ETV Bharat / bharat

Bilaspur Bus Accident : প্ৰধানমন্ত্ৰীৰ ৰেলীলৈ গৈ থকা বাছ দুৰ্ঘটনাগ্ৰস্ত, ৩ জন নিহত

author img

By

Published : Jul 7, 2023, 11:57 AM IST

Updated : Jul 7, 2023, 1:53 PM IST

ছত্তীশগড়ৰ ৰায়পুৰত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল ৰেলী । ৰেলীত অংশগ্ৰহণৰ বাবে গৈ থকা বিজেপি কৰ্মী ভৰ্তি এখন বাছ দুৰ্ঘটনাগ্ৰস্ত । ৩ জনৰ মৃত্যু । মৃতকৰ পৰিয়ালক ৪ লাখকৈ টকা দিয়াৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ ।

Bilaspur Bus Accident
প্ৰধানমন্ত্ৰীৰ ৰেলীলৈ গৈ থকা বাছ দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,৭ জুলাই : ছত্তীশগড়ৰ বিলাসপুৰত শোকাৱহ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছে পিছফালৰ পৰা এখন ডাম্পাৰত খুন্দিয়ায় । ফলত ৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । বাছখনৰ ১০ জনতকৈ অধিক যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে । ৬ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় আৰু তাৰ ভিতৰত ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ৰায়পুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশাল জনসভাৰ আয়োজন কৰা হৈছে । সেই অনুষ্ঠানলৈ অম্বিকাপুৰৰ পৰা একাংশ বিজেপি কৰ্মী বাছখনেৰে গৈ আছিল । কিন্তু তীব্ৰ বেগী বাছখনে ৰাস্তাত ৰৈ থকা এখন ডাম্পাৰত খুন্দা মাৰে । ফলত বাছখনত থকা ২ জন বিজেপি কৰ্মী নিহত হয় । চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আন এজন লোকৰ ৷ আনহাতে ১০ জনৰো অধিক লোক আহত হয় । আহতসকলক বিলাসপুৰৰ এপ'ল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

দুৰ্ঘটনাটো বেলটাৰা নামৰ এটা অঞ্চলত সংঘটিত হৈছে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ চকাবোৰ বহু দূৰলৈ ছিটিকি গৈছিল ।

মৃতব্যক্তিসকল জামদেই বিশ্ৰামপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ধাৰাসাৰ বৰষুণ আৰু বাছ চালকৰ টোপনিৰ অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । অৱশ্যে দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে । আৰক্ষীৰ সহায়ত স্থানীয় লোকসকলে বাছৰ ভিতৰৰ লোকসকলক উদ্ধাৰ কৰে । আৰক্ষীয়ে দুৰ্ঘটনা সন্দৰ্ভত তদন্তও আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ পাছত হে জানিব পৰা যাব দুৰ্ঘটনাটো কাৰ ভুলৰ বাবে সংঘটিত হৈছিল ।

পথ দুৰ্ঘটনাটোক লৈ সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে । ছত্তীশগড় চৰকাৰেও দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । আনহাতে শোকাৱহ দুৰ্ঘটনাটোত নিহত লোকসকলৰ আত্মীয়লৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰে । ইফালে স্থানীয় প্ৰশাসনক আহতসকলৰ উপযুক্ত চিকিৎসাৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী বাঘেলে ।

লগতে পঢ়ক :Manipur violence: মণিপুৰত পুনৰ হিংসা; অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত মহিলা

Last Updated : Jul 7, 2023, 1:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.