ETV Bharat / bharat

G20 Summit 2023 : জি-২০ বৈঠকৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখীন দিল্লীৰ ব্যৱসায়ী

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:30 PM IST

G20 Summit 2023
জি-২০ বৈঠকৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখীন দিল্লীৰ ব্যৱসায়ী

ভাৰতৰ সভাপতিত্বত জি-২০ বৈঠক সমাপ্ত হৈছে । এই বৈঠকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছিল । অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দিল্লীৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৩ দিনৰ বাবে বন্ধ আছিল । যাৰ বাবে ব্যৱসায়ীসকল প্ৰায় ৪০০ কোটিৰ লোকচানৰ সন্মুখীন হয় ।

নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : ভাৰতৰ সভাপতিত্বত সফলভাৱে সমাপ্ত হ'ল জি-২০ বৈঠক । ভাৰত চৰকাৰৰ বাবে ই সফল হ'লেও কিন্তু ই ব্যৱসায়ী আৰু ৰেষ্টুৰেণ্টৰ যথেষ্ট ক্ষতি সাধন কৰিছে । ইকনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, প্ৰায় ৪০০ কোটি টকাৰ আনুমানিক লোকচান হৈছে আৰু প্ৰায় ৯,০০০ ডেলিভাৰী কৰ্মচাৰী প্ৰভাৱিত হৈছে । জি-২০ প্ৰস্তুতি আৰু অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীৰ বজাৰ আৰু মলসমূহ ৩ দিনৰ বাবে বন্ধ আছিল ।

প্ৰভাৱিত ব্যৱসায়ীসকলৰ ভিতৰত কেৱল দিল্লীৰ প্ৰগতি ময়দানৰ ওচৰৰ সকলে নহয় নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ বহুতো ব্যৱসায়ীৰো বিক্ৰী কম হোৱা দেখা গৈছে । কাৰণ যান-বাহনৰ প্ৰতিবন্ধকতাৰ বাবে মানুহে ঘৰৰ ভিতৰত থাকিবলৈ বাধ্য হৈছিল । নতুন দিল্লী ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি অতুল ভাৰ্গৱে কোৱা মতে নতুন দিল্লীৰ ব্যৱসায়ীসকলে এই ৩ দিনৰ লকডাউনত প্ৰায় ৩০০-৪০০ কোটি টকাৰ আনুমানিক লোকচানৰ সন্মুখীন হৈছে ।

উল্লেখ্য যে নতুন দিল্লীৰ সকলো বাণিজ্যিক আৰু অৰ্থনৈতিক প্ৰতিষ্ঠান জি-২০ বৈঠকৰ বাবে ৮ ৰ পৰা ১০ ছেপ্টেম্বৰলৈ বন্ধ আছিল । ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত দিল্লীত খাদ্য আৰু বিতৰণ দুয়োটাই প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছিল আৰু এনচিআৰৰ বিক্ৰী ২০ শতাংশ হ্ৰাস পাইছিল । কিন্তু স্পষ্ট হৈ পৰিছে যে জি-২০ বৈঠকৰ বাবেই এই ক্ষেত্ৰত প্ৰভাৱ পৰিছিল ।

একে সময়তে কিছুমান ব্যৱসায়ীয়ে কয় যে তেওঁলোকৰ ব্যৱসায়ত কেৱল দিল্লীতে নহয় গুৰুগ্ৰামতো প্ৰভাৱ পৰিছিল । কাৰণ যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছিল । যাৰ বাবে সামগ্ৰীবোৰ দিল্লীৰ পৰা গুৰুগ্ৰামলৈ নোৱাৰিলে । ইয়াৰ উপৰিও, দিল্লীৰ শীৰ্ষ বজাৰসমূহৰ ভিতৰত থকা খান মাৰ্কেট, কনট প্লেচ আৰু জনপথৰ দৰে বজাৰসমূহো এই বন্ধৰ প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হৈছে । এই বজাৰবোৰ বিশেষকৈ বজাৰ আৰু খাদ্যৰ বাবে জনাজাত, য'ত বৃহৎ সংখ্যক বিদেশী পৰ্যটকেও ভিৰ কৰে । কিন্তু জি-২০ৰ বিভিন্ন নিষেধাজ্ঞাৰ ফলত এই বজাৰসমূহত থকা ব্যৱসায়ীসকল ক্ষতিৰ সন্মুখীন হয় ।

লগতে পঢ়ক :New Delhi Declaration at G20: জি-২০ৰ অধ্যক্ষতাক লৈ বিজেপিৰ ভূমিকাক সমালোচনা শশী থাৰুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.