ETV Bharat / bharat

Cloudburst in Pithoragarh : উত্তৰাখণ্ডৰ চীনা সীমান্তত ডাৱৰ বিস্ফোৰণ; বিআৰঅ' দলং আৰু পথ ধ্বংস

author img

By

Published : Jul 19, 2023, 2:27 PM IST

Cloudburst in Pithoragarh
Cloudburst in Pithoragarh

পিথোৰাগড় জিলাৰ চীন সীমান্তত ডাৱৰ বিস্ফোৰণৰ ঘটনা । ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত সীমান্ত পথ সংগঠনৰ দলং খহি পৰে । দলংখনৰ লগতে পথটোও খহি পৰে । বিআৰঅ' দল ঘটনাস্থলীত উপস্থিত হৈছে ।

নিউজ ডেস্ক, ১৯ জুলাই : উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত সংঘটিত হৈছে এক ডাৱৰ বিস্ফোৰণৰ ঘটনা । চীন সীমান্তৰ ওচৰৰ কালাপানীত মঙলবাৰে নিশা সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণৰ ঘটনাটো । ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোত অৱস্থিত সীমান্ত পথ সংগঠনৰ (বিআৰঅ') দলং আৰু পথছোৱা বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

কালাপানীত সংঘটিত এই ডাৱৰ বিস্ফোৰণৰ ঘটনাত সীমান্ত পথ সংস্থাৰ গুৰুত্বপূৰ্ণ বেইলী দলং ভাঙি পৰে । যাৰ ফলত এই সমগ্ৰ অঞ্চলটো লিপুলেখ সীমান্তৰ পৰা বিচ্ছিন্ন হৈ পৰিছে । অৱশ্যে সকাহজনক কথা যে সীমান্তৰ এই অঞ্চলটোত ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ ফলত জনসাধাৰণৰ কোনো ক্ষতি হোৱা নাই । ইতিমধ্যে বিআৰঅ' দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে । ৰাজহ বিভাগৰ দলো ধাৰচুলাৰ পৰা কালাপানীলৈ ৰাওনা হৈছে । ৰাজহ বিভাগৰ দলটো সোনকালেই ঘটনাস্থলীত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।

কালাপানীত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত বিআৰঅ'ৰ দলংখন খহি পৰাত লিপুলেখ সীমান্তৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়া হৈছে । উল্লেখ্য যে পিথোৰাগড় জিলাৰ এই অংশটো অতি দুৰ্গম অঞ্চল । আনকি বিআৰঅ'য়েও পথটো নিৰ্মাণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগা হৈছিল । লগতে বেইলী ব্ৰীজ নিৰ্মাণৰ বাবেও যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিবলগা হয় । কিন্তু ডাৱৰ বিস্ফোৰণৰ ঘটনাই বিআৰঅ'ৰ যথেষ্ট ক্ষতি কৰিছে ।

ইফালে বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডত ১৮-ৰ পৰা ২১ জুলাইলৈ হাই এলাৰ্ট জাৰি কৰিছে । উল্লেখ্য যে সমগ্ৰ উত্তৰ ভাৰতত শেহতীয়া দিনবোৰত ধাৰাসাৰ বৃষ্টিপাত হয় । যাৰ ফলত ভয়ানক বান পৰিস্থিতিৰ সৃষ্টি হয় । উত্তৰাখণ্ডত বৰ্তমানেও ধাৰাসাৰ বৰষুণ চলি আছে । ৰাজ্যখনৰ সকলো নদী পানীৰে উপচি পৰিছে । লগতে প্ৰায় সকলোতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ।

মঙলবাৰে উত্তৰকাশীত এখন টেম্পো ভূমিস্খলনৰ ঘটনাত পতিত হৈ তললৈ বাগৰি পৰে । ইয়াৰ উপৰি হৰিদ্বাৰ জিলা বানপানীত প্লাবিত হৈছে । সেনাই অঞ্চলবোৰত উদ্ধাৰ অভিযান চলাবলগা হৈছে । আনহাতে, পৰ্বতৰ বেছিভাগ নদীয়ে পানীৰে উপচি পৰিছে । পাহাৰৰ পৰা নামি অহা পানীৰ ঢলৰ বাবে শতাধিক ৰাস্তা বন্ধ হৈ আছে । যাৰ ফলত চাৰধাম যাত্ৰাও বাৰে বাৰে ব্যাহত হৈ আহিছে ।

লগতে পঢ়ক :Namami Gange project in Chamoli Uttarakhand : মৃতকৰ সংখ্যা বৃদ্ধি 15 জনলৈ; দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.