ETV Bharat / bharat

Coal Scam in West Bengal: পশ্চিমবংগত গ্ৰেপ্তাৰ কয়লা কেলেংকাৰীত জড়িত সাতজন ইচিএল বিষয়া

author img

By

Published : Jul 14, 2022, 2:13 PM IST

পশ্চিমবংগত গ্ৰেপ্তাৰ কয়লাৰ চোৰাং ব্যৱসায়ৰ কেলেংকাৰীৰ সন্দৰ্ভত ইষ্টাৰ্ণ কোলফিল্ডছ লিমিটেডত (ECL) সেৱা আগবঢ়োৱা জেনেৰেল মেনেজাৰসহ সাতজন বিষয়া (Seven officials arrested, including general manager of Eastern Coalfields Limited) ৷

CBI ARRESTS SEVEN ECL OFFICIALS IN BENGAL COAL SCAM
Coal Scam in West Bengal: পশ্চিমবংগত গ্ৰেপ্তাৰ কয়লা কেলেংকাৰীত জড়িত সাতজন ইচিএল বিষয়া

নেশ্যনেল ডেস্ক, 14 জুলাই: কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’য়ে (Central Bureau of Investigation) বুধবাৰে পশ্চিমবংগত কয়লাৰ চোৰাং ব্যৱসায়ৰ কেলেংকাৰীৰ সন্দৰ্ভত ইষ্টাৰ্ণ কোলফিল্ডছ লিমিটেডত (ECL) সেৱা আগবঢ়োৱা জেনেৰেল মেনেজাৰসহ সাতজন বিষয়াক গ্ৰেপ্তাৰ কৰে (Coal smuggling scam in West Bengal)৷

চিবিআইৰ সূত্ৰই জনোৱা মতে, বুধবাৰে পুৱাৰ পৰা ইচিএলৰ সাতজন বিষয়াক মাৰাথন জেৰা আৰম্ভ কৰিছিল চিবিআইয়ে (Marathon interrogation of seven ECL officials by CBI)৷ কিন্তু তেওঁলোকৰ বক্তব্যত বহু অসামঞ্জস্য দেখা গৈছিল আৰু সন্দেহ উপজাত অৱশেষত বুধবাৰে সন্ধিয়া চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিছিল ইচিএলৰ সাতজন বিষয়াক ।

গ্ৰেপ্তাৰ হোৱা বিষয়াসকলৰ ভিতৰত আছিল ইচিএলৰ প্ৰাক্তন জেনেৰেল মেনেজাৰ এ মল্লিক আৰু বৰ্তমানৰ ইচিএলৰ মেনেজাৰ মুকেশ কুমাৰ । পশ্চিমবংগত চলি থকা চোৰাং কয়লা ব্যৱসায়ৰ কেলেংকাৰীৰ তদন্ত চলাই আছে চিবিআই আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে (ED)৷ ইতিমধ্যে এই গোচৰটোৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু তেওঁৰ পত্নী ৰুজিৰা নাৰুলা বেনাৰ্জীক সোধা-পোছা কৰিছে চিবিআইয়ে (Trinamool Congress's General Secretary, Abhishek Banerjee and his wife Rujira Narula Banerjee in connection with the case)৷ কেলেংকাৰীটোত ১,৩০০ কোটি টকাৰ বিত্তীয় লেনদেনৰ সন্দেহ কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে ।

লগতে পঢ়ক: প্ৰাক্তন আইপিএছ বিষয়া সঞ্জীৱ ভাটক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.