ETV Bharat / bharat

AFSPA extended in NE: পৰিসীমা সংকোচনেৰে পূৰ্বোত্তৰৰ চাৰি ৰাজ্যত পুনৰ ছমাহলৈ ম্যাদ বৃদ্ধি AFSPAৰ

author img

By

Published : Mar 25, 2023, 11:11 PM IST

Updated : Mar 26, 2023, 1:29 PM IST

Himanta Biswa Sarma on AFSPA extension
AFSPA extended in NE

অশান্তজৰ্জৰ বুলি সততে চৰ্চিত উত্তৰ-পূবৰ তিনি ৰাজ্যত ‘‘অশান্ত অঞ্চল’’ৰ পৰিসীমা সংকোচিত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালেয় ৷ এক টুইটত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰা অনুসৰি অসম, নাগালেণ্ড আৰু মণিপুৰৰ ‘‘অশান্ত অঞ্চল’’ৰ পৰিসীমা হ্ৰাস কৰা হৈছে ৷ অৰুণাচলৰ কথা অৱশ্যে উল্লেখ কৰা হোৱা নাই উক্ত টুইটত ৷ পৰিসীমা হ্ৰাস হ’লেও কিন্তু পুনৰ ছমাহৰ বাবে অসম, নাগালেণ্ড, অৰুণাচল আৰু মণিপুৰত ম্যাদ বৃদ্ধি কৰা হ’ল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, 1958 চমুকৈ AFSPA ৰ (AFSPA extended in NE states) ৷

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্যত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, 1958 চমুকৈ AFSPA (আৰ্মড ফ’ৰ্চেচ স্পেচিয়েল এক্ট) বলৱতৰ পৰিসীমা সংকোচিত কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে এক টুইটযোগে সদৰী কৰিছে এই তথ্য ৷ লগতে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ দিশটো উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলিও উল্লেখ কৰে (AFSPA extended in NE states) ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এয়া এক ঐতিহাসিক দিন ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে পুনৰবাৰ AFSPA ৰ অধীনত অসম, নাগালেণ্ড আৰু মণিপুৰৰ অশান্ত অঞ্চলৰ পৰিসীমা হ্ৰাস কৰিছে ৷” (Disturbed areas decreased in NE states)

  • A historic day for the Northeast!

    PM @narendramodi led GoI has once again decided to decrease the disturbed areas in Nagaland, Assam and Manipur under the AFSPA. This decision has been taken on account of significant improvement in the security situation in North-East India.

    — Amit Shah (@AmitShah) March 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ আৰু কয়, ‘‘ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ-পূবৰ নিৰাপত্তা, শান্তি আৰু উন্নয়নক অগ্ৰাধিকাৰ দিছিল ৷ ইয়াৰ বাবেই অঞ্চলটো এতিয়া শান্তি আৰু উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে’’ । উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনি অঞ্চলটোক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

লগতে পঢ়ক : Jal Jeevan Mission; ২০২৪ চনৰ ৩১ মাৰ্চৰ আগত জল জীৱন মিছনৰ কাম সম্পন্ন কৰিব নোৱাৰা ঠিকাদাৰ ব্লেকলিষ্টেড হ’ব : মুখ্যমন্ত্ৰী

গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই বিশেষ অনুষ্ঠানত উত্তৰ-পূবৰ আমাৰ ভগ্নী-ভাইসকললৈ শুভেচ্ছা জনাইছো’’ । লগতে গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট উন্নতিৰ ফলত 2023 চনৰ 1 এপ্ৰিলৰ পৰা অসমৰ 9 খন জিলাৰ পৰিৱৰ্তে 8 খন জিলাতহে এই কঠোৰ আইন বলবৎ কৰা হ’ব । ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটাৰযোগে সদৰী কৰা এই প্ৰসংগক অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো শলাগ জনায় (Himanta Biswa Sarma on AFSPA extension) ৷

  • We are witnessing a golden era in the North East.

    As the on ground security situation improves-due to a host of pro people policies- I express my profound gratitude to Adarniya PM @narendramodi ji for further reducing the disturbed areas in Assam, Manipur and Nagaland (1/6)

    — Himanta Biswa Sarma (@himantabiswa) March 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮ ৰ অধীনত অৰুণাচল আৰু নাগালেণ্ডৰ কিছু অংশৰ "আশান্তি জৰ্জৰ এলেকাৰ" মৰ্যাদা ছমাহৰ বাবে বৃদ্ধি কৰিছে । কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে দুখন পৃথক অধিসূচনাযোগে উল্লেখ কৰে যে, দুয়োখন ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (AFSPA imposed in North East India)।

AFSPA ই নিৰাপত্তা বাহিনীক ৱাৰেণ্ট অবিহনে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে ৱাৰেণ্ট অবিহনে চৌহদত প্ৰৱেশ বা তালাচীৰ লগতে আন কিছুমান কাৰ্যৰ ক্ষমতা প্ৰদান কৰে । ২৪ মাৰ্চৰ গৃহবিভাগৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে অৰুণালচল টিৰাপ, চাংলাং আৰু লংডিং জিলাত ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ AFSPA ৰ ম্যাদ বৃদ্ধি কৰা হৈছে ।

তদুপৰি অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ নামচাই, মহাদেৱপুৰ আৰু চৌখাম থানাৰ অন্তৰ্গত অঞ্চলসমূহতো ভাৰত চৰকাৰে AFSPA সম্প্ৰসাৰণ কৰিছে । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮ ৰ (১৯৫৮ চনৰ ২৮) ধাৰা ৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাৰ লগতে অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ নামচাই আৰু মহাদেৱপুৰ থানাৰ অধীনৰ অঞ্চলক ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ছমাহৰ বাবে ‘অশান্ত অঞ্চল’ ঘোষণা কৰিছিল (AFSPA extended in Arunachal) ৷

লগতে পঢ়ক : Rahul Gandhi Press conference : সাংবাদিকক কিয় সমালোচনা কৰিলে ৰাহুল গান্ধীয়ে ?

গৃহ মন্ত্ৰণালয়ৰ অধিসূচনাত এই কথাও উল্লেখ কৰা হৈছে যে, নাগালেণ্ডৰ আন পাঁচখন জিলাৰ অন্তৰ্গত ২১ খন থানা আৰু আঠখন জিলাতো এইবাৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে কাৰ্যকৰী হোৱাকৈ ছমাহৰ বাবে "অশান্ত অঞ্চল" হিচাপে ঘোষণা কৰাৰ পিচত AFSPAৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৷ নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডিমা, মন, কিফিৰে, নোক্লক, ফেক, আৰু পেৰেন জিলাত আগন্তুক ছমাহৰ বাবে AFSPAৰ ম্যাদ বৃদ্ধি কৰা হৈছে (AFSPA extended in Nagaland) ।

ইয়াৰ উপৰিও নাগালেণ্ডৰ পাঁচখন জিলাৰ ২১ খন আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহত AFSPAৰ সম্প্ৰসাৰণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত জুনহেবোটো আৰু মকোকচুং জিলাত ছখনকৈ আৰক্ষী থানা, কহিমাৰ পাঁচখন আৰক্ষী থানা, ৱোখাত তিনিখন থানা আৰু লংলেং জিলাৰ ইয়াংলক থানা ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (১৯৫৮ চনৰ ২৮) ধাৰাত ৩ নং ধাৰাত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি নাগালেণ্ডৰ ৯ খন জিলা আৰু আন চাৰিখন জিলাৰ ১৬ খন আৰক্ষী থানাক ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰিছিল । ২০২২ চনৰ ১ অক্টোবৰৰ পৰা ২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ছমাহৰ বাবে AFSPA বলৱৎ কৰা হৈছিল সেইকেইখন জিলাত (AFSPA extended for six months in NE) ৷

লগতে পঢ়ক : Article 370 in JK : অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ উন্নয়নৰ বাবে আছিল মূল বাধা: কেন্দ্ৰীয় মন্ত্ৰী আঠৱালে

Last Updated :Mar 26, 2023, 1:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.