেওঁৰ মতে, ত্ৰিপুৰাত বাওঁপন্থী দলৰ শাসন চলি থকা অৱস্থাত কৃষকৰ কল্যাণৰ বাবে চৰকাৰে কোনো কাম কৰা নাছিল । কেৱল কৃষকক শোষণ কৰিছিল ।

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ : ‘‘কমিউনিষ্ট পাৰ্টী(Communist) শাসনত থকা সময়ত ত্ৰিপুৰাৰ কৃষকক শোষণ কৰিছিল ।’’ চি পি আই (এম) দলক সমালোচনা কৰি এই মন্তব্য কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷ বুধবাৰে ত্ৰিপুৰা(Tripura)ৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে(Chief Minister Biplab Kumar Deb) মীন পালন মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশ লয় । অনুষ্ঠানটিত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে(Narendra Singh Tomar)ও অংশগ্ৰহণ কৰে । মীন পালন মহাবিদ্যালয়ত আয়োজিত এই অনুষ্ঠানতে মহাবিদ্যালয়ত স্থাপন কৰা এটা পৰীক্ষাগাৰ, একাডেমিক ভৱন আৰু পুথিভঁৰাল উদ্বোধন কৰা হয় ।

বিপ্লৱ কুমাৰ দেবে লগতে কয় যে, কৃষি(Agriculture)য়েই হৈছে একমাত্ৰ এনেকুৱা খণ্ড যি অতি কম সময়ৰ ভিতৰতে অৰ্থনীতিক উন্নত কৰিব পাৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "মই গৌৰৱ অনুভৱ কৰোঁ যে, ত্ৰিপুৰাত এতিয়া মানুহে চাকৰিৰ বাবে হাহাকাৰ কৰাৰ প্ৰয়োজন নাই । এতিয়া কৃষি আৰু উদ্যোগৰ সৈতে জড়িত হৈ ত্ৰিপুৰাৰ ৰাইজে অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে" । তেওঁৰ মতে, যদি বিজেপিয়ে দহ বছৰ আগতে ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন, তেন্তে অধিক উন্নয়নমূলক কাম কৰিব পাৰিলেহেঁতেন ।

মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে, ত্ৰিপুৰাত কৃষকৰ জনমূৰি আয় ৬,০০০ টকাৰ পৰা ১১,০০০ টকালৈ বৃদ্ধি পাইছে । পূৰ্বৰ চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বৰ চৰকাৰে কোনো লক্ষ্য আগত লৈ কাম কৰা নাছিল ।

তেওঁলোকে কেতিয়াও কৃষকসকলৰ হিতৰ বাবে কোনো কাম কৰা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ তোলে । তেওঁ কয় যে, কোনো লক্ষ্য নিৰ্ধাৰণ নকৰাকৈ কোনো চৰকাৰ সফল হ'ব নোৱাৰে । পূৰ্বৰ চৰকাৰে কৃষকসকলৰ জনমূৰি আয় বৃদ্ধি কৰাত ব্যৰ্থ হৈছিল আৰু চৰকাৰে কৃষকৰ উন্নয়নৰ বাবে কাম কৰা নাছিল বুলিও তেওঁ মন্তব্য কৰে । বৰ্তমানৰ চৰকাৰে কৰা কামৰ সৈতে পূৰ্বৰ চৰকাৰৰ কামৰ তুলনা কৰি তেওঁ কয় যে, বৰ্তমান চৰকাৰে এফ চি আইৰ জৰিয়তে উচিত মূল্যত কৃষকৰ পৰা ধান সংগ্ৰহ কৰিছে ।

তেওঁ লগতে অভিযোগ তোলে যে, বাওঁপন্থী দলে কৃষকসকলক কেৱল শোষণ কৰিছিল আৰু কৃষকক সমদল আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ব্যৱহাৰ কৰিছিল । আনহাতে, ৰাজ্যখনৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী প্ৰাণজিৎ সিনহা ৰয়ে(Pranjit Sinha Roy) কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৃষি আৰু কৃষকসকলৰ বাবে লকডাউন, কৰ'ণাসৃষ্ট পৰিস্থিতিৰ মাজতে যথেষ্ট কাম কৰি আছে । তেওঁ কয় যে, ত্ৰিপুৰাৰ পূৰ্বৰ চৰকাৰে ৰাজ্যখনত শাসন কৰিছিল ঠিকেই, কিন্তু কৃষকসকলৰ কল্যাণৰ কথা কেতিয়াও ভৱা নাছিল ।

মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ নেতৃত্বত ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত উচিত মূল্যৰ বিনিময়ত ধান ক্ৰয় কৰাকে ধৰি বহুতো পদক্ষেপ গ্ৰহণ কৰিছে । ফলত কৃষকসকলৰ আৰ্থিক দিশ টনকিয়াল হৈছে । অনুষ্ঠানটোত ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অনুপম মিশ্ৰ, ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ ডিন অধ্যাপক ৰতন কুমাৰ সাহাও উপস্থিত থাকে ।


লগতে পঢ়ক:Gambler arrested : জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.