ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে তামিলনাডুলৈ উভতিব শশীকলা

author img

By

Published : Feb 4, 2021, 4:40 PM IST

নিৰ্বাচনৰ পূৰ্বে তামিলনাডুলৈ উভতিব শশীকলা
নিৰ্বাচনৰ পূৰ্বে তামিলনাডুলৈ উভতিব শশীকলা

অল ইণ্ডিয়াৰ প্ৰাক্তন অন্ন দ্ৰাবিড় মুন্নেত্ৰ কাঝাগাম চমুকৈ AIADMK ৰ প্ৰাক্তন নেতা ভি কে শশীকলাই বেংগালুৰুত কোৱাৰেন্টাইন সম্পূৰ্ণ কৰি ৭ ফেব্ৰুৱাৰীত তামিলনাডুলৈ উভতিব ।

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী: বৰ্তমানেও দেশত অব্যাহত আছে অতিমাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । অল ইণ্ডিয়াৰ প্ৰাক্তন অন্ন দ্ৰাবিড় মুন্নেত্ৰ কাঝাগাম চমুকৈ AIADMK ৰ প্ৰাক্তন নেতা ভি কে শশীকলাই বেংগালুৰুত কোৱাৰেন্টাইনত আছে । COVID-১৯ ত আক্ৰান্ত হৈ ৩১ জানুৱাৰীত বেংগালুৰু ভিক্টোৰিয়া চিকিৎসালয়ৰ পৰা সুস্থ হৈ সম্প্ৰতি কোৱাৰেন্টাইনত আছে নেতাগৰাকী । ৭ ফেব্ৰুৱাৰীত শশীকলাই কোৱাৰেন্টাইন সম্পূৰ্ণ কৰি তামিলনাডুলৈ উভতিব । নিৰ্বাচনৰ পূৰ্বে নেতাগৰাকী নিজ ৰাজ্যলৈ উভতিব । ইয়াকে দলীয় নেতাসকলৰ মনত আনন্দৰ লহৰ পৰিলক্ষিত হয় ।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মে' মাহত ৰাজ্যখনত ২৩৪ খন আসনৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যখনত শাসকীয় দল AIADMK ৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি কয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে চাউৰী চাউৰা শতবাৰ্ষিকী অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.