ETV Bharat / bharat

Road accident in Karnataka: কৰ্ণাটকৰ চামৰাজনগৰত দাউ দাউকৈ জ্বলিল চলন্ত বাহন

author img

By

Published : Jan 2, 2023, 5:36 PM IST

কৰ্ণাটকত চামৰাজনগৰত দাউ দাউকৈ জ্বলি উঠিল এখন চলন্ত বাহন (Car caught fire in Chamarajanagar)। বাহনখনত থকা ছয়জন যুৱকৰ কথমপি প্ৰাণ ৰক্ষা । ঘটনাটোৰ বাবে দায়ী সকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

Car caught fire at Chamarajanagar in Karnataka
চামৰাজনগৰত চলন্ত বাহনত অগ্নিকাণ্ড

নেশ্য়নেল ডেস্ক, ২ জানুৱাৰী : কৰ্ণাটকৰ চামৰাজনগৰত চলন্ত অৱস্থাতে এখন বাহন হঠাৎ দাউ দাউকৈ জ্বলি উঠে ৷ সেই সময়ত বাহনখনত থকা ছজন যুৱকৰ কথমপি প্ৰাণ ৰক্ষা পৰে । এই যুৱককেইজনে পথত শুকাবৰ বাবে মেলি দিয়া শস্য় আৰু খেৰৰ ওপৰেদি বাহনেৰে গৈ থকাৰ সময়তেই বাহনখনত অগ্নিকাণ্ড সংঘটিত হয় (Car caught fire at Chamarajanagar in Karnataka)। গুণ্ডলুপেট তালুকৰ হোনেগৌড়ানাহাল্লি-গোপালপুৰা পথত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি যুৱককেইজনে বাহনেৰে গৈ থাকোতেই জুইৰ সূত্ৰপাত ঘটি বাহনখন সম্পূৰ্ণৰূপে জ্বলি উঠে (Accident at Chamarajanagar in Karnataka)। এই বাহনখনৰ চকাত লাগি থকা এডাল লোহাৰ পৰা স্ফুলিংগৰ সৃষ্টি হোৱাৰ পিছত অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেআইনীভাৱে ৰাস্তাত খেৰ মেলি দিয়া লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

সূত্ৰসমূহে কয় যে, হোনেগৌড়ানাহাল্লি-গোপালপুৰা পথৰ বহুতো অংশত খেৰ শুকাবলৈ মেলি আছে (Honnegowdanahalli-Gopalpura road) । সেয়েহে এই বাহনখন সেইবোৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ বাহিৰে আন কোনো উপায় নাছিল (Car catches fire in Gundlupet taluk )। এইদৰে গৈ থাকোতে খেৰ চকাত লাগি যোৱাত ঘৰ্ষণৰ সৃষ্টি অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ পিছতেই কেৰালাৰ পৰা অহা ছয়জন আৰোহীয়ে গাড়ীৰ পৰা জঁপিয়াই কথমপি প্ৰাণ ৰক্ষা কৰে । গাড়ীখন কেইমিনিটমানৰ ভিতৰতে ভস্মীভূত হয় ।

লগে লগে স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও বিফল হয় (Moving car caught fire in Karnataka)। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাসমূহক ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় । অৱশ্যে ইয়াৰ পূৰ্বেই বাহনখন সম্পূৰ্ণৰূপে জ্বলি যায় । এই ঘটনাত কোনো লোক আহত হোৱা নাই । ইপিনে, গুণ্ডলুপেট আৰক্ষী পৰিদৰ্শকে ঘটনাটোৰ বিষয়ে সোধা-পোছা কৰি এটা গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক:Mexico Prison attack: মেক্সিকোৰ কাৰাগাৰত বন্দুকধাৰীৰ আক্ৰমণত নিৰাপত্তাৰক্ষীসহ নিহত ১৪ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.