Bihar politics : এইবাৰ বিহাৰতো বিসম্বাদৰ উকমুকনি

author img

By

Published : Jun 29, 2022, 5:49 PM IST

Bihar politics

একেদিনাই AIMIMৰ ৪ বিধায়কে যোগদান কৰিলে RJD দলত (4 MLAs from AIMIM join RJD party)। ইয়াৰ লগে লগে RJDৰ বিধায়কৰ সংখ্যা হ'লগৈ ৮০ । বিহাৰ বিধানসভাৰ একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ'ল RJD ।

নেশ্যনেল ডেস্ক,২৯ জুন : মহাৰাষ্ট্ৰৰ বিসম্বাদৰ জ্বৰ এইবাৰ বিহাৰত আৰম্ভ হৈছে নেকি ? বিহাৰৰ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ (AIMIM) বিধায়কৰ ওপৰত পৰিছে শিৱসেনাৰ বিসম্বাদী বিধায়কৰ প্ৰভাৱ । যাৰ বাবে দল ত্যাগ কৰি ইতিমধ্যে AIMIMৰ বিধায়কে যোগ দিছে ৰাষ্ট্ৰীয় জনতা দলত (AIMIM MLA join RJD)।

বুধবাৰে বিহাৰত AIMIM দলৰ ৪ গৰাকী বিধায়কে যোগদান কৰে লালু প্ৰসাদৰ দল RJDত । লগে লগে শক্তিশালী ৰূপত দেখা গৈছে বিৰোধী দল RJDক । RJDৰ নেতা তেজস্বী যাদৱে বুধবাৰে উক্ত চাৰি বিধায়কৰ সৈতে ৰাজ্যিক বিধান সভাত উপস্থিত হয় । ইয়াৰ পাছতে বিহাৰ বিধানসভাৰ একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হয় RJD ।

উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত ২০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা দলটোৱে ৫ খন আসনত জয়লাভ কৰিছিল । পাঁচ বিধায়ক আছিল আমুৰ সমষ্টিৰ পৰা আখটাৰুল ইমান, কোচাদামম সমষ্টিৰ পৰা মুহাম্মাদ ইজাৰ আছফি, জোকিহাট সমষ্টিৰ পৰা শ্বাহনাৱাজ আলম, বাইচি সমষ্টিৰ পৰা চৈয়দ ৰুকনুদ্দিন আৰু বাহাদুৰগুঞ্জ সমষ্টিৰ পৰা আজহাৰ নাইমি । আখটাৰুল ইমানক বাদ দি বাকী সকলোৱে আৰজেডিত যোগদান কৰিছে আৰু ২৪৩ জনীয়া বিধানসভাত RJDৰ বিধায়কৰ সংখ্যা ৮০ গৰাকীলৈ বৃদ্ধি হৈছে ।

AIMIM দলে ২০১৫ চনৰ বিহাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও আসন লাভৰ পৰা বঞ্চিত হৈছিল (Bihar Assembly election 2020)। ২০১৯ চনত বিহাৰত প্ৰথমবাৰৰ বাবে দলটোৱে কিষাণগঞ্জ আসন লাভ কৰিছিল । ২০২০ চনত, দলটো গ্ৰেণ্ড ডেমক্ৰেটিক চেকুলাৰ ফ্ৰণ্টৰ অংশীদাৰ হৈছিল আৰু আটাইকেইটা সমষ্টিতে যুঁজ দিছিল ।

উপেন্দ্ৰ কুশৱাহাক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল । কুশৱাহাৰ দল ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি (RLSP) অৱশ্যে ২০২১ চনৰ মাৰ্চৰ শেষৰ ফালে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ শাসনাধিষ্ঠ জেডি(ইউ)ৰ সৈতে মিত্ৰতা স্থাপন কৰে ।

ইফালে ২০২০ চনৰ নিৰ্বাচনৰ পাছত, RJDৰ ৭৫ গৰাকী বিধায়ক আছিল, আনহাতে বিজেপিৰ আছিল ৭৪ গৰাকী বিধায়ক । এন ডি এ মিত্ৰজোঁটৰ অংশ বিকাশশীল ইনছান পাৰ্টিৰ তিনিগৰাকী বিধায়কে পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল, যাৰ ফলত বিজেপিৰ বিধায়কৰ সংখ্যা ৭৭ লৈ বৃদ্ধি পাইছিল । ইফালে, ২০২২ চনত উপ-নিৰ্বাচনৰ সময়ত RJDয়ে বোচাহান বিধানসভা আসনত জয়লাভ কৰে, যাৰ ফলত ইয়াৰ সংখ্যা ৭৬ লৈ বৃদ্ধি হয় আৰু এতিয়া সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :Sikh of Afghanistan in trouble: আফগানিস্তানত শিখসকলৰ ধৰ্মীয় সম্পত্তি সুৰক্ষাৰ দাবী ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.