ETV Bharat / bharat

Bilkis Bano case: উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়; ন্যায় পাবনে বিলকিছ বানুৱে ?

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:29 PM IST

গুজৰাট চৰকাৰে বিলকিছ বানু গোচৰৰ দোষীক আগতীয়াকৈ মুকলি কৰি দিয়াৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ৰায় সংৰক্ষিত কৰি ৰাখিছে । ৰেহাইৰ আদেশৰ বৈধতাৰ প্ৰশ্নত দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষিত কৰি ৰাখিছে । বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ১৬ অক্টোবৰৰ ভিতৰত দোষীসকলৰ ক্ষমা সম্পৰ্কীয় লেখৰ ইংৰাজী অনুবাদসহ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

Bilkis Bano case
Bilkis Bano case

নিউজ ডেস্ক, 12 অক্টোবৰ: 2002 চনৰ গুজৰাটৰ বহু বিতৰ্কিত গোধৰা কাণ্ডৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল বিলকিছ বানু ৷ কেৱল ধৰ্ষণেই নহয়, হত্যা কৰা হৈছিল তেওঁৰ পৰিয়ালৰ 7 গৰাকী সদস্যক ৷ কিন্তু সেই গোচৰৰ অপৰাধীক যোৱা বৰ্ষৰ স্বাধীনতা দিৱসৰ পূৰ্বে কাৰামুক্ত কৰি দিয়া হৈছে ৷ ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ত আবেদন জনাইছিল ভুক্তভোগী বিলকিছ বানোৱে ৷ বৃহস্পতিবাৰে আদালতে বিলকিছ বানুৰ আবেদনৰ ৰায়দন সংৰক্ষিত কৰে ৷

ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু বি ভি নাগৰাথানাৰ দ্বাৰা গঠিত বিচাৰপীঠে বিভিন্ন আবেদনকাৰীয়ে দাখিল কৰা ৰিজইণ্ডাৰৰ শুনানি গ্ৰহণৰ অন্তত ৰায়দান সংৰক্ষণ কৰে ৷ বিচাৰপীঠে কয়, ‘‘উত্তৰৰ যুক্তিৰ সন্দৰ্ভত আমি জ্যেষ্ঠ অধিবক্তা আৰু আৱেদনকাৰীসকলৰ বক্তব্য শুনিছোঁ । আমি গুজৰাট চৰকাৰৰ বাবে অধিবক্তাক মূল ৰেকৰ্ড দাখিল কৰিবলৈ আহ্বান জনাইছোঁ ৷’’

বিচাৰপীঠে কয়, ‘‘যিহেতু মূল লেখ নিৰ্দেশনা গুজৰাটী ভাষাত আছে আৰু সেয়েহে সোমবাৰৰ ভিতৰত মূল অভিলেখৰ সৈতে ইংৰাজী অনুবাদ দাখিল কৰা হ’ব । ইউনিয়ন অৱ ইণ্ডিয়ায়ো সোমবাৰে মূল ৰেকৰ্ড দাখিল কৰিব । ৰায় সংৰক্ষিত কৰা হৈছে ।"

শুনানিৰ সময়ত আবেদনকাৰীসকলৰ এজনক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়ছিঙে যুক্তি আগবঢ়ায় যে ৰেমিচনৰ সময়ত সংস্কাৰ আৰু প্ৰতিৰোধ দুয়োটা নীতিকে মনত ৰাখিব লাগিব । এজন আবেদনকাৰীৰ হৈ অধিবক্তা বৃন্দা গ্ৰ’ভাৰে আঙুলিয়াই দিয়ে যে দোষীসকলেও শাস্তি লাভ নকৰাৰ বাবে আৰোপ কৰা জৰিমনা ভৰিব পৰা নাই ।

দোষীসকলৰ সংস্কাৰৰ অধিকাৰ আৰু তেওঁলোকৰ অপৰাধৰ প্ৰকৃতিৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰিব পাৰি সেই সন্দৰ্ভত আদালতক সম্বোধন কৰিবলৈ বিচাৰপীঠে অধিবক্তাক আদেশ দিয়ে । বিচাৰপীঠে কয়, "এই গোচৰটো দুটা চৰমৰ কথা, আমি ধৰি লওঁ যে ৰেহাই আইন মতে বেয়া আছিল ৷ অপৰাধৰ স্বৰূপ আৰু তেওঁলোকৰ সংস্কাৰৰ অধিকাৰৰ মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি ? এনে অভিযুক্তৰ সংস্কাৰৰ কোনো অধিকাৰ নাই বুল আপুনি ক’ব নেকি ?"

আবেদনকাৰীৰ অধিবক্তাই জোৰ দি কয় যে চৰকাৰে তেওঁলোকৰ শাস্তি ৰেহাইৰ অনুমতি দিয়াৰ সিদ্ধান্তত কোনো অবৈধতা ধৰা পৰিলে অভিযুক্তসকলে পুনৰ কাৰাগাৰলৈ যাব লাগিব । এজন অধিবক্তাই দাবী কৰিছিল যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে স্বেচ্ছাচাৰী, কু-অভিপ্ৰায় আৰু পক্ষপাতমূলকভাৱে কাম কৰিছে । আদালতৰ সন্মুখত যুক্তি দিয়া হৈছিল যে মুক্তি অবৈধ আৰু অপৰাধমূলক ন্যায় ব্যৱস্থা প্ৰতিশোধমূলক নহয় ৷ তাৰ অৰ্থ এইটো নহয় যে আপুনি সংস্কাৰ কৰা বুলি প্ৰদৰ্শন নকৰাকৈ যিকোনো বিষয়ৰ পৰা ৰক্ষা পৰিব পাৰে ।

গুজৰাট চৰকাৰে দোষীক প্ৰদান কৰা ৰেহায়ক প্ৰত্যাহ্বান জনাই বিলকিছ বানুৱে দাখিল কৰা আবেদনৰ উপৰিও চিপিআই (এম) নেত্ৰী সুভাষিনী আলী, মুক্ত সাংবাদিক ৰেৱতী লাউল আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ৰূপ ৰেখা বাৰ্মাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনকে ধৰি আন কেইবাখনো ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ দ্বাৰা দোষীৰ ৰেহাই প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনোৱা হৈছে । দোষীক দিয়া ৰেহায়ৰ বিৰুদ্ধে টিএমচিৰ সাংসদ মহুৱা মৈত্ৰয়ো ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে ।

লগতে পঢ়ক: PM Modi Uttarakhand visit : দেৱভূমিলৈ নাহিলে ভাৰতক জনা নাযায়: প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.