ETV Bharat / bharat

Pakistani fisherman detained: গুজৰাটত দুই পাকিস্তানী মাছমৰীয়াক আটক

author img

By

Published : Oct 11, 2022, 2:49 PM IST

2 Pakistani fishermen apprehended by BSF off Gujarat coast
Pakistani fisherman arrested: গুজৰাটত দুই পাকিস্তানী মাছমৰীয়াক আটক

গুজৰাটত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ জালত দুই পাকিস্তানী মাছমৰীয়া (Pakistani fishermen arrested by BSF) । নালিয়াৰ বায়ু সেনা কেন্দ্ৰই স্থানীয় মাছমৰীয়াৰ সৈতে ছখনকৈ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা নাও প্ৰত্যক্ষ কৰাত লগে লগে খবৰ দিয়ে BSF ক । আটকাধীন মাছমৰীয়া কেইজন পাকিস্তানৰ চুজাৱাল জিলাৰ জিৰো পইণ্টৰ সমীপৰ গাঁৱৰ বুলি জানিব পৰা গৈছে ।

নেশ্যনেল ডেস্ক, ১১ অক্টোবৰ: গুজৰাটৰ ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানী মাছমৰীয়াৰ দপদপনি (Pakistani Fisherman in India) । প্ৰতিদিনে ভাৰতীয় জলসীমা অতিক্ৰম কৰি মাছ ধৰি আহিছে পাকিস্তানী মাছ মৰীয়াই । পাকিস্তানী মাছমৰীয়াক ৰোধিবলৈ সষ্টম সীমান্ত সুৰক্ষা বাহিনী (Border Security Force) তথা ভাৰতীয় বায়ুসেনা(Indian Air Force) । তৎসত্বেও প্ৰতিদিনেই অবাধে ভাৰতীয় জলসীমা অতিক্ৰম কৰি আহিছে পাকিস্তানী মাছমৰীয়াই । সোমবাৰেও পাকিস্তানী মাছমৰীয়াৰ বিৰুদ্ধে চলিল ভুজ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান ।

গুজৰাটৰ কচ্ছ জিলা উপকূলৰ ওচৰৰ ভাৰত-পাকিস্তান সীমান্তৰ ওচৰৰ খাদ অঞ্চলৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই আটক কৰে দুজন পাকিস্তানী মাছমৰীয়াক (Pakistani fishermen detained by BSF) । নালিয়াৰ বায়ু সেনা কেন্দ্ৰই সোমবাৰে পুৱা ১১.৪০ বজাত এখন মানৱবিহীন বিমান (Unmanned aerial vehicle) বাহন ব্যৱহাৰ কৰি হাৰামী নালাৰ এটা অঞ্চলত নিৰীক্ষণ কৰি সোমবাৰে পুৱা ১১.৪০ বজাত স্থানীয় মাছমৰীয়াৰ লগতে প্ৰত্যক্ষ কৰে ছখন মাছ ধৰা নাৱৰ চলাচল ।

লগে লগে ভুজ BSF ক সতৰ্ক কৰাত BSFৰ জোৱান সকলে তাৎক্ষণিকভাৱে এক বিশেষ অভিযান চলাই । অভিযান কালত দুজনকৈ মাছমৰীয়াক আটক কৰিবলৈ সক্ষম হয় BSF (BSF apprehended Pakistani fisherman) । ভুজ BSF য়ে উল্লেখ কৰে যে তেঁওলোকে ৯০০ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হাৰামী নালা অঞ্চলত চলোৱা বিশেষ অভিযান বৰ্তমানো অব্যাহত আছে ।

সীমান্ত সুৰক্ষা বাহিনীৰ জালত পৰা মাছমৰীয়া কেইজন ক্ৰমে য়াছিন শ্বেখ আৰু মহম্মদ শ্বেখ বুলি জানিব পৰা গৈছে । দুয়োৰে ঘৰ পাকিস্তানৰ চুজাৱাল জিলাৰ জিৰো পইণ্টৰ সমীপৰ এখন গাঁৱত বুলি সদৰি কৰিছে ভুজ BSFয়ে ।

উল্লেখ্য যে, যোৱা ৫ আগষ্টতো এজন পাকিস্তানী মাছমৰীয়াক আটক কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰিছিল পাঁচখন নাও । নিৰাপত্তাজনিত কাৰণত ভাৰতীয় মাছমৰীয়াসকলক খাদত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছে যদিও পাকিস্তানী মাছমৰীয়াসকলে অধিক লাভৰ আশাত ভাৰতীয় জলসীমাত প্ৰতিদিনে প্ৰৱেশ কৰি আহিছে ।

লগতে পঢ়ক: TSR jawan mysterious death : ত্ৰিপুৰাত TSR জোৱানৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.