ETV Bharat / bharat

জনতা কেৱল চৰকাৰী নীতি আৰু সুবিধাভোগী নহয়,ই ৰাষ্ট্ৰৰ মূল চালিকা শক্তি: মোদী

author img

By

Published : Oct 31, 2020, 6:30 PM IST

public is not just beneficiary of govt policies programs but is real driving force says pm modi
জনতা কেৱল চৰকাৰী নীতি আৰু সুবিধাভোগী নহয়,ই ৰাষ্ট্ৰৰ মূল চালিকা শক্তি: মোদী

গুজৰাটৰ একতা মূৰ্তিত চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰু গুজৰাটৰ কেভাদিয়াত "ৰাষ্ট্ৰীয় একতা দিৱস "পালন কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে |

নেশ্য়নেল ডেস্ক,31 অক্টোবৰ: জনতা কেৱল চৰকাৰী নীতি,কৰ্মসূচীৰ সুবিধাভোগী নহয় ৷ ই ৰাষ্ট্ৰৰ মূল চালিকা শক্তি ৷ শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসেৱা বিভাগৰ পৰিদৰ্শকৰ লগত হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, আপোনাৰ শ্ৰেণী কোঠাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ৷ প্ৰতিটো শ্ৰেণীয়ে য়েতিয়া এখন বিশেষ ক্ষেত্ৰত যাব তেতিয়ালৈ ভাৰতে স্বাধীনতাৰ আৰু 25 বছৰ অতিক্ৰম কৰিব ৷ আপোনালোকেই দেশৰ গুৰু দায়িত্বত আছে যিয়ে স্বাধীনতাৰ শততম বৰ্ষ অতিক্ৰম কৰিব ৷ গতিকে আগন্তুক এই 25 বছৰ আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ ৷ আপোনালোকৰ ছাত্ৰই প্ৰশাসনিক বিষয়া হৈ দেশ চলাব ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ কৰি কয় যে,চৰ্দাৰ বল্লভভাই পেটেল দেশৰ প্ৰশাসনিক সেৱাৰ জন্মদাতা ৷ 1947 চনৰ 21 এপ্ৰিলত প্ৰথমবাৰৰ বাবে এটি প্ৰশাসনিক দলৰ জন্ম দিছিল ৷ তেওঁ কৈছিল যে প্ৰশাসনিক সেৱাই দেশৰ "ষ্টীলফ্ৰেম"৷ লগতে প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে দেশৰ সাংবিধানিক ৰক্ষাৰ বাবে একতাৰ প্ৰয়োজন ৷ জাতীয় ভাৱধাৰা সদায় থাকিব লাগে ৷ সদায় দেশৰ জনতাৰ স্বাৰ্থৰ বাবে কাম কৰিব লাগে ৷ দেশৰ উন্নতিৰ বাবে কাম কৰিবৰ সদায় সাজু থাকিব লাগিব ৷ আপোনালোকেই এক নতুন সৰ্বশ্ৰেষ্ঠ আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়িব লাগিব ৷

শনিবাৰে গুজৰাটৰ একতা মূৰ্তিত চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰু গুজৰাটৰ কেভাদিয়াত "ৰাষ্ট্ৰীয় একতা দিৱস " পালন কৰে ৷ তাৰ লগে লগে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ NDRF,MFR,FWR,CRPF য়ে তেওঁলোকৰ বিভিন্ন পাৰদৰ্শিতা দেখুৱাই ৷ দুদিনীয়া গুজৰাট ভ্ৰমণৰ সময়তে "ৰাষ্ট্ৰীয় একতা দিৱস" পালন কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উল্লেখ্যযে,ভাৰতত গণতন্ত্ৰ গঠনৰ বাবে 562 খন ৰাজ্যক একত্ৰিত কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ 1950 চনৰ 15 ডিচেম্বৰত মৃত্যু হয় ৷

লগতে পঢ়ক: একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিবঃ নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.