ETV Bharat / bharat

ৰাম মন্দিৰ ভূমিপূজন : উৎসৱ সম্পৰ্কত জানিব লগা বহু কথা

author img

By

Published : Jul 29, 2020, 4:38 PM IST

অযোধ্যাৰ ৰাম জন্মভূমিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দিনৰ 11 বজাত আৰম্ভ হ'ব লগা এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিব 200 হাই-প্ৰফাইল ব্যক্তিয়ে ৷

উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
ৰাম মন্দিৰ ভূমিপূজন

নেশ্যনেল ডেস্ক, 29 জুলাই : অযোধ্যাৰ ৰাম মন্দিৰত ভূমিপূজন উৎসৱৰ বাবে সকলোবোৰ আয়োজন সম্পূৰ্ণ হৈ উঠিছে ৷ 5 আগষ্টৰ দিনা অযোধ্যাত আয়োজন কৰা হ'ব এই উৎসৱৰ ৷ দিনৰ 11 বজাত আৰম্ভ হ'ব লগা এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিব 200 হাই-প্ৰফাইল ব্যক্তিয়ে ৷

এই উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 32 ছেকেণ্ডৰ সময়ত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ ৰাম জন্মভূমি আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা জ্যেষ্ঠ বিজেপি আৰু আৰএছএছ নেতাসকল এই উৎসৱত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

মন্দিৰ নিৰ্মাণকাৰ্য চিহ্নিত কৰিবৰ বাবে 'দিপোৎসৱ'ৰ আয়োজন

দেৱালী উপলক্ষ্যে যোৱাবাৰ সৰায়ু নদীৰ পাৰত 6 লাখ চাকি জ্বলাই অযোধ্যাই গ্ৰীনিজ বুক অৱ ওৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছিল ৷ এইবাৰো অযোধ্যাই বিশাল দিপোৎসৱ পালনৰ বাবে সাজু হৈছে ৷

PMO লৈ উপস্থিত থাকিবলগা ব্যক্তিৰ তালিকা প্ৰেৰণ কৰিছে মন্দিৰ ট্ৰাষ্টে

শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ উপস্থিত থাকিবলগা ব্যক্তিৰ চূড়ান্ত তালিকা প্ৰেৰণ কৰিছে ৷ বৰ্তমানলৈকে এই লোকসকলৰ নাম প্ৰকাশ কৰা নাই ৷

200 লোকৰ বাবে সৰ্বসন্মতি

ভূমিপূজনৰ বাবে মন্দিৰ ট্ৰাষ্টে 268 জন লোকৰ তালিকা প্ৰস্তুত কৰিছিল যদিও সৰ্বসন্মতিৰ পাচত উপস্থিত লোকৰ সংখ্যা 200 লৈ হ্ৰাস কৰা হয় ৷ এটা ব্লকত 50 জনকৈ লোক বহিব পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এটা ব্লকত বহিব দেশৰ শীৰ্ষ সাধু, সন্ত আৰু মহন্তসকলে, আনহাতে আন এটা ব্লকত বহিব ৰাম মন্দিৰ আন্দোলনত জড়িত থকা শীৰ্ষ নেতাসকল ৷ এটা ব্লকত থাকিব উদ্যোগপতি, জ্যেষ্ঠ আমোলাতন্ত্ৰ আৰু অন্যান্য ব্যক্তিসকল ৷ এই উৎসৱত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব ৷

দূৰদৰ্শনৰ জৰিয়তে উৎসৱৰ লাইভ প্ৰচাৰ কৰা হ'ব

কৰ'ণা মহামাৰীৰ বাবে এই উৎসৱত অতি কম সংখ্যক লোকক নিমন্ত্ৰণ জনোৱা হৈছে ৷ সেয়েহে মন্দিৰ ট্ৰাষ্টে সমগ্ৰ উৎসৱ দূৰদৰ্শনৰ জৰিয়তে লাইভ প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰ ফলত সকলোৱে উৎসৱটো উপভোগ কৰিব পাৰিব ৷ আনহাতে, গুৰুত্বপূৰ্ণ চহৰসমূহত ডাঙৰ স্ক্ৰীনত সকলোৱে চাব পাৰিব উৎসৱৰ কাৰ্যসূচী ৷

32 ছেকেণ্ডত ৰূপৰ ইটাৰে আধাৰশিলা স্থাপন কৰা হ'ব

জ্যোতিষীয়ে 5 আগষ্টত ভূমিপূজনৰ বাবে 12:15:15 ৰ পৰা 12:15:32 সময় ধাৰ্য কৰিছে ৷ এই 32 ছেকেণ্ডৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ৰূপৰ ইটাৰে আধাৰশিলা স্থাপন কৰিব ৷

প্ৰধানমন্ত্ৰীৰ মোডীৰ উপস্থিতিৰ পূৰ্বে অন্য নিয়মসমূহ পালন কৰা হ'ব

প্ৰধানমন্ত্ৰী মোডী ভূমি পূজনত দিনৰ 11.30 বজাত উপস্থিত হ'ব ৷ তেওঁৰ উপস্থিতিৰ পূৰ্বেই অন্যান্য নিয়মসমূহ পালন কৰা হ'ব ৷ উৎসৱৰ পাচত, প্ৰধানমন্ত্ৰী মোডীয়ে পৌৰাণিক হনুমান মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা আগবঢ়াব ৷ এই মন্দিৰ শ্ৰী ৰাম মন্দিৰৰ চৌহদতে অৱস্থিত ৷ ইয়াৰ পৰাই তেওঁ পোনপটীয়াকৈ বিমানবন্দৰলৈ ঢাপলি মেলিব ৷

ছাকেট কলেজত হেলিপেডৰ ব্যৱস্থা

প্ৰধানমন্ত্ৰী মোডীৰ বাবে ছাকেট কলেজত বিশেষ হেলিপেডৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ পৰাই তেওঁ ৰাম জন্মুভূমিৰ স্থানলৈ গমন কৰিব ৷ ৰামায়নৰ বিভিন্ন চৰিত্ৰ বৰ্ণনা কৰিবৰ বাবে তেওঁৰ ভ্ৰমণ পথছোৱা হালধীয়া ৰঙেৰে অঙ্কন কৰি তোলা হৈছে ৷ অযোধ্যা নগৰ নিগমে এই দায়িত্ব পালন কৰা বুলি জানিবলৈ দিয়ে অযোধ্যাৰ তথ্য উপ সঞ্চালক মুৰলিধৰ সিঙে ৷

লগতে পঢ়ক : ৰাফেল যুঁজাৰু বিমানৰ বাবে পাইলট হিচাপে নিয়োগ কৰ্ণাটকৰ উইংগ কামাণ্ডো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.