ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ চম্ভলত অপহৃত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 20, 2020, 4:18 PM IST

উত্তৰ প্ৰদেশৰ চম্ভল জিলাৰ বনাঞ্চলত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃতদেহ। বুধবাৰে নিশা ঘৰৰ ওচৰৰে অৰ্জুন কুমাৰ নামৰ এজন যুৱকৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল কিশোৰীগৰাকী। আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ।

উত্তৰ প্ৰদেশৰ চম্ভলত অপহৃত কিশোৰীৰ মৃতদেহ উদ্ধাৰ
উত্তৰ প্ৰদেশৰ চম্ভলত অপহৃত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ চম্ভল জিলাৰ বনাঞ্চলত অপহৃত কিশোৰীৰ মৃতদেহ উদ্ধাৰ। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল ১৬ বছৰীয়া কিশোৰীগৰাকী। বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বনাঞ্চলত গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে। বুধবাৰে নিশা অৰ্জুন কুমাৰ নামৰ ঘৰৰ ওচৰৰে এজন যুৱকৰ সৈতে ঘৰৰ পৰা পলাই গৈছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো শুং-সূত্ৰ উলিয়াব পৰা নাছিল। অৱশেষত বৃহস্পতিবাৰে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাৰ পিছতে অভিযুক্ত অৰ্জুন কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু কিশোৰীগৰাকীৰ পিতৃয়ে অৰ্জুনৰ বিৰুদ্ধে অপহৰণ আৰু হত্যাৰ গোচৰ ৰুজু কৰে।

সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰৰণ কৰা হৈছে কিশোৰীগৰাকীৰ মৃতদেহ। গুন্ন'ৰ চক্ৰ বিষয়া কৃষ্ণ কান্ত সৰোজে কয় যে, কিশোৰীগৰাকীৰ পিতৃয়ে অভিযোগ তুলিছে যে, 'তেওঁৰ কন্যাক অভিযুক্ত অৰ্জুন কুমাৰে প্ৰথমে অপহৰণ কৰিছিল আৰু পিছত বনাঞ্চললৈ নি হত্যা কৰে। হত্যাৰ গোচৰত অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।' আৰক্ষীৰ জেৰাত অভিযুক্তই স্বীকাৰ কৰিছে যে, কিশোৰীগৰাকীৰ সৈতে নিজৰ জীৱনো শেষ কৰাৰ চেষ্টা কৰিছিল। কিন্তু ৰছী ধিলা হোৱাৰ বাবে ৰক্ষা পৰে। পিছত পুনৰ আত্মহত্যা কৰাৰ সাহস গোটাব নোৱাৰিলে বুলি স্বীকাৰোক্তি দিছে অৰ্জুন কুমাৰে। অভিযুক্তৰ জেৰা অব্যাহত থাকিব আৰু শীঘ্ৰেই কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলিও প্ৰকাশ কৰে চক্ৰ বিষয়া কৃষ্ণ কান্ত সৰোজে।

আনহাতে আৰক্ষীৰ মতে, নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী আৰু অভিযুক্ত দশম শ্ৰেণীৰ ছাত্ৰ অৰ্জুনৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। অভিযুক্ত অৰ্জুনে কিশোৰীগৰাকীক বিয়াৰ বাবে জোৰ দি আছিল। পৰিয়ালৰ লোকে কিশোৰীগৰাকীয়ে পঢ়া-শুনা কৰাতো বিচাৰিছিল আৰু বিয়াৰ বাবে অমান্তি হৈছিল। ই সমস্যা সমাধানৰ বাবে গাঁৱৰ জ্যেষ্ঠ লোকৰ উপস্থিতিত দুয়ো পক্ষৰ মাজত আলোচনাও হৈছিল। কিন্তু সকলো অসাৰ প্ৰতিপন্ন হ'ল। প্ৰেমৰ কৰুণ পৰিণতিহে পৰিলক্ষিত হ'ল।

লগতে পঢ়ক:সমাজবাদী পাৰ্টীৰে মিত্ৰজোঁট গঠনৰ ইংগিত শিৱপাল যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.