ETV Bharat / bharat

Palladam Family Murder: চাঞ্চল্যকৰ ! নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ 4 সদস্য

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 8:46 AM IST

একেটা পৰিয়ালৰ 4 জন সদস্যক নৃশংসভাৱে হত্যা ৷ 2 গৰাকী মহিলাকে ধৰি 4 জনক হত্যা কৰে কোনো দুষ্ট চক্ৰই ৷ তামিলনাডুৰ পল্লাদম কল্লাকিনাৰু অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ 3 গৰাকী ভুক্তভোগীৰ থিতাতে মৃত্যু হোৱাৰ লগতে চতুৰ্থজনৰ মৃত্যু হয় চিকিৎসালয়ত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Mysterious Gang Hacks 4 People
একেটা পৰিয়ালৰ 4 জন লোক বলি নৃশংস হত্যাৰ

নেশ্যনেল ডেস্ক, 4 ছেপ্টেম্বৰ: তামিলনাডুৰ তিৰুপুৰ জিলাৰ পল্লাডামত চাঞ্চল্যকৰ ঘটনা ৷ তিৰুপুৰ জিলাৰ পল্লাডামৰ সমীপত একেটা পৰিয়ালৰ 2 গৰাকী মহিলাকে ধৰি 4 গৰাকী সদস্যৰ হত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ৰহস্যজনক কোনো চক্ৰই হেক কৰি হত্যা কৰা ঘটনাই সংশ্লিষ্ট অঞ্চলটোত সৃষ্টি কৰিছে উত্তেজনাৰ ।

ৰহস্যজনকভাৱে তামিলনাডুৰ পল্লাদম কল্লাকিনাৰু অঞ্চলত একেটা পৰিয়ালৰ দুগৰাকী মহিলাকে ধৰি 4 সদস্যৰ মূৰ কাটি কোনো ৰহস্যময় চক্ৰই হত্যা কৰাৰ কথা পোহৰলৈ আহিছে । চক্ৰটোৰ আক্ৰমণত মহনৰাজ, ৰথিনাম্বল আৰু পুষবাৱতীৰ থিতাতে মৃত্যু হয় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এগৰাকী ভুক্তভোগী সেনথিলকুমাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সেনথিলকুমাৰৰ । আন এজন ব্যক্তিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

চাঞ্চল্যকৰ হত্যাৰ খবৰৰ তথ্য লাভ কৰাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় পল্লাডাম আৰক্ষী ৷ পল্লাডাম আৰক্ষীয়ে সেনথিলকুমাৰক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে, আন তিনিটা মৃতদেহ জব্দ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিৰুপুৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে কি কাৰণে একেটা পৰিয়ালৰে চাৰিজনকৈ সদস্যক নৃশংসভাৱে হত্যা কৰা হ’ল বৰ্তমানেও পোহৰলৈ অহা নাই ৷

আনহাতে, একেটা পৰিয়ালৰ 4 জনকৈ সদস্যক হেক কৰি হত্যা কৰাৰ ঘটনাই অঞ্চলটোত যথেষ্ট উত্তেজনা আৰু আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । পল্লাডাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিচতে উক্ত স্থানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ভুক্তভোগী তিনিজনৰ মৃতদেহ আৰক্ষীয়ে লৈ যাবৰ সময়ত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিবলৈ পৰা গৈছে ।

হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতহে মৃত তিনিজনৰ মৃতদেহ নিবলৈ দিম বুলি আত্মীয়-স্বজন আৰু গাঁওবাসীয়ে দাবী কৰা পৰিলক্ষিত হৈছিল । আৰক্ষী বিষয়াসকলে সেনথিল কুমাৰৰ আত্মীয় আৰু গাঁৱৰ জনসাধাৰণৰ দাবীৰ প্ৰতি সন্মতি জনোৱাৰ পিছতহে প্ৰতিবাদকাৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত 3 জন সদস্যৰ মৃতদেহ নিবলৈ দিয়ে ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সেনথিল কুমাৰৰ ঘৰৰ সমীপত মদ্যপান কৰি থকা এজন ব্যক্তিক প্ৰশ্ন সোধাৰ পিচতে ঘটনাৰ সূত্ৰপাত ঘটে । অৱশ্যে এই পৰ্যন্ত ঘটনাৰ কাৰণ সন্দৰ্ভত লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো নিৰ্ভৰযোগ্য তথ্য ৷

লগতে পঢ়ক: Operation against Terrorism : নিষিদ্ধ ঘোষিত সংগঠনৰ 8 সন্দেহজনক সদস্য নিহত, মাৰণাস্ত্ৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.