ETV Bharat / bharat

তৃণমূলে বিপ্লৱ কুমাৰ দেৱৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে: কিশোৰ বৰ্মন

author img

By

Published : Aug 14, 2021, 12:19 PM IST

ত্ৰিপুৰাত ক্ষমতা দখলৰ বাবে তৃণমূল কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ তুলিছে ত্ৰিপুৰা বিজেপিৰ নৱনিযুক্ত সাধাৰণ সম্পাদক কিশোৰ বৰ্মনে । কেৱল এয়ে নহয়, তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলিও তেওঁ অভিযোগ উত্থাপন কৰিছে ।

Kishore Barman reaction
তৃণমূল কংগ্ৰেছক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কিশোৰ বৰ্মনৰ

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট : তৃণমূল কংগ্ৰেছক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য ত্ৰিপুৰা বিজেপিৰ সাধাৰণ সম্পাদক কিশোৰ বৰ্মনৰ । শুকুৰবাৰে তেওঁ অভিযোগ উত্থাপন কৰে যে, তৃণমূল কংগ্ৰেছে ক্ষমতা দখলৰ স্বাৰ্থত নীতি বহিৰ্ভূত কাম কৰিবলৈ আৰম্ভ কৰিছে । বিজেপিৰ যুৱ মৰ্চা আৰু মহিলা মৰ্চাই যুটীয়াভাৱে আয়োজন কৰা ৰেলীত অংশ লৈ তেওঁ অভিযোগ উত্থাপন কৰে যে, তৃণমূল কংগ্ৰেছে ক্ষমতা দখলৰ কু-অভিসন্ধি ৰচিছে । আনকি, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক হত্যা কৰাৰো ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।

এই অভিযোগ উত্থাপন কৰাৰ কাৰণ দৰ্শাই তেওঁ কয় যে, যোৱা ৩ আগষ্টৰ আবেলি মুখ্যমন্ত্ৰীয়ে আগৰতলা চহৰত খোজকাঢ়ি থকা সময়ত এখন দ্ৰুতবেগী বাহনে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বেষ্টনী ভাঙিবলৈ চেষ্টা কৰিছিল । তেওঁ কয় যে, এয়া কোনো সাধাৰণ ঘটনা নহয় । পূৰ্ব পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰা হৈছে বুলি তেওঁ অভিযোগ তোলে । তৃণমূল কংগ্ৰেছৰ নেতাসকলে ইয়াৰ জৰিয়তে কু-অভিসন্ধি কৰিছে বুলিও তেওঁ অভিযোগ কৰে ।

১৪ বছৰ ধৰি তেওঁ পশ্চিমবংগত আছিল বুলি জানিবলৈ দি কিশোৰ বৰ্মনে মমতা বেনাৰ্জীৰ শাসনকালত পশ্চিমবংগত অৰাজকতা আৰম্ভ হৈছিল বুলি তেওঁ অভিযোগ তোলে । উল্লেখ্য যে, বাঁওপন্থী দলৰ শাসনৰ অন্তিম সময়চোৱা আৰু মমতা বেনাৰ্জীৰ দহ বছৰীয়া শাসন কালত বৰ্মন পশ্চিমবংগত আছিল ।

তেওঁ কয় যে, তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত একেটা পদ্ধতি অৱলম্বন কৰি ক্ষমতা দখলৰ চেষ্টা কৰি আছে । কিন্তু, দুৰ্ভাগ্যবশতঃ ত্ৰিপুৰাৰ জনতাক তৃণমূল কংগ্ৰেছে নিজৰ জালত পেলাব নোৱাৰে বুলি তেওঁ কটাক্ষ কৰে । সকলো ষড়যন্ত্ৰ বিফল হ'ব আৰু সকলো ৰণনীতি কেৱল কাগজত থাকি যাব বুলি তেওঁ মন্তব্য কৰে ।

ত্ৰিপুৰাৰ জনতাই ৰাজ্যখনক আন পশ্চিমবংগলৈ পৰিণত কৰিবলৈ তৃণমূলক সুযোগ নিদিয়ে বুলি তেওঁ মন্তব্য কৰে । বৰ্মনে লগতে কয় যে, ত্ৰিপুৰাৰ ৰাইজে তৃণমূল কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে । দলটোৰ নেতাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি অপমানজনক মন্তব্য কৰাক লৈও কিশোৰ বৰ্মনে সমালোচনা কৰে ।

লগতে পঢ়ক:হিমাচল প্ৰদেশৰ লাহোল স্পিতিত ভয়াৱহ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.