ETV Bharat / bharat

Womens World Boxing Championship 2023 : মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনাৰ অভিলেখ

author img

By

Published : Mar 26, 2023, 8:39 PM IST

Updated : Mar 26, 2023, 9:27 PM IST

Womens World Boxing Championship 2023
মহিলা বক্সিং চেম্পিয়নশ্বিপত উজলিল অসম কন্যা লাভলীনা বৰগোহাঁই

মহিলা বক্সিং চেম্পিয়নশ্বিপত উজলিল অসম কন্যা লাভলীনা বৰগোহাঁই (Boxer lovlina Borgohain won the gold medal)৷ প্ৰথমবাৰৰ বাবে মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি বক্সাৰ লাভলীনাই আজুৰি আনিবলৈ সক্ষম হ’ল স্বৰ্ণ পদক ৷ অসম কন্যা বক্সাৰ লাভলীনাৰ এই জয়ত এতিয়া গৌৰৱান্বিত হৈছে অসম তথা ভাৰতবাসী ৷

স্পৰ্টচ ডেস্ক, 26 মাৰ্চ : অসম তথা ভাৰতবাসীৰ বাবে এক সু-খবৰ ৷ দেওবাৰে কে ডি জাধৱ ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হোৱা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ নিজৰ দখললৈ আনিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে (Boxer Lovlina Borgohain won the gold medal) ৷ 75 কেজি শাখাত লাভলীনা বৰগোহাঁয়ে স্বৰ্ণ অৰ্জন কৰিলে ৷

প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিয়েই অসম কন্যা বক্সাৰ লাভলীনাই অষ্ট্ৰেলিয়াৰ বক্সাৰ কেটলিন পাৰ্কাৰক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় (Womens World Boxing Championship 2023)৷ বক্সাৰ লাভলীনা বৰগোহাঁইৰ এই সফলতাত এতিয়া সকলোৱে অভিনন্দন জনাইছে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি বক্সাৰ লাভলীনাক অভিনন্দন জনাইছে ৷

উল্লেখ্য যে, দেওবাৰে কে ডি জাধৱ ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হয় মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ 2023 ৰ চূড়ান্ত খেলখন । এই খেলতে 75 কেজি শাখাত খেলি অসম কন্যা লাভলীনা অষ্ট্ৰেলিয়াৰ বক্সাৰ কেটলিন পাৰ্কাৰক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে ।

গোটেই মেচখনত লাভলীনাই এটা ধাৰাতে খেলি আছিল ৷ আনকি খেলৰ তিনিটা ৰাউণ্ডতে ভাল প্ৰদৰ্শন কৰে বক্সাৰ লাভলীনাই ৷ অসম কন্যা বক্সাৰ লাভলীনা হৈছে 2023 ৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক সোণৰ পদক প্ৰদান কৰা চতুৰ্থগৰাকী খেলুৱৈ । এই খেলত বক্সাৰ লাভলীনাই অহৰহ আক্ৰমণ চলাই অষ্ট্ৰেলিয়াৰ বক্সাৰগৰাকীক বিশেষ সুযোগে নিদিলে ।

1997 চনৰ 2 অক্টোবৰত অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল লাভলীনা বৰগোহাঁইৰ । পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই জীয়ৰী লাভলীনা শৈশৱৰ পৰাই অতি সহজ-সৰল স্বভাৱৰ আছিল ।

অসমৰ এখন সৰু গাঁৱৰ পৰা অহা লাভলীনাৰ আছিল ডাঙৰ ডাঙৰ সপোন । ঘৰৰ আৰ্থিক অৱস্থা ভাল নহ’লেও লাভলীনা নিজৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ বলত ভাৰতৰ হৈ অলিম্পিকলৈ যাত্ৰা কৰিছিল ৷ লগতে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল অসম কন্যা বক্সাৰ লাভলীনাই ।

বক্সাৰ এম চি মেৰী কম আৰু বিজেন্দৰ সিঙৰ পিচতে বক্সিঙত ভাৰতৰ হৈ অলিম্পিকত পদক লাভ কৰা তৃতীয়গৰাকী বক্সাৰ হৈছে লাভলীনা বৰগোহাঁই । বক্সাৰ লাভলীনাই 2018 আৰু 2019 চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । 2017 আৰু 2021 ত এছিয়ান চেম্পিয়নশ্বিপতো তেওঁৰ দুটা ব্ৰঞ্জৰ পদক লাভ কৰে । কিন্তু এইবাৰ বক্সাৰ লাভলীনাই মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ 2023 ত স্বৰ্ণ পদক জয় কৰি সমগ্ৰ দেশক পুনৰ গৌৰৱান্বিত কৰে ।

লগতে পঢ়ক : World Boxing Final : দ্বিতীয়টো বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন নিখাত জাৰিনৰ

Last Updated :Mar 26, 2023, 9:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.