ETV Bharat / bharat

Lander Vikram and rover Pragyan: চন্দ্ৰপৃষ্ঠত বিক্ৰম আৰু প্ৰজ্ঞানৰ লক্ষ্য কি ?

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:01 PM IST

চন্দ্ৰপৃষ্ঠত বুধবাৰে মসৃণ অৱতৰণত চন্দ্ৰযান-৩ মিছনৰ লেণ্ডাৰ 'বিক্ৰম' আৰু ৰ'ভাৰ 'প্ৰজ্ঞান'ৰ ওপৰত মুখ্যত দৃষ্টি নিবদ্ধ আছে । পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোৰ অধিক অন্বেষণৰ চাবিকাঠি ধাৰণ কৰা এই যমজৰ মুখ্য বিৱৰণ আৰু কাৰ্যকলাপৰ ওপৰত এক আলোকপাত ।

Lander Vikram and rover Pragyan
Lander Vikram and rover Pragyan

নিউজ ডেস্ক, ২৩ আগষ্ট : চন্দ্ৰযান-৩ মিছনৰ লেণ্ডাৰ 'বিক্ৰম' আৰু ৰ'ভাৰ 'প্ৰজ্ঞান'ৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । কিয়নো বুধবাৰে সন্ধিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ স্মৰণীয় অভিযানৰ মসৃণ অৱতৰণৰ সূচী নিৰ্ধাৰণ কৰা হৈছে । লেণ্ডাৰ-ৰ'ভাৰ যমজৰ তাৎক্ষণিক কামবোৰ কি, যি চন্দ্ৰলৈ অভিযানৰ সামগ্ৰিক সফলতাৰ বাবে গুৰুত্বপূৰ্ণ ।

ইছৰোৰ বিজ্ঞানীসকল বিক্ৰম আৰু প্ৰজ্ঞানৰ কাৰ্যকৰী কাৰ্যকলাপৰ বিষয়ে আত্মবিশ্বাসী । লেণ্ডাৰৰ চন্দ্ৰত স্পৰ্শ কৰা আৰু ৰ'ভাৰটো স্থাপন কৰাৰ ক্ষমতা আছে, যিয়ে তাৰ পিছত চন্দ্ৰপৃষ্ঠৰ ইন-চিটু ৰাসায়নিক বিশ্লেষণ কৰিব । দুয়োৰে চন্দ্ৰপৃষ্ঠত পৰীক্ষা-নিৰীক্ষা কৰিবলৈ বৈজ্ঞানিক পেলোড আছে । লেণ্ডাৰ আৰু ৰ'ভাৰৰ নিৰ্দিষ্টতা আৰু কাৰ্যকলাপৰ ওপৰত যথেষ্ট কৌতূহল আছে । ইয়াত তাৰে কিছু দিশ বিশ্লেষণ কৰা হৈছে ।

লেণ্ডাৰৰ মিছন কাল হৈছে এটা চন্দ্ৰ দিন, যিটো পৃথিৱীৰ ১৪ দিনৰ সমান । ইয়াৰ ভৰ ৰ'ভাৰকে ধৰি ১৭৪৯.৮৬ কিলোগ্ৰাম । ইয়াত চাৰিটা বৈজ্ঞানিক পেলোড আছে । Radio Anatomy of Moon Bound Hypersensitive ionosphere and Atmosphere-এ (RAMBHA) ওচৰৰ পৃষ্ঠৰ প্লাজমা (আয়ন আৰু ইলেক্ট্ৰন) ঘনত্ব আৰু সময়ৰ সৈতে ইয়াৰ পৰিৱৰ্তন জুখিব ।

চন্দ্ৰৰ ChaSTE (Surface Thermo physical Experiment) হৈছে মেৰু অঞ্চলৰ ওচৰত চন্দ্ৰপৃষ্ঠৰ তাপীয় গুণাগুণৰ জোখ লোৱা । Instrument for Lunar Seismic Activity নামৰ সঁজুলিটোৱে চন্দ্ৰ অৱতৰণ স্থানৰ চাৰিওফালে ভূমিকম্পৰ জোখ ল'ব । নাছাৰ LRA (Laser Retroreflector Array) হৈছে এক নিষ্ক্ৰিয় পৰীক্ষা, যাৰ উদ্দেশ্য হৈছে চন্দ্ৰ প্ৰণালীৰ গতিশীলতা বুজা ।

এলআৰএত Lander Hazard Detection & Avoidance Camera-কে ধৰি মুঠ ৭ টা ছেন্সৰ থাকিব । লেণ্ডাৰত ছয়টা প্ৰণালী আছে । সেইবোৰ হৈছে লেণ্ডাৰ লেগ, ৰ'ভাৰ ৰেম্প (প্ৰাথমিক আৰু মাধ্যমিক), ৰ'ভাৰ, ILSA, RAMBHA আৰু Chaste Payloads, Umbilical connector Protection প্ৰণালী আৰু X-Band এণ্টেনা ।

গুণগত আৰু পৰিমাণগত মৌলিক বিশ্লেষণৰ বাবে ৰ'ভাৰৰ এটা LIBS (Laser Induced Breakdown Spectroscope) প্ৰপালচন মডিউল আছে । এলআইবিএছ চন্দ্ৰপৃষ্ঠৰ বিষয়ে আমাৰ জ্ঞান অৰ্জনৰ বাবে ৰাসায়নিক গঠন আহৰণ কৰাত আৰু খনিজ গঠন তৈয়াৰ কৰাত সহায় কৰিব । Alpha Particle X-ray Spectrometer-এ (APXS) চন্দ্ৰৰ মাটি আৰু চন্দ্ৰ অৱতৰণ স্থানৰ চাৰিওফালে থকা শিলৰ মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকন, পটাছিয়াম, কেলচিয়াম, টাইটেনিয়াম, আইৰণ আদিৰ দৰে মৌলিক গঠন নিৰ্ধাৰণ কৰিব ।

লেণ্ডাৰ আৰু ৰ'ভাৰৰ উপৰি প্ৰপালচন মডিউলত আৰু এটা বৈজ্ঞানিক পেলোড আছে । সেইটো হৈছে Spectro-polarimetry of Habitable Planet Earth (SHAPE) payload । ই চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ স্পেক্ট্ৰেল আৰু পোলাৰিমেট্ৰিক জোখ ল'ব ।

লগতে পঢ়ক :Chandrayaan 3 Landing : নিৰ্ধাৰিত সূচী অনুসৰিয়ে অৱতৰণ কৰিব চন্দ্ৰযান-৩; ইছৰোৰ অধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.