ETV Bharat / bharat

অধ্যয়নত কোভিড-19 ৰোগীৰ তেজৰ বিষয়ে পোহৰলৈ বিশেষ তথ্য

author img

By

Published : Jun 6, 2020, 9:03 PM IST

কোভিড-19 ৰোগীৰ তেজৰ বিষয়ে
কোভিড-19 ৰোগীৰ তেজৰ বিষয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইমোৰি বিশ্ববিদ্যালয় (চিকিৎসাশাস্ত্ৰ অধ্যয়ন)ৰ অধ্যয়নত কোভিড-19 ৰোগীৰ তেজৰ বিশেষ তথ্য পোহৰলৈ আহিছে ৷ কোভিড-19 ৰোগীৰ তেজৰ গাঢ়তাৰ সৈতে চেকুৰা মৰা আৰু জ্বলনৰ সম্পৰ্কৰ যোগসূত্ৰ বিচাৰি উলিয়াইছে গৱেষকসকলে ৷

নিউজ ডেস্ক, 6 জুনঃ অধিকাংশ কোভিড-19 ৰোগীৰ তেজত চেকুৰা মৰাৰ বিষয়ে জ্ঞাত হোৱাৰ পিচতে এই বিষয়ে এক অধ্যয়ন চলায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইমোৰি বিশ্ববিদ্যালয় (চিকিৎসাশাস্ত্ৰ অধ্যয়ন)ৰ গৱেষকসকলে ৷ গৱেষকসকলে কোভিড-19 ৰোগীৰ তেজৰ গাঢ়তাক লৈ বিশেষ তথ্য লাভ কৰাৰ বিষয়ে প্ৰকাশ কৰিছে ৷

শিক্ষানুষ্ঠানখনৰ সহকাৰী অধ্যাপক কেৰিল মাইয়াৰে প্ৰকাশ কৰা অনুসৰি,কোভিড-19 অধিকাংশ ৰোগীৰে atypical তেজৰ চেকুৰা পোৱা বিষয়টো এক ৰহস্য ৷ যাৰ ফলত তেজৰ নমুনা সংগ্ৰহ কৰি তাক বিশেষ প্ৰক্ৰিয়াৰে নিৰীক্ষণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

তেজৰ প্লাজমাৰ চেকুৰা পৰীক্ষা কৰা 15 গৰাকী বিশেষভাৱে ৰোগাক্ৰান্ত কোভিড-19 ৰোগীৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানখনে পৰীক্ষণ কৰিছে ৷ তেওঁলোকৰ সকলোৰে তেজত সাধাৰণতকৈ অত্যধিক প্লাজমা ভিস্কচিটী পোৱা গৈছে ৷ সৰ্বাধিক ৰোগাক্ৰান্ত ৰোগীজনৰ দেহত সাধাৰণ অৱস্থাৰ বিপৰীতে দুগুন প্লাজমা ভিস্কচিটী পোৱা গৈছে, যিটোৱে তেজ গোট মৰাৰ বাবে দায়ী বুলি ঠাৱৰ কৰা হৈছে ৷

ৰোগীসকলৰ তেজ চেকুৰা মৰা বিষয়ত চিকিৎসা প্ৰদানৰ পিচটো এই কাৰ্য বন্ধ হোৱা নাছিল,যিটো সাধাৰণ নাছিল ৷ তেজত অত্যধিক জ্বলন সৃষ্টি কৰা ফিবৰিনোজেন নামৰ শৰ্কৰাবিধৰ অত্যধিক উপস্থিতি পোৱা গৈছিল ৷ গৱেষকসকলে বিচাৰি পাইছিল যে,এই শৰ্কৰাবিধৰ বাবেই প্লাজমা ভিস্কচিটী বৃদ্ধি পোৱাৰ লগতে তেজৰ চেকুৰা মৰাটো অধিক বৃদ্ধি পাইছিল ৷ ইয়াৰ ফলত গৱেষকৰ দলটোৱে সাধাৰণভাৱে কৰা পৰীক্ষণৰ দৰেই পৰীক্ষাগাৰত গ্লাছজাৰ ব্যৱহাৰ কৰি তেজৰ গাঢ়তা পৰীক্ষা কৰিছিল ৷ ইয়াৰ পিচতেই গৱেষকৰ দলটোৱে চিকিৎসাৰ বাবে অন্য পদ্ধতি ব্যৱহাৰ কৰিছিল ৷ ইয়াৰ ভিতৰত থেৰাপেটিক প্লাজমা বিনিময়কে ধৰি বহুকেইটা দিশ সন্নিৱিষ্ট হৈ আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.