ETV Bharat / bharat

Namami Gange project in Chamoli Uttarakhand : মৃতকৰ সংখ্যা বৃদ্ধি 15 জনলৈ; দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 19, 2023, 1:47 PM IST

Updated : Jul 19, 2023, 2:35 PM IST

চামোলিৰ অলকনন্দ নদীৰ পাৰত নিৰ্মিত নমামি গংগাৰ প্ৰকল্পত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ ৷ মৃতকৰ সংখ্যা বৃদ্ধি হৈছে 15 জনলৈ । কেইবাজনো আহত ৷ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ।

Namami Gange project in Chamoli Uttarakhand
নমামি গংগাৰ প্ৰকল্পত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ

নেশ্যনেল ডেস্ক, 19 জুলাই : উত্তৰাখণ্ডত মৰ্মান্তিক ঘটনা ৷ চামোলী জিলাৰ অলকানন্দা নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ দুৰ্ঘটনাটোৰ ফলত চামোলী জিলাৰ নমামি গংগা প্ৰকল্পস্থলীত বহু লোক বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰিছে । বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত কমেও 15 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় বুলি জানিবলৈ পৰা গৈছে ।

15 জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱাৰ লগতে একে সময়তে বহু লোকক জুয়ে পোৰাৰ তথ্যও পোৱা গৈছে । আহতসকলক পিপালকোটি চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিবলৈ পৰা গৈছে । ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত আৰক্ষী আৰু উদ্ধাৰকাৰী দল । দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে ।

ঘটনা সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ জিলাখনৰ আৰক্ষী অধীক্ষক চামোলী পৰমেন্দ্ৰ ডোভালে ঘটনা প্ৰসংগত কয় , "চামোলি জিলাৰ অলকানন্দা নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত 10 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত । আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।"

লগতে আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, 'এই ঘটনাত বদ্ৰীনাথ ঘাইপথৰ আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰো মৃত্যু হয় । ঘটনাটোত আঘাতপ্ৰাপ্ত লোকসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ পিচতে অৰ্থাৎ প্ৰথম তথ্যৰ ভিত্তিত 10 জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পৰা গৈছিল যদিও ইতিমধ্যে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে 15 জনলৈ । চামোলিৰ অলকানন্দা নদীৰ পাৰত নিৰ্মিত নমামি গংগাৰ প্ৰকল্পৰ ফালে বিস্ফোৰণ ঘটে ট্ৰেন্সফৰ্মাটোৰ । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বহু লোকৰ বিদ্যুৎস্পৃষ্ট হোৱাৰ খবৰ সম্প্ৰতি পোহৰলৈ আহিছে । চামোলিৰ নলা পৰিশোধন কেন্দ্ৰত ঘটনাটো সংঘটিত হৈছে ।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সাহায্য অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Ferry stuck in Majuli : ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী

Last Updated : Jul 19, 2023, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.