ETV Bharat / bharat

MP Brijbhushan slams Ramdev: ঘিউ ৭০০ টকীয়া নে ৪৫০০ টকীয়া ? ৰামদেৱক ভণ্ড আখ্যা ব্ৰীজ ভূষণ চৰণ সিঙৰ

author img

By

Published : Aug 20, 2023, 10:41 AM IST

গোণ্ডাৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙে কেৱল যোগগুৰু ৰামদেৱকে নহয় যোগী চৰকাৰকো সমালোচনা কৰে । বাণিজ্যৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ ব্যৱসায়ীসকল বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হোৱা বুলি তেওঁ দাবী কৰে ।

MP Brijbhushan slams Ramdev
ৰামদেৱক ভণ্ড আখ্যা ব্ৰীজ ভূষণ চৰণ সিঙৰ

নেশ্যনেল ডেস্ক,২০ আগষ্ট : পুনৰ বিতৰ্কত বিজেপি সাংসদ তথা মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিং । যোগগুৰু ৰামদেৱক ভণ্ড বুলি অভিহিত কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি নেতাগৰাকী । শনিবাৰে উত্তৰ প্ৰদেশ টেণ্ট কেটাৰ আৰু ডেকোৰেটৰ কল্যাণ ৰাজ্যিক কাৰ্যবাহীৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল । য'ত বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিং অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল । অনুষ্ঠানত ৰাইজক সম্বোধন কৰি তেওঁ যোগগুৰু ৰামদেৱক লক্ষ্য কৰি লয় । একে সময়তে, বিজেপি সাংসদগৰাকীয়ে তেওঁৰ নিজৰে দলৰ যোগী চৰকাৰকো লক্ষ্য কৰি লয় ।

সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙে কয় যে মহৰ্ষি পতঞ্জলিৰ নাম লৈ ভণ্ড কোটিপতি হৈছে । একেজন মহৰ্ষি পতঞ্জলিৰে এয়া তপোভূমি । একেখন দেশতে দেশী ঘিউ ৭০০ টকাত উপলব্ধ । একে সময়তে, একে ঘিউৰ মূল্য ৪৫০০ টকা । তেওঁ প্ৰশ্ন কৰে আচলতে ঘিউ ৭০০ টকীয়া নে ৪৫০০ টকীয়া ?

যোগী আদিত্যনাথ চৰকাৰক লক্ষ্য কৰি সাংসদগৰাকীয়ে কয় যে, প্ৰৱেশ বন্ধৰ বাবে ব্যৱসায়ীসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । অযোধ্যালৈ যোৱাত সকলো ফালৰ পৰা সমস্যা আছে । বাৰাবাঁকী আৰু খলিলাবাদৰ পৰা অহাতো অসুবিধা আছে, নৱাবগঞ্জ আৰু চুলতানপুৰৰ পৰা অহাত অসুবিধা হৈছে, অযোধ্যাৰ চাৰিওফালে বেৰিয়াৰ স্থাপন কৰা হৈছে । কিন্তু, অযোধ্যাত কোনো ভিৰ নাই । এই বাধাবোৰৰ বাবে, মানুহে তাৰ মাজেৰে পাৰ হ'বলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ।

তেওঁ লগতে কয় যে এই সময়ত ব্যৱসায়ীসকলে উন্নয়নৰ দিশত সমস্যাৰ সন্মুখীন হৈছে । চিকিৎসাৰ বাবে যোৱা ৰোগী আৰু পৰিচাৰকসকলেও সমস্যাৰ সন্মুখীন হৈছে । সাংসদগৰাকীৰ মতে উক্ত অনুষ্ঠানত এই মন্তব্য কৰাৰ অৰ্থ হৈছে যিসকলৰ বাবে তেওঁ ক'ব বিচাৰিছে তেওঁলোকৰ কাণত এই কথা পৰিব ।

ইফালে সাংসদগৰাকীৰ এই মন্তব্যৰ পাছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাংসদগৰাকীয়ে যোগী চৰকাৰক সমালোচনা কৰাক লৈ বিজেপিৰ ভিতৰচ'ৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :G20 2023: যুটীয়া স্বাস্থ্য, বিত্তমন্ত্ৰীৰ বৈঠকত মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.