ETV Bharat / bharat

দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

author img

By

Published : Aug 16, 2020, 10:38 AM IST

1924 চনৰ 5 ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এটি মধ্যবিত্ত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৷ তেখেতৰ পিতৃ আছিল শ্ৰী কৃষ্ণবিহাৰী বাজপেয়ী আৰু মাতৃ শ্ৰীমতী কৃষ্ণা দেৱী ৷

Remembering Atal Bihar Vajpayee on his 2nd death anniversary
দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

নেশ্যনেল ডেক্স,16 আগষ্টঃ ভাৰতীয় জনতা পাৰ্টী দলৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য অটল বিহাৰী বাজপেয়ী এগৰাকী দুৰদৰ্শী তথা মহান নেতা হিচাপে সকলোৰে পৰিচিত ৷ 2020 বৰ্ষৰ 16 আগষ্ট অৰ্থাৎ আজি তেখেতৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী ৷

1924 চনৰ 5 ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এটি মধ্যবিত্ত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৷ তেখেতৰ পিতৃ আছিল শ্ৰী কৃষ্ণবিহাৰী বাজপেয়ী আৰু মাতৃ শ্ৰীমতী কৃষ্ণা দেৱী ৷

আজিপৰ্যন্ত তেখেতক ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত ‘অজাতশত্ৰু’ অৰ্থাৎ কোনো শত্ৰু নোহোৱা ব্যক্তি হিচাপে জনা যায় ৷ ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতৰ অৱদানক সুঁৱৰি তেখেতৰ মৃত্যুৰ দিনটোক দেশজুৰি ‘সু-শাসন’ দিৱস হিচাপে পালন কৰা হয় ৷

Remembering Atal Bihar Vajpayee on his 2nd death anniversary
দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

প্ৰাক্তন বিজেপী নেতাগৰাকীয়ে তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈছিল ৷ 1996 চনত প্ৰথমবাৰৰ বাবে মাত্ৰ 13 দিনৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল নেতাগৰাকী ৷ 1998ৰ পৰা 1999 চনলৈ 13 মাহৰ বাবে আৰু 1999 চনৰ পৰা 2004 চনলৈ এটা সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল তেওঁ ৷

একালৰ প্ৰভাৱশালী কংগ্ৰেছ দলৰ নেতাসকলৰ বাহিৰে অটল বিহাৰী বাজপেয়ীয়ে দেশৰ অন্যতম দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী আছিল ৷ এগৰাকী সফল ৰাজনৈতিকৰ উপৰিও বাজপেয়ীক কবি আৰু লিখক হিচাপেও জনা যায় ৷ 1950 চনতে এখন আৰ এচ এচৰ আলোচনীৰ দায়িত্ব চম্ভালিবৰ বাবে তেখেতে আইন বিদ্যালয়ৰ শিক্ষা আধাতে সমাপ্ত কৰিছিল ৷

দেশৰ প্ৰতি থকা নিৰপেক্ষ আস্থাৰ বাবে তেখেতক দেশৰ দ্বিতীয় সৰ্বোচ্চ সামৰিক সন্মান ‘পদ্ম বিভূষণ’ৰে সন্মানিত কৰা হৈছিল ৷ 1994 চনত তেখেতক ভাৰতৰ ‘সৰ্বশ্ৰেষ্ঠ সাংসদ’ হিচাপে সন্মানিত কৰা হৈছিল ৷ 2015 চনত তেখেতক দেশৰ সৰ্বোচ্চ সামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰা হৈছিল ৷

এগৰাকী সু-শাসক হিচাপে বাজপেয়ীৰ ৰাজনৈতিক কাৰ্যকাল প্ৰায় অৰ্ধ শতিকাজুৰি অব্যাহত আছিল ৷ নিজৰ শাসনকালতে তেখেতে ভাৰতক ধৰ্মনিৰপেক্ষ দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সংখ্যালঘু আৰু মুছলিম সম্প্ৰদায়ৰ লোকসকলক আশ্বস্ত কৰাৰ প্ৰয়াস কৰিছিল ৷

বাজপেয়ীয়ে কৈছিল, ‘একবিংশ শতিকাই ধৰ্মৰ নামত তৰোৱালৰ বলৰ দ্বাৰা সীমাৰ পুণৰ্নিমানৰ অনুমতি প্ৰদান নকৰে ৷ এইটো সমস্যা সমাধানৰ যুগ, বিৰোধৰ নহয় ৷’ ভাৰতৰ অন্যতম প্ৰিয় প্ৰধানমন্ত্ৰীগৰাকী কাশ্মীৰ সম্পৰ্কীয় মতবাদ-ইনছানিয়ত (মানৱতা), জামুৰিয়ত (গণতন্ত্ৰ), তথা কাশ্মীৰিয়ত(কাশ্মীৰৰ জনগণৰ পৰিচয়)ৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব ৷

‘শান্তি’ অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ প্ৰতীক আছিল ৷ দেশৰ প্ৰধান হিচাপে নিজৰ কাৰ্যকালৰ সময়ছোৱাত তেখেতে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সদায় শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল ৷ নাৰী সবলীকৰণ আৰু সামাজিক সমতাৰ সমৰ্থক হিচাপে বাজপেয়ীয়ে অগ্ৰগামী চিন্তা আৰু অগ্ৰগামী ভাৰতত বিশ্বাস কৰিছিল ৷

আটল বিহাৰী বাজপেয়ীয়ে সদায় ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে বিকশিত ভাৰতবৰ্ষৰ 5000 বৰ্ষৰ সভ্যতা আৰু ইতিহাসৰ বাবে সদায় থিয় দিছিল ৷

লগতে পঢ়ক-ধোনীৰ বাবে বিদায়ী মেচ অনুষ্ঠিত কৰিবলৈ বিচিচিআইক অনুৰোধ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.