ETV Bharat / bharat

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান

author img

By

Published : Aug 19, 2022, 10:05 AM IST

Updated : Aug 19, 2022, 11:38 AM IST

Manish Sisodiya
দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বাসগৃহত চিবিআইৰ অভিযান

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে চিবিআইৰ অভিযান । শুকুৰবাৰে পুৱাই আপৰ মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত চিবিআইৰ দল (CBI raids against Manish Sisodia)। চিবিআইৰ দলক সম্পূৰ্ণ সহযোগিতা কৰাৰ আশ্বাস দিলে চিছোদিয়াই ।

নেশ্যনেল ডেস্ক,১৯ আগষ্ট : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ দল (CBI raids against Manish Sisodia)। দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ দুৰ্নীতি সম্পৰ্কীয় এক গোচৰত চিবিআইয়ে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে টুইটযোগে এই কথা প্ৰকাশ কৰিছে (Manish Sisodia tweet about CBI raid)। চিছোদিয়াই টুইটযোগে কয় যে চিবিআইৰ দল তেওঁৰ বাসগৃহলৈ আহিছে ।

  • सीबीआई आई है. उनका स्वागत है. हम कट्टर ईमानदार हैं . लाखों बच्चों का भविष्य बना रहे हैं.

    बहुत ही दुर्भाग्यपूर्ण है कि हमारे देश में जो अच्छा काम करता है उसे इसी तरह परेशान किया जाता है. इसीलिए हमारा देश अभी तक नम्बर-1 नहीं बन पाया.

    — Manish Sisodia (@msisodia) August 19, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

দলটোক তেওঁ স্বাগতম জনোৱাৰ লগতে সকলো প্ৰকাৰে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিছে । চিছোদিয়াৰ মতে তেওঁ এগৰাকী কঠোৰভাবে সৎ লোক । লাখ লাখ শিশুৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিছে দিল্লী চৰকাৰে । কিন্তু উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে যিয়ে দেশত ভাল কাম কৰে তেওঁকো হাৰাশাস্তি কৰা হয় । সেইকাৰণে আমাৰ দেশ এতিয়াও ১ নম্বৰ হ'ব পৰা নাই বুলিও তেওঁ টুইটত উল্লেখ কৰে ।

  • हम सीबीआई का स्वागत करते हैं. जाँच में पूरा सहयोग देंगे ताकि सच जल्द सामने आ सके. अभी तक मुझ पर कई केस किए लेकिन कुछ नहीं निकला. इसमें भी कुछ नहीं निकलेगा. देश में अच्छी शिक्षा के लिए मेरा काम रोका नहीं जा सकता.

    — Manish Sisodia (@msisodia) August 19, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

পুৱাৰ ভাগত তেওঁ এই সন্দৰ্ভত কেইবাটাও টুইট কৰে । আন এটা টুইটত তেওঁ কয় যে পূৰ্বেও তেওঁৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰা হৈছিল । কিন্তু এতিয়ালৈ একো পোৱা নগ'ল । তেওঁ আশাবাদী যে এই গোচৰতো একো নাপায় । দেশত শিক্ষাৰ উন্নয়নৰ বাবে তেওঁ কৰা কামত কোনেও বাধা দিব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে ।

  • ये लोग दिल्ली की शिक्षा और स्वास्थ्य के शानदार काम से परेशान हैं. इसीलिए दिल्ली के स्वास्थ्य मंत्री और शिक्षा मंत्री को पकड़ा है ताकि शिक्षा स्वास्थ्य के अच्छे काम रोके जा सकें.

    हम दोनों के ऊपर झूँठे आरोप हैं. कोर्ट में सच सामने आ जाएगा.

    — Manish Sisodia (@msisodia) August 19, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে আৰু এটা টুইটত চিছোদিয়াই এক প্ৰকাৰ কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু নেতাসকলক সমালোচনা কৰি কয় যে দিল্লীৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ উন্নয়ন দেখি তেওঁলোক বিচলিত হৈছে । সেয়ে স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰীক তেওঁলোকে টাৰ্গেট কৰিছে । যাতে দুয়োটা বিভাগৰে ভাল কামত বাধা দিব পাৰে । দুয়োগৰাকী মন্ত্ৰীৰ ওপৰত মিছা অভিযোগ জাপি দিয়া হৈছে আৰু আদালতত সকলো ফাদিল হ'ব বুলিও তেওঁ দাবী কৰে ।

  • दिल्ली के शिक्षा और स्वास्थ्य मॉडल की पूरी दुनिया चर्चा कर रही है।इसे ये रोकना चाहते हैं।इसीलिए दिल्ली के स्वास्थ्य और शिक्षा मंत्रियो पर रेड और गिरफ़्तारी

    75 सालों में जिसने भी अच्छे काम की कोशिश की,उसे रोका गया।इसीलिए भारत पीछे रह गया

    दिल्ली के अच्छे कामों को रुकने नहीं देंगे

    — Arvind Kejriwal (@ArvindKejriwal) August 19, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহত চিবিআইয়ে অভিযান চলোৱাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও সমগ্ৰ তদন্তত চিবিআইক সহযোগিতা কৰাৰ কথা প্ৰকাশ কৰিছে (Arabinda Kejriwal on CBI raid at Manish Sisodias House)। লগতে চিছোদিয়াৰ পক্ষত থাকি টুইট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ আদৰ্শ সম্পৰ্কে বিশ্বত চৰ্চা হৈছে (Delhi Chief Minister supports Manish Sisodia)। যাৰ বাবে বিৰোধীয়ে ইয়াক বাধা দিয়াৰ চেষ্টা কৰিছে ।

সেয়েহে দুয়োটা বিভাগৰ মন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰ আৰু অভিযানৰ দৰে পদক্ষেপ লৈছে । দিল্লীৰ ভাল কামবোৰ বন্ধ হ'বলৈ দিয়া নহ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে ।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাইও দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল । অৱশ্যে মানহানিৰ গোচৰত আদালতে স্থগিতাদেশ জাৰি কৰিছে (Stay order of Riniki Bhuya Sharma defamation case against Manish Sisodia) । লগতে পৰৱৰ্তী শুনানিৰ তাৰিখ ৩ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক :ৰামোজী ফিল্ম চিটি পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ

Last Updated :Aug 19, 2022, 11:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.