ETV Bharat / bharat

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাৰাণসীৰ সমাৱেশ স্থগিত

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 4:54 PM IST

Bihar CM Nitish Kumar Varanasi rally
Bihar CM Nitish Kumar

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাৰাণসীৰ সমাৱেশ স্থগিত ৰখা হৈছে । উত্তৰ প্ৰদেশৰ জে ডি ইউৰ প্ৰভাৰী শ্ৰৱণ কুমাৰে জনোৱা অনুসৰি অতি সোনকালে নতুন তাৰিখ ঘোষণা কৰা হ’ব ।

নিউজ ডেস্ক, 14 ডিচেম্বৰ: বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ সমাৱেশ সাময়িকভাৱে পিছুৱাই দিয়া হৈছে ৷ জনতা দল ইউনাইটেডৰ উত্তৰ প্ৰদেশৰ প্ৰভাৰী তথা বিহাৰৰ মন্ত্ৰী শ্ৰৱণ কুমাৰে সংবাদ মাধ্যমক জনাইছে এই কথা । স্থানৰ অভাৱত এই সমাৱেশ পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয় । বিহাৰৰ মন্ত্ৰী শ্ৰৱণ কুমাৰে শীঘ্ৰে নতুন তাৰিখ ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে ।

শ্ৰৱণ কুমাৰে কয় যে বিষয়াসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে । সেইবাবেই ঠাইৰ ব্যৱস্থা কৰা হোৱা নাছিল । এই সমাৱেশ বন্ধ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলিও তেওঁ কয় । কিন্তু জে ডি ইউ কোনো কাৰণতে পিছুৱাই নাযায় । অনাগত দিনত অতি সোনকালে এই সমাৱেশ অনুষ্ঠিত হ’ব ।

‘‘আমাৰ প্ৰতিনিধিসকলে পাঁচ দিন ধৰি বৈঠকত মিলিত হৈছিল । প্ৰশাসনে অনুমতি স্থগিত ৰাখি শেষত অনুমতি দিয়া নহ’ব বুলি ক’লে । যিখন মহাবিদ্যালয়ৰ চৌহদ এই সমাৱেশ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, তাৰ বিষয়াজনে কয় যে আমি আমাৰ কলেজত বুলড’জাৰ চলাব নোৱাৰো ।’’ জে ডি ইউৰ প্ৰভাৰী শ্ৰৱণ কুমাৰে কয় ।

শ্ৰৱণ কুমাৰ ইয়াতেই থমকি ৰোৱা নাছিল । তেওঁ কয় যে দেশৰ সংবিধান বিপদত পৰিছে । এয়া আছিল ‘‘গণতন্ত্ৰ বচাওক, সংবিধান বচাওক’’ সমদল । আমি বাৰাণসীৰ ৰাইজৰ মাজলৈ গৈ পুনৰ এই সমাৱেশ অনুষ্ঠিত কৰাৰ সংকল্প ল’ম ।

উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সমাৱেশক লৈ বিহাৰত ৰাজনীতি উত্তপ্ত হৈ পৰিছিল । বহুতে ক’বলৈ আৰম্ভ কৰিছিল যে ২০২৪ চনত নীতিশ কুমাৰে বাৰাণসী আসনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব । ইণ্ডি মিত্ৰজোঁটৰ উদ্দেশ্য পৰিষ্কাৰ কৰি বুজাবলৈ বাৰাণসীলৈ যাব নীতিশ কুমাৰ ।

লগতে পঢ়ক: সংসদত আতংক সৃষ্টি কৰা ৫ অনুপ্ৰৱেশকাৰীক আটক; ইউএপিএৰ অধীনত গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.