ETV Bharat / bharat

TSR jawan mysterious death : ত্ৰিপুৰাত TSR জোৱানৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Oct 11, 2022, 1:07 PM IST

ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ এগৰাকী জোৱানৰ মৃতদেহ (TSR jawan mysterious death)। উলংগ অৱস্থাত অতিথিশালাৰ কোঠাত উদ্ধাৰ তামিলনাডু এছ বাবু নামৰ জোৱানৰ মৃতদেহ । আৰক্ষীয়ে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ।

TSR
ত্ৰিপুৰাত TSR জোৱানৰ ৰহস্যজনক মৃত্যু

নেশ্যনেল ডেস্ক,১১ অক্টোবৰ : ত্ৰিপুৰাৰ খোৱাই জিলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সোমবাৰে নিশা জিলাখনৰ এটা অতিথিশালাত উদ্ধাৰ হৈছে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ (TSR) এজন জোৱানৰ মৃতদেহ (TSR jawan body found from guest house)। অৱশ্যে এয়া স্বাভাৱিক মৃত্যু, আত্মহত্যা নে হত্যা সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই (Mysterious death of TSR jawan)।

ঘটনাস্থলীত ইতিমধ্যে আগৰতলাৰ ফৰেনচিকৰ দল উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছে । মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । জানিব পৰা মতে জোৱানগৰাকীৰ ঘৰ তামিলনাডুত । মৰণোত্তৰ পৰীক্ষাৰ অন্তত বুধবাৰে তামিলনাডুৰ মৃতকৰ পৰিয়ালক জোৱানজনৰ মৃতদেহ হস্তান্তৰ কৰা হ'ব ।

উল্লেখ্য যে টিএছআৰ ষষ্ঠ বেটেলিয়নত কৰ্মৰত জোৱানগৰাকীৰ নাম এছ বাবু (6th battalion TSR jawan dead)। মৃত জোৱানজনে যোৱা মে' মাহৰ শেষৰ ফালে ছুটীত তামিলনাডুৰ ঘৰলৈ গৈছিল । এমাহৰ ছুটীৰ অন্তত তেওঁ জুনত উভতি অহাৰ কথা আছিল । কিন্তু সময়ত কৰ্তব্যত যোগদান নকৰাত টিএছআৰৰ কমাণ্ডেণ্টে আগষ্টত তেওঁৰ ঘৰৰ ঠিকনালৈ এখন জাননী প্ৰেৰণ কৰিছিল ।

কিন্তু তাৰ পাছতো তেওঁৰ কোনো সন্ধান নাছিল । দেওবাৰে এছ. বাবু খোৱাই চহৰৰ টিকেডিকে ৰোডৰ স্বপ্নপুৰী নামৰ অতিথিশালালৈ আহিছিল আৰু এঘাৰ নম্বৰ কোঠা বুক কৰিছিল আৰু নিশাটো কটাইছিল । সোমবাৰে তেওঁ ৰামচন্দ্ৰঘাটত তেওঁৰ কৰ্মস্থানৰ মুখ্য কাৰ্যালয়লৈ গৈ কৰ্তব্যত যোগদান কৰাৰ কথা আছিল ।

কিন্তু মঙলবাৰে তেওঁ কৰ্তব্যত যোগদান নকৰাত বাকী কৰ্মচাৰীসকলে অতিথিশালাত যোগাযোগ কৰিছিল । অতিথিশালাৰ লোকসকলে কোঠাটোৰ দুৱাৰ খুলি জোৱানজনক মৃত অৱস্থাত উদ্ধাৰ কৰে । জোৱানজন শুই থকা বিচনাত আৰু মুখত তেজৰ দাগ স্পষ্ট আছিল । তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পাছতে আৰক্ষী আৰু ফৰেনচিকৰ দল ঘটনাস্থলীত উপস্থিত হয় (Police investigate TSR jawan dead incident)।

আৰক্ষীয়ে উল্লেখ কৰা মতে জোৱানজনক উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু শৰীৰৰ বিভিন্ন অংশত তেজৰ দাগ পোৱা গৈছে । মৃতদেহটো ইতিমধ্যে জিলা চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে মৃত জোৱানজনৰ বিচনাত কিছুমান ঔষধ আৰু খালী পেকেট পোৱা গৈছে । সম্প্ৰতি জোৱানজনৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Gang Rape in Jharkhand: ঝাৰখণ্ডত নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.