ETV Bharat / bharat

লক ডাউনঃ দৰিদ্ৰলৈ ২৯,৩৫২ কোটি টকাৰ সাহায্য কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Apr 13, 2020, 11:53 PM IST

লক ডাউ
লক ডাউনঃ দৰিদ্ৰলৈ ২৯,৩৫২ কোটি টকাৰ সাহায্য কেন্দ্ৰীয় চৰকাৰ

১৩ এপ্ৰিল পৰ্যন্ত দেশৰ ৩২.৩২ কোটি জনতালৈ ২৯,৩৫২ কোটিৰ টকাৰ সাহায্য আগবঢ়াইছে চৰকাৰে । প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত Direct Benefit Transfer ৰ জৰিয়তে এই সাহায্য আগবঢ়াই চৰকাৰে । সোমবাৰে এই কথা সদৰী কৰে বিত্ত মন্ত্ৰণালয়ে ।

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত ১৩ এপ্ৰিল পৰ্যন্ত ৩২.৩২ কোটি জনসাধৰণে চৰকাৰৰ পৰা লাভ কৰিছে ২৯,৩৫২ কোটি টকাৰ সাহায্য । সোমবাৰে এই কথা সদৰী কৰে বিত্ত মন্ত্ৰণালয়ে ।

লক ডাউ
লক ডাউনঃ দৰিদ্ৰলৈ ২৯,৩৫২ কোটি টকাৰ সাহায্য কেন্দ্ৰীয় চৰকাৰ

উল্লেখ্য যে, ২৬ মাৰ্চত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১.৭ লাখ কোটি টকা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত দেশৰ দৰিদ্ৰ জনসাধৰণৰ সহায়ৰ বাবে লকডাউনৰ সমছোৱাত মুকলি কৰিছিল ।

পেকেজৰ জৰিয়তে চৰকাৰে দৰিদ্ৰ, মহিলা, বয়োজ্যেষ্ঠ নাগৰিক আৰু কৃষকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰাৰ লগতে নগদ ধন বিতৰণ কৰাৰ কথা ঘোষণা কৰে । পেকেজত অন্তৰ্ভূক্ত সকলো ধৰণৰ বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নজৰ ৰাখিব বুলিও মন্তব্য কৰে মন্ত্ৰণালয়ে ।

ইয়াৰ উপৰিও বিত্ত মন্ত্ৰণালয়ে কয় যে, ভাৰত চৰকাৰৰ উজ্জ্বলা আঁচনিৰ জৰিয়তে ৯৭.৮ লাখ হিতাধিকাৰীক চিলিণ্ডাৰ বিতৰণ কৰা হয় । পেকেজত অন্তৰ্ভূক্ত তথ্য অনুসৰি, চৰকাৰে উজ্জ্বলা আঁচনি লাভ কৰা হিতাধিকীৰিসকলক ৩০ জুন তথা তিনি মাহৰ বাবে চিলিণ্ডাৰৰ যোগান ধৰিব ৷

আনহাতে, চৰকাৰে, PM-KISAN ৰ জৰিয়তে ১৪,৯৪৬ কোটি টকা ৭,৪৭ জন কৃষকলৈ আগবঢ়াইছে । ১৪ এপ্ৰিল পৰ্যন্ত দেশৰ ১৯.৯৬ কোটি মহিলাক জন ধন একাউণ্টৰ জৰিয়তে মুঠ ৯,৯৩০ কোটি প্ৰদান কৰা হয় ।

তাৰোপৰি চৰকাৰে, ২.৮২ কোটি বৃদ্ধ, বিধৱা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ১,৪০০ কোটি টকাৰ সাহায্য আগবঢ়াইছে । বৰ্তমান পৰ্যন্ত গৃহ নিৰ্মাণ কৰা লোক তথা শ্ৰমিকক ৩,০৭১ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে চৰকাৰে ।

New India Assurance দ্বাৰা দেশৰ ২২.১২ লাখ স্বাস্থ্য কৰ্মীকো বীমা আঁচনিত অন্তৰ্ভুক্ত কৰা হয় বুলি সদৰী কৰে বিত্ত মন্ত্ৰণালয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.